কম্বোডিয়াৰ তাৎক্ষণিক যুদ্ধবিৰতিৰ দাবী
থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত সীমা বিবাদে বিপদজনক ৰূপ ধাৰণ কৰিছে আৰু ২৭ জন লোকৰ মৃত্যু হৈছে।
এতিয়ালৈকে কম্বোডিয়াতবিমান, আৰ্টিলাৰী আৰু স্থল সৈন্যৰ সৈতে চলি থকা হিংসাত্মক সংঘৰ্ষত ১৫ জন লোকৰ মৃত্যু হৈছে আৰু বৃহৎ সংখ্যক লোকে প্ৰব্ৰজন কৰিবলগীয়া হৈছে।
ইফালে, থাইলেণ্ডৰ স্বাস্থ্যমন্ত্ৰীয়ে জনোৱা মতে, এই সংঘাতত এতিয়ালৈকে ১২ জন থাইলেণ্ডৰ নাগৰিকৰো মৃত্যু হৈছে।
এই তীব্ৰ সংঘাতৰ মাজতে কম্বোডিয়াই শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকৰ পিছত তাৎক্ষণিকভাৱে বিনাচৰ্ত যুদ্ধবিৰতিৰ বাবে আবেদন জনায়।
ৰাষ্ট্ৰসংঘত কম্বোডিয়াৰ ৰাষ্ট্ৰদূত চিয়া কেওৱে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কয় যে, “কম্বোডিয়াই তাৎক্ষণিকভাৱে বিনা চৰ্তত এই বিৰতিৰ আহ্বান জনাইছে, আৰু আমি বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ বাবেও আহ্বান জনাইছো।”
চেয়া কিয়’ৱে থাইলেণ্ডৰ এই দাবীকো নাকচ কৰে য’ত কোৱা হৈছিল যে এই সংঘাতৰ আগ্ৰাসী আছিল কম্বোডিয়া। তেখেতে প্ৰশ্ন কৰে, “কম্বোডিয়াৰ দৰে সৰু চুবুৰীয়াই থাইলেণ্ডৰ দৰে সামৰিক শক্তিক কেনেকৈ আক্ৰমণ কৰিব পাৰে?”
তেওঁ আৰু কয় যে নিৰাপত্তা পৰিষদে দুয়োপক্ষকে ‘সৰ্বোচ্চ সংযম দেখুৱাবলৈ আৰু কূটনৈতিক সমাধানৰ আশ্ৰয় লোৱা’ৰ আহ্বান জনাইছে, “আমিও একে দাবী কৰিছো।”
একে সময়তে থাইলেণ্ডে এই বিবাদ সমাধানৰ বাবে তৃতীয় পক্ষৰ কোনো মধ্যস্থতা সম্পূৰ্ণৰূপে নাকচ কৰিছে আৰু ইয়াৰ পৰিৱৰ্তে দ্বিপাক্ষিক আলোচনাত গুৰুত্ব দিছে।
লগতে পঢ়ক: থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত তীব্ৰ হৈছে যুদ্ধ; থাইলেণ্ডৰ F-16 যুদ্ধ বিমান ধ্বংস