শনিবাৰে জম্মুৰ আৰ এছ পুৰা খণ্ডত পাকিস্তানে কৰা প্ৰচণ্ড গোলাবৰ্ষণত সীমান্ত সুৰক্ষা বাহিনী তথা বি এছ এফৰ ৮ জন জোৱান আহত হয় । ইয়াৰে এজন উপ-পৰিদৰ্শক মহম্মদ ইমতিয়াজ শ্বহীদ হৈছে । আন সাতজন জোৱানৰ চিকিৎসা এতিয়াও চলি আছে । মহম্মদ ইমতিয়াজক প্ৰণাম জনাই বি এছ এফে কয় যে সীমান্ত চকী নেতৃত্ব দিয়াৰ সময়ত তেওঁ সন্মুখৰ পৰা সাহসেৰে নেতৃত্ব দিছিল । DG BSF আৰু সকলো ৰেংকে শ্বহীদগৰাকীৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । দেওবাৰে ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় জম্মুত শ্বহীদগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব ।
পাকিস্তানৰ কাপুৰুষালি-
উল্লেখ্য যে, সীমান্তৰ সিপাৰে অব্যাহত আছে পাকিস্তানৰ কাপুৰুষালি । এইবাৰ পাকিস্তানে অন্যধৰণে কাপুৰুষোচিত আক্ৰমণ আৰম্ভ কৰিছে । ইয়াৰ পূৰ্বে পাকিস্তানৰ আক্ৰমণ সীমান্ত অঞ্চলত সীমাবদ্ধ আছিল যদিও এইবাৰ চহৰৰ আৱাসিক অঞ্চলত অধিক গুৰুত্ব দিছে । ব্ৰিগেডিয়াৰ হৰচৰণ সিঙে (অৱসৰপ্ৰাপ্ত) কয় যে যুদ্ধৰ এই পৰিৱৰ্তনে পাকিস্তানৰ হতাশাৰ পৰিচয় দিয়ে ।
We salute the supreme sacrifice made by BSF #Braveheart Sub Inspector Md Imteyaz in service of the nation on 10 May 2025 during cross border firing along the International Boundary in R S Pura area, District Jammu.
— BSF JAMMU (@bsf_jammu) May 10, 2025
While leading a BSF border out post, he gallantly led from the… pic.twitter.com/crXeVFSgUZ
শনিবাৰে বিয়লি ভাৰতৰ সন্মুখত তিষ্ঠিব নোৱাৰি পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মত হৈছিল যদিও এই সিদ্ধান্তৰ চাৰি ঘন্টা পাৰ নহৌতেই পুনৰ যুদ্ধবিৰতি উলংঘা কৰে দেশখনে । যুদ্ধবিৰতি উলংঘা কৰি বৰ্তমান পাকিস্তানে কেইবাটাও প্ৰান্তত পুনৰ গোলাবৰ্ষণ কৰাৰ লগতে ড্ৰোন আক্ৰমণ চলাইছে । ইতিমধ্যে ভাৰতীয় সেনাবাহিনীয়েও পাকিস্তানৰ এই আক্ৰমণৰ উচুত প্ৰত্যুত্তৰ দিছে ।