উত্তৰাখণ্ডৰ চামোলীত মাজনিশা ডাৱৰ বিস্ফোৰণ
দেৱভূমি উত্তৰাখণ্ডৰ চামোলী জিলাৰ থাৰালী অঞ্চলত শুকুৰবাৰে মাজনিশা সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে।
এই ডাৱৰ বিস্ফোৰণৰ বাবে থাৰালী চহৰ, আশে-পাশে থকা গাঁও আৰু বজাৰৰ জীৱন ব্যাহত হৈ পৰে।ধাৰাসাৰ বৰষুণ আৰু ধ্বংসাৱশেষৰ ফলত কেইবাটাও ঘৰ-দুৱাৰ, দোকান-পোহাৰ আৰু পথৰ ক্ষতিসাধন হৈছে।প্ৰশাসন আৰু এছডিআৰএফৰ দলসমূহে সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে।
এই ঘটনাৰ সৰ্বোচ্চ প্ৰভাৱ থাৰালী বজাৰ, কোটদীপ আৰু তহচিল চৌহদত দেখা গৈছে। অঞ্চলটোত শ শ বাসগৃহ এতিয়া ধ্বংসাৱশেষ তলত আছে।
বহু বাহন ধ্বংসাৱশেষৰ তলত পুতি গৈছে। সগোৱাৰা গাঁৱত ধ্বংসাৱশেষৰ তলত পুত যোৱাৰ ফলত এগৰাকী কণমানিৰ মৃত্যু হয়।
এই ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰাৰ লগতে স্থানীয় লোক সকল নিৰাপদ স্থানলৈ ঢাপলি মেলিছে।লগে লগে আৰক্ষী আৰু প্ৰশাসনৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।
লগতে পঢ়ক: ‘বিহাৰ চাণক্য-চন্দ্ৰগুপ্তৰ ভূমি,সংকল্প অসাৰ নাযাব’;প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য