১২ বছৰৰ পিছত ঘূৰি আহিছে চেম্পিয়নছ লীগ
চেম্পিয়নছ লীগ টি-২০ প্ৰতিযোগিতা শেষবাৰৰ বাবে ২০১৪ চনত অনুষ্ঠিত হৈছিল, য’ত চেন্নাই ছুপাৰ কিংছে খিতাপ দখল কৰিছিল । এতিয়া ১২ বছৰৰ পাছত চেম্পিয়নছ লীগ ঘূৰি আহিব । ক্ৰিকবাজৰ মতে, শেহতীয়াকৈ সমাপ্ত হোৱা আই চি চিৰ বাৰ্ষিক সন্মিলনত চেম্পিয়নছ লীগৰ প্ৰত্যাৱৰ্তনত অনুমোদন লাভ কৰিছে । বিভিন্ন দেশৰ ঘৰুৱা টি-২০ ফ্ৰেঞ্চাইজি লীগত খেলা দলসমূহে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । সকলো ঠিকে থাকিলে অহা বছৰ এই লীগৰ আয়োজন কৰা হ’ব পাৰে ।
খবৰ অনুসৰি অতি শীঘ্ৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ব’ৰ্ড বৈঠকত মিলিত হৈ এই প্ৰৰতিযোগিতাৰ ৰূপৰেখা প্ৰস্তুত কৰিব পাৰে । বিভিন্ন দেশৰ ফ্ৰেঞ্চাইজি লীগৰ দলসমূহক একত্ৰিত কৰাটো অতি জটিল কাম হ’ব পাৰে, গতিকে আগৰ দৰেইএই লীগ চলাবলৈ এটা সুকীয়া ব’ৰ্ড বা গভৰ্নিং কাউন্সিল গঠন কৰিব কৰা হ’ব পাৰে ।
চেম্পিয়নছ লীগ আয়োজনৰ আন এটা ডাঙৰ প্ৰত্যাহ্বান হ’ব পাৰে প্ৰতিযোগিতাখন কিমান পৰিসৰত আয়োজন কৰা হ’ব । বিগত ১০ বছৰত টি-২০ ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ ফৰ্মেট সলনি হৈছে, কাৰণ আমেৰিকা, নেপাল, কানাডা আৰু ইউ এ ইৰ দৰে সহযোগী দেশসমূহেও নিজাকৈ ফ্ৰেঞ্চাইজি লীগ চলাই আছে । সম্প্ৰতি আই পি এল, দ্য হাণ্ড্ৰেড, বিগ বেছকে ধৰি ১১খন ক্ৰিকেট লীগে সমগ্ৰ বিশ্বতে চৰ্চাৰ সৃষ্টি কৰিছে । এইবোৰৰ বাহিৰেও বিভিন্ন দেশে নিজাকৈ লীগ আৰম্ভ কৰিছে ।
বছৰৰ কোন সময়ত চেম্পিয়নছ টি-২০ লীগ আয়োজন কৰা হ’ব, এইটোও এটা ডাঙৰ প্ৰশ্ন । মাৰ্চ-মে’ মাহৰ ভিতৰত আই পি এল আয়োজন কৰা হয়, আনহাতে এতিয়া ক্ৰিকেটৰ সূচী এনেকুৱা যে প্ৰায় প্ৰতি বছৰে কোনোবা নহয় কোনোবা আই চি চি প্ৰতিযোগিতা অনুষ্ঠিত হয় । যদি অহা বছৰ চেম্পিয়নছ লীগ ঘূৰি আহে, তেন্তে ফেব্ৰুৱাৰী-মাৰ্চৰ ভিতৰত ২০২৬ চনৰ টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব, তাৰ পিছত আৰম্ভ হ’ব আই পি এল । আনহাতে, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবেও এটা সূচী থাকিব, এনে পৰিস্থিতিত চেম্পিয়নছ লীগ আয়োজন কৰিবলৈ উপযুক্ত সময় বাছি লোৱাটোও অতি কঠিন কাম হ’ব ।
লগতে পঢ়ক : মানচেষ্টাৰ ইউনাইটেডৰ ফুটবল খেলুৱৈক সাক্ষাৎ গীল বাহিনীৰ; গম্ভীৰ-ৰুবেনো উপস্থিত