পাকিস্তানে ভাৰতৰ বি এছ এফৰ জোৱান পূৰ্ণম কুমাৰ শ্ব’ক ঘূৰাই দিছে । পাকিস্তানী ৰেঞ্জাৰে আট্টাৰী ৱাগাহ সীমান্তৰ মাজেৰে বি এছ এফৰ কনিষ্টবলজনক দেশলৈ উভতাই পঠিয়াইছে । বিগত বিশ দিন তেওঁ পাকিস্তানৰ জিম্মাত আছিল । পুৱা ১০:৩০ বজাত স্বদেশলৈ উভতি আহে কনিষ্টবল পূৰ্ণম কুমাৰ । ইতিমধ্যে জোলানজনক সোধ-পোছ অব্যাহত আছে ।
কেনেকৈ পাকিস্তানৰ হাতত বন্দী হ’ল পূৰ্ণম কুমাৰ ?
ভুলবশতঃ আন্তৰ্জাতিক সীমান্ত পাৰ হৈ পূৰ্ণম কুমাৰ পাকিস্তানত উপস্থিত হোৱাৰ পিছতে তেওঁক পাকিস্তান ৰেঞ্জাৰে জিম্মাত লয় । তেওঁ পঞ্জাৱৰ ফিৰোজপুৰ ছেক্টৰত পোষ্ট আছিল । ভাৰতে ৭ মে’ত ‘অপাৰেচন সিন্দুৰ’ৰ অধীনত সন্ত্ৰাসবাদী আত্মগোপন স্থানত নিখুঁত আক্ৰমণ চলাইছিল । ইয়াৰ পিছতে পাকিস্তানে ভাৰতৰ কেইবাটাও স্থানক লক্ষ্য কৰি ব্যৰ্থ আক্ৰমণ চলাই । যাৰ ফলত দুয়ো দেশৰ মাজত উত্তেজনা বৃদ্ধি পায় । এনে পৰিস্থিতিত পূৰ্ণমৰ পৰিয়ালৰ চিন্তা বৃদ্ধি পাই ।
ডি জি এম অ’ৰ সৈতে হোৱা আলোচনাত পূৰ্ণম কুমাৰৰ বিষয়টো উত্থাপন হ’ব বুলি আশা প্ৰকাশ কৰিছিল পূৰ্ণম কুমাৰৰ পত্নী ৰজনীয়ে । তেওঁ কৈছিল, ‘যেতিয়া ৩ মে’ত ভাৰতীয় সেনাই ৰাজস্থানত এজন পাকিস্তানী ৰেঞ্জাৰক আটক কৰি ৰাখিছিল, তেতিয়া এনে লাগিছিল যে হয়তো মোৰ স্বামীকো মুকলি কৰি দিয়া হ’ব । কিন্তু এনে নহ’ল । এতিয়া ডি জি এম অ’ৰ আলোচনাৰ পৰা নতুন আশাৰ সৃষ্টি হৈছে ।
ৰজনীয়ে লগতে কয় যে দেওবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁক ফোন কৰি সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে । মুখ্যমন্ত্রীয়ে শহুৰেকৰ বাবে চিকিৎসা সাহায্যৰ কথাও উল্লেখ কৰে ৷