‘সপোন বাস্তৱায়িত হৈছে, কোনো আক্ষেপ নাই…’; অৱসৰৰ পিছত চেতেশ্বৰ পূজাৰাৰ প্ৰতিক্ৰিয়া

অৱসৰৰ পিছত চেতেশ্বৰ পূজাৰাৰ প্ৰতিক্ৰিয়া

ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি বেটছমেন চেতেশ্বৰ পূজাৰাই ২৪ আগষ্টত ক্ৰিকেতৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।

বিদায় লোৱাৰ পিছত এটা সাক্ষাৎকাৰত ৩৭ বছৰীয়া পূজাৰাই অৱসৰ লোৱাৰ বাবে কোনো আক্ষেপ নাই বুলি কয়। পূজাৰাৰ মতে এয়া তেওঁৰ বাবে গৌৰৱৰ মুহূৰ্ত কাৰণ তেওঁৰ দেশৰ হৈ খেলাৰ সপোন পূৰণ হৈছে।

চেতেশ্বৰ পূজাৰাই কয়, ‘মই এই বিষয়ে বিশেষ চিন্তা কৰা নাছিলো, কিন্তু যোৱা এসপ্তাহ ধৰি এই বিষয়ে চিন্তা কৰি আছিলো। মই অনুভৱ কৰিলোঁ যে এইটোৱেই সঠিক সময়’।

‘আজি যেতিয়া মই এই সিদ্ধান্ত লৈছিলো তেতিয়া মোৰ আৰু মোৰ পৰিয়ালৰ বাবে অতি গৌৰৱৰ মুহূৰ্ত আছিল। মোৰ সতীৰ্থ, প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীসকলক ধন্যবাদ জনাইছো’।

‘ ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰাটো এটা গৌৰৱৰ মুহূৰ্ত আছিল। সৰুতে ভাৰতীয় দলৰ হৈ খেলাৰ সপোন দেখিছিলো। এই সপোন বাস্তৱায়িত হ’ল আৰু মই ইমান বছৰ ধৰি এই জাৰ্চি পিন্ধি আছিলো।’

তেওঁ আৰু কয় যে, ‘আমি একেলগে যেনেদৰে খেলিছিলো সেয়া যথেষ্ট স্মৰণীয়। সেই সময়ছোৱাত দলটোৰ প্ৰদৰ্শনো আছিল উৎকৃষ্ট। আহি থকা যুৱ খেলুৱৈসকলে সুন্দৰ প্ৰদৰ্শন কৰিছে’।

‘ ভৱিষ্যতেও যুৱ খেলুৱৈসকলে তিনিওটা ফৰ্মেটতে হেঁচা চম্ভালিব পাৰিব বুলি আশা কৰা হৈছে। আই পি এলৰ বাবেই বহু খেলুৱৈয়ে বগা বল ক্ৰিকেটলৈ আহি আছে, তেওঁলোকে টেষ্টতো ভাল প্ৰদৰ্শন কৰিছে’।

‘ সেয়েহে ভৱিষ্যতো ভাল হাতত আছে। আশা কৰো ভাৰতীয় দলৰ প্ৰদৰ্শন সদায় একেই থাকিব।এই সময়ছোৱাৰ বহু স্মৰণীয় মুহূৰ্ত জীৱনলৈ থাকি যাব’।

লগতে পঢ়ক:ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ চেতেশ্বৰ পূজাৰাৰ;আৱেগিক পোষ্ট দি কৰিলে ঘোষণা

ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ চেতেশ্বৰ পূজাৰাৰ;আৱেগিক পোষ্ট দি কৰিলে ঘোষণা

ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ চেতেশ্বৰ পূজাৰাৰ

ভাৰতীয় দলৰ প্ৰবীণ বেটছমেন চেতেশ্বৰ পূজাৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। টিম ইণ্ডিয়াৰ পৰা দীৰ্ঘদিন ধৰি বাহিৰত থকাৰ পিছত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে।

খেলুৱৈ গৰাকীয়ে ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰি পুনৰ প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাইছিল যদিও নিৰ্বাচকসকলে নতুন খেলুৱৈক সুযোগ দিয়াৰ সিদ্ধান্ত লয়।

পূজাৰাই শেষবাৰৰ বাবে ২০২৩ চনত অ’ভেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত খেলিছিল।ইয়াৰ পিছত তেওঁ কেতিয়াও দলত স্থান নাপালে আৰু অৱশেষত তেওঁ অৱসৰ লোৱাৰ সিদ্ধান্ত লয়।

ভাৰতীয় ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে চেতেশ্বৰ পূজাৰাই।আৱেগিক বাৰ্তা দি তেওঁ কয় যে ভাৰতীয় জাৰ্চি পিন্ধি, জাতীয় সংগীত গোৱা আৰু খেলপথাৰত প্ৰতিবাৰেই মোৰ শ্ৰেষ্ঠখিনি দিয়াটো আছিল শব্দৰে বৰ্ণনা কৰিব নোৱাৰা এক অভিজ্ঞতা।

অনুৰাগীসকলক তেওঁলোকৰ অবিৰত মৰম আৰু সমৰ্থনৰ বাবে ধন্যবাদ জনাই পূজাৰাই কয় যে তেওঁ এই অধ্যায়টো বন্ধ কৰি দিছে।

এক দশকৰো অধিক সময় ভাৰতৰ টেষ্ট দলৰ স্তম্ভ হিচাপে পৰিগণিত পূজাৰাৰ শিলৰ দৰে কঠিন বেটিঙে তেওঁক নিজৰ প্ৰজন্মৰ অন্যতম নিৰ্ভৰযোগ্য বেটছমেন হিচাপে গঢ়ি তুলিছিল।

লগতে পঢ়ক: এদিনীয়া বিশ্বকাপ ২০২৭ৰ বাবে ডাঙৰ ঘোষণা… ক’ত ক’ত অনুষ্ঠিত হ’ব মেচ ?