প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ
গুজৰাটৰ বদোদৰা জিলাত বুধবাৰে পুৱা চাৰি দশক পুৰণি এখন দলঙৰ এটা অংশ ভাঙি বহু কেইখন বাহন নদীত বাগৰি পৰে । এই ঘটনাত ৯ জন লোকৰ মৃত্যু হয় । উদ্ধাৰকাৰী দলে আন ৬ জনক উদ্ধাৰ কৰে । বৰ্তমানো উদ্ধাৰ অভিযান চলি আছে । বুধবাৰে পুৱা প্ৰায় ৭.৩০ বজাত ভাঙি পৰে দলংখন । উল্লেখযোগ্য যে ৯০০ মিটাৰ দৈৰ্ঘ্যৰ এই গম্ভীৰা দলংখনে বদোদৰা আৰু আনন্দ জিলাক সংযোগ কৰিছে । এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । আনহাতে, দুৰ্ঘটনাটোত নিহতসকলক ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।
বদোদৰাৰ জিলা আয়ুক্তই জনোৱা মতে, স্থানীয় সাঁতোৰবিদ, নাও আৰু পৌৰসভাৰ দলসমূহ ঘটনাৰ পিছতে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয় । জৰুৰীকালীন সঁহাৰি কেন্দ্ৰ, এন ডি আৰ এফৰ দল আৰু অন্যান্য প্ৰশাসনিক আৰু আৰক্ষীৰ দলসমূহ ঘটনাস্থলীত উপস্থিত হয় । উদ্ধাৰ অভিযান চলি আছে । আমি এই পৰ্যন্ত ৯ টা মৃতদেহ উদ্ধাৰ কৰিছো । ৬ জন আহত হৈছে আৰু তেওঁলোকক চিকিৎসা প্ৰদান কৰা হৈছে ।
তেওঁ কয় যে এই দলংখন ১৯৮৫ চনত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ কাম সময়ে সময়ে কৰা হৈছে । এই দুৰ্ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণৰ তদন্ত কৰা হ’ব । মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কাৰিকৰী বিশেষজ্ঞৰ এটা দলক সেই স্থানলৈ প্ৰেৰণ কৰি দলংখন ভাঙি পৰাৰ কাৰণসমূহৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে । প্ৰাথমিক তথ্য অনুসৰি দুখন ট্ৰাক, এখন বলেৰো এছ ইউ ভি আৰু এখন পিকআপ ভানকে ধৰি চাৰিখন বাহন দলংখন পাৰ হোৱা অৱস্থাত হঠাতে ভাঙি মহিসাগৰ নদীত বাগৰি পৰে ।
লগতে পঢ়ক : পাটনাৰ পৰা দিল্লীলৈ অহা ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণ; ১৬৯জন যাত্ৰীৰ হাহাকাৰ