ভাৰতৰ সৈতে আফগানিস্তানৰ ক্ৰমবৰ্ধমান ঘনিষ্ঠতাৰ পৰিপ্ৰেক্ষিতত চীনে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে।পাকিস্তান আৰু তালিবানৰ সৈতে পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰি চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (CPEC) আফগানিস্তানলৈ সম্প্ৰসাৰণ কৰিবলৈ সন্মত হৈছে।
চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে বেইজিঙত পাকিস্তান আৰু আফগানিস্তানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ অন্তত চিপিইচি সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে।
বেইজিঙত পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছাক দাৰ, চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ি আৰু আফগানিস্তানৰ ভাৰপ্ৰাপ্ত বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তকীয়ে নিজ নিজ দেশৰ বাণিজ্য, আন্তঃগাঁথনি আৰু উন্নয়নৰ প্ৰসাৰৰ বিষয়ে আলোচনা কৰে।
বৈঠকৰ অন্তত ইছহাক দাৰে এক্সত পোষ্ট কৰি লিখিছে, আঞ্চলিক শান্তি, স্থিতিশীলতা আৰু উন্নয়নৰ বাবে পাকিস্তান, চীন আৰু আফগানিস্তানে একেলগে থিয় দিছে।’
ভাৰতে চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ যিকোনো তৃতীয় দেশলৈ সম্প্ৰসাৰণৰ ক্ষেত্ৰত আপত্তি প্ৰকাশ কৰিছিল।ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে যোৱা বছৰ কৈছিল যে চিপিইচি প্ৰকল্পত অংশগ্ৰহণ কৰা দেশসমূহে জম্মু-কাশ্মীৰত ভাৰতৰ ভূখণ্ড উলংঘা কৰিব।
ভাৰত আৰু আফগানিস্তান ইখন দেশে সিখন দেশৰ ওচৰ চাপিব পাৰে বুলি চীনে আশংকা কৰিছে। শেহতীয়াকৈ আফগানিস্তানে চাবাহাৰ বন্দৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে।
ইৰাণৰ সহযোগত ভাৰতে এই বন্দৰটো বিকশিত কৰিছে। এই কাৰণতে চীনে এই পদক্ষেপ গ্ৰহণ কৰিছে।আফগানিস্তানত তালিবান চৰকাৰক স্বীকৃতি দিয়া দেশসমূহৰ ভিতৰত চীন আগৰণুৱা আছিল।
যেতিয়া তালিবানৰ সৈতে ভাৰতৰ সম্পৰ্ক উন্নত হ’বলৈ ধৰিলে, তেতিয়া চীনে পুনৰ আফগানিস্তানৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰিলে।
চিপিইচিৰ এটা অংশ পাকিস্তান দখল কৰা কাশ্মীৰ (POK)ৰ মাজেৰে পাৰ হৈ যায়, যাৰ প্ৰতি ভাৰতে আপত্তি কৰিছে।ভাৰতে ইয়াক নিজৰ সাৰ্বভৌমত্ব উলংঘা বুলি গণ্য কৰে।
এই কাৰণতে ভাৰতে চীনৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভত যোগদান কৰিবলৈ অস্বীকাৰ কৰিছিল। এইটো প্ৰায় ৬০ বিলিয়ন ডলাৰৰ প্ৰকল্প।