ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে বুধবাৰে ভাৰতীয় সেনাৰ বিৰুদ্ধে অসত্য দাবী উত্থাপন কৰাৰ বাবে চীন চৰকাৰৰ মুখপত্ৰ গ্ল’বেল টাইমছৰ এক্স হেণ্ডেল বন্ধ কৰি দিয়ে । গ্ল’বেল টাইমছৰ বিৰুদ্ধে এই কার্যৰ পাছতে ভাৰতে চীনৰ চৰকাৰী সংবাদ সংস্থা জিনহুয়াৰ ওপৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷
চীনৰ সংবাদ সংস্থাই ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ অপপ্ৰচাৰ চলাইছিল বুলি কৈ ভাৰত চৰকাৰে জিনহুয়া (Xinhua) একাউণ্টটো ব্লক কৰিছে ।
গ্ল’বেল টাইমছৰ একাউণ্ট ব্লক কৰাৰ পূৰ্বে ভাৰতে মিছা আৰু বিভ্ৰান্তিকৰ বাতৰি চলাব নালাগে, কিন্তু পুংখানুপুংখ তদন্তৰ অন্ততহে বাতৰি প্ৰকাশ কৰিবলৈ সকীয়াই দিছিল । প্ৰকৃততে চীনৰ কাকতখনে ভাৰতৰ অপাৰেচন সিন্দুৰ সন্দৰ্ভত বিভ্ৰান্তিকৰ খবৰ চলাই আছিল ।
এই সন্দৰ্ভত চীনত থকা ভাৰতীয় দূতাবাসে টুইটাৰত এটা পোষ্টত কয়, ‘প্ৰিয় গ্ল’বেল টাইমছ, আমি আপোনালোকক পৰামৰ্শ দিছো যে এনে ভুল তথ্য বিয়পোৱাৰ পূৰ্বে তথ্যসমূহ পৰীক্ষা কৰি আপোনালোকৰ উৎসৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰক ।’
দূতাবাসে আৰু কয়, ‘পাকিস্তানৰ সমৰ্থক বহু এক্স হেণ্ডলে অপাৰেচন সিন্দুৰ সম্পৰ্কত ভিত্তিহীন দাবী উত্থাপন কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে । যেতিয়া সংবাদ মাধ্যমে উৎস পৰীক্ষা নকৰাকৈয়ে এনে তথ্য শ্বেয়াৰ কৰে, তেতিয়া ই দায়িত্ব আৰু সাংবাদিকতাৰ নৈতিকতাৰ গুৰুতৰ ভুল প্ৰতিফলিত কৰে ।’
পাকিস্তানে কৰা ভুৱা দাবীৰ ভিত্তিত গ্ল’বেল টাইমছে প্ৰকাশ কৰিছিল বাতৰি-
পাকিস্তানী বায়ুসেনাৰ ভুৱা দাবীৰ ভিত্তিত গ্ল’বেল টাইমছে এই বাতৰি চলাইছিল । ভাৰতীয় দূতাবাসে প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৰ এটা তথ্য পৰীক্ষা পোষ্টৰ উদ্ধৃতি দি পাকিস্তান সমৰ্থক হেণ্ডেলৰ দ্বাৰা প্ৰচাৰিত ভুল তথ্য উন্মোচন কৰে ।
পি আই বিৰ ফেক্ট চেক পোষ্টত কোৱা হৈছিল, ‘পাকিস্তানৰ সমৰ্থক হেণ্ডেলসমূহে বৰ্তমানৰ প্ৰেক্ষাপটত পুৰণি ফটোৰ অপব্যৱহাৰ কৰিছে । এইবোৰৰ পৰা সাৱধান হওক । এখন পুৰণি ফটো, য’ত এখন দুৰ্ঘটনাগ্ৰস্ত বিমান দেখুওৱা হৈছে, য’ত প্ৰচাৰ কৰা হৈছে যে পাকিস্তানে অপাৰেচন সিন্দুৰৰ সময়ত বাহাৱালপুৰৰ সমীপত ভাৰতীয় ৰাফেল জেট বিমানখন ভূপতিত কৰিছে ।‘
পোষ্টটোত আৰু কোৱা হৈছে যে, ‘এই ছবিখন ২০২১ চনত পঞ্জাৱৰ মোগা জিলাত ভাৰতীয় বায়ুসেনাৰ মিগ-২১ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পুৰণি ঘটনাৰ ।’ ভাৰতীয় দূতাবাসে ইয়াক দায়িত্বহীন আৰু সাংবাদিকতাৰ নিয়মৰ বিৰুদ্ধে আখ্যা দিছিল । ইয়াৰ পিছতে দূতাবাসে গ্ল’বেল টাইমছক সকীয়াই দিয়ে যে এনে ভুৱা খবৰৰ ওপৰত চকু ৰাখিব আৰু প্ৰয়োজন হ’লে ব্যৱস্থা গ্ৰহণ কৰিব ।