ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ চেতেশ্বৰ পূজাৰাৰ
ভাৰতীয় দলৰ প্ৰবীণ বেটছমেন চেতেশ্বৰ পূজাৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। টিম ইণ্ডিয়াৰ পৰা দীৰ্ঘদিন ধৰি বাহিৰত থকাৰ পিছত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে।
খেলুৱৈ গৰাকীয়ে ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰি পুনৰ প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাইছিল যদিও নিৰ্বাচকসকলে নতুন খেলুৱৈক সুযোগ দিয়াৰ সিদ্ধান্ত লয়।
পূজাৰাই শেষবাৰৰ বাবে ২০২৩ চনত অ’ভেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত খেলিছিল।ইয়াৰ পিছত তেওঁ কেতিয়াও দলত স্থান নাপালে আৰু অৱশেষত তেওঁ অৱসৰ লোৱাৰ সিদ্ধান্ত লয়।

ভাৰতীয় ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে চেতেশ্বৰ পূজাৰাই।আৱেগিক বাৰ্তা দি তেওঁ কয় যে ভাৰতীয় জাৰ্চি পিন্ধি, জাতীয় সংগীত গোৱা আৰু খেলপথাৰত প্ৰতিবাৰেই মোৰ শ্ৰেষ্ঠখিনি দিয়াটো আছিল শব্দৰে বৰ্ণনা কৰিব নোৱাৰা এক অভিজ্ঞতা।
অনুৰাগীসকলক তেওঁলোকৰ অবিৰত মৰম আৰু সমৰ্থনৰ বাবে ধন্যবাদ জনাই পূজাৰাই কয় যে তেওঁ এই অধ্যায়টো বন্ধ কৰি দিছে।
এক দশকৰো অধিক সময় ভাৰতৰ টেষ্ট দলৰ স্তম্ভ হিচাপে পৰিগণিত পূজাৰাৰ শিলৰ দৰে কঠিন বেটিঙে তেওঁক নিজৰ প্ৰজন্মৰ অন্যতম নিৰ্ভৰযোগ্য বেটছমেন হিচাপে গঢ়ি তুলিছিল।
লগতে পঢ়ক: এদিনীয়া বিশ্বকাপ ২০২৭ৰ বাবে ডাঙৰ ঘোষণা… ক’ত ক’ত অনুষ্ঠিত হ’ব মেচ ?