থাইলেণ্ডৰ F-16 যুদ্ধ বিমান ধ্বংস
থাইলেণ্ড আৰু কম্বোডিয়াৰ সীমান্তত তীব্ৰ যুদ্ধ অব্যাহত আছে।এই পৰ্যন্ত দুয়োপক্ষৰ মাজত চলি থকা সংঘাতত ৯ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।
ইফালে কম্বোডিয়াৰ ৰকেট আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই থাইলেণ্ডে F-16 যুঁজাৰু বিমানেৰে ফ্নম পেনত আক্ৰমণ কৰিছে।
থাইলেণ্ডে বৃহস্পতিবাৰে কম্বোডিয়াক ছখন F-16 যুঁজাৰু বিমানেৰে আক্ৰমণ কৰে।এই সময়ছোৱাত কম্বোডিয়াই থাইলেণ্ডৰ এখন যুদ্ধ বিমান ধ্বংস কৰিছে।
কম্বোডিয়াৰ টা মুয়েন থম মন্দিৰ, টা ক্ৰাবেই মন্দিৰ, মম বেই অঞ্চল আৰু প্ৰেহ ভিহেয়াৰ মন্দিৰৰ আশে-পাশে আক্ৰমণ সংঘটিত হৈছে।ৰাতিপুৱাৰ পৰা দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হৈছে।
এই স্থানসমূহ সংঘাতৰ মূল বিন্দু হিচাপে চিনাক্ত কৰা হৈছে। কম্বোডিয়াৰ নেতৃত্বই কয় থাই সেনাই আক্ৰমণ আৰম্ভ কৰিছিল, যিটো তেওঁলোকে ঘোষণা কৰা “চাকপং ফুলনাট সামৰিক কৌশল”ৰ অধীনত আৰম্ভ কৰা প্ৰথমটো বৃহৎ আক্ৰমণ।
প্ৰধানমন্ত্ৰী হুন মানেটে কয় যে থাইলেণ্ডৰ বাহিনীয়ে অ’ডাৰ মেয়ানচেই প্ৰদেশত কম্বোডিয়াৰ সেনাৰ চকীত আক্ৰমণ চলাইছিল আৰু তাৰ পিছত আক্ৰমণটো মম বেই অঞ্চললৈকে সম্প্ৰসাৰিত কৰিলে।
“কম্বোডিয়াই সদায় শান্তিৰ জৰিয়তে সমস্যা সমাধানৰ পক্ষত আছে, কিন্তু এইবাৰ আমাৰ হাতত বলপূৰ্বক সঁহাৰি দিয়াৰ বাহিৰে আন কোনো বিকল্প নাছিল।
প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে কম্বোডিয়া চৰকাৰ, সেনা আৰু প্ৰশাসনে সম্পূৰ্ণ শক্তিৰে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা ৰক্ষাৰ কামত নিয়োজিত।
ইয়াৰ উপৰিও থাইলেণ্ডৰ আক্ৰমণত ক্ষতিগ্ৰস্ত সাধাৰণ নাগৰিকক সহায় আগবঢ়োৱা হৈছে।
থাইলেণ্ডৰ আক্ৰমণৰ পিছত কম্বোডিয়াৰ প্ৰধানমন্ত্ৰী হুন চেনে নাগৰিকসকলক আতংকিত হোৱা, মজুত ৰখা বা মূল্য বৃদ্ধিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।
লগতে পঢ়ক: ৫০ জন যাত্ৰী কঢ়িয়াই নিয়া বিমান নিৰুদ্দেশ, চীন সীমান্তৰ সমীপত হৈছিল যোগাযোগ বিচ্ছিন্ন