বলীউডত উলহ মালহেৰে উদযাপন ৰাখী বন্ধন
আজি ভাতৃ-ভগ্নীৰ পবিত্ৰ উৎসৱ ৰাখী বন্ধন উদযাপন কৰা হৈছে । বলীউডৰ চেলিব্ৰিটিসকলেও নিজৰ ভাতৃ-ভগ্নীৰ সৈতে ৰাখী বান্ধি এই উৎসৱ উদযাপন কৰিছে । কংগনা ৰানাৱত, ৰাকুল প্ৰীত সিং, পলক তিৱাৰীকে ধৰি বহু বলীউডৰ তাৰকাই ছ’চিয়েল মিডিয়াত তেওঁলোকৰ ৰাখী উদযাপনৰ ছবি শ্বেয়াৰ কৰিছে ।
ছাৰা আলী খান-
ভাতৃ ইব্ৰাহিম আলী খানৰ লগত ৰাখী বান্ধে ছাৰা আলী খানে । ইব্ৰাহিমে ইনষ্টাগ্ৰামত ৰাখী বন্ধনৰ ছবি শ্বেয়াৰ কৰিছে । ইয়াৰ লগতে অভিনেতাগৰাকীয়ে কেপচনত লিখিছে- ‘প্ৰিয় ভগ্নী চাৰা আলী খান, মই প্ৰতিশ্ৰুতি দিছো যে মই এই জীৱনত তোমাৰ সদায় যত্ন লম, সদায় তোমাৰ কাষত থিয় দিম, সদায় সমৰ্থন কৰিম ।’
ইব্ৰাহিমে আৰু লিখিছে- ‘মই প্ৰতিশ্ৰুতি দিছো যে মই তোমাক মৰম, শক্তি আৰু মই দিব পৰা সকলোখিনি দিম ।’ চিৰদিন তোমাৰ সৰু ভাই । ৰাখীৰ শুভেচ্ছা থাকিল ।’
ছাৰাই ইব্ৰাহিমক ‘বেষ্ট ব্ৰাদাৰ’ বুলি অভিহিত কৰে
ছাৰাই এই পোষ্টটো ইনষ্টা ষ্ট’ৰীত শ্বেয়াৰ কৰি লিখিছে- ‘পৃথিৱীৰ শ্ৰেষ্ঠ ভাতৃ, ইতিমধ্যে বহু দিশত মোৰ শক্তি তুমি জনাতকৈ বেছি ।’
বলীউড অভিনেতা অক্ষয় কুমাৰে ভগ্নী অলকাৰ সৈতে ৰাখী বন্ধনৰ ফটো শ্বেয়াৰ কৰিছে । এই কথা কৈ তেওঁ কেপচনত লিখিছে- ‘মোৰ চকু মুদ খাই আছে মই মোৰ মাক দেখা পাইছোঁ আৰু চকু মেলি তোমাৰ হাঁহি । লাভ ইউ আলকা । শুভ ৰাখী ।’
পলক তিৱাৰী-
পলক তিৱাৰীয়ে ইনষ্টাগ্ৰামত ৰাখী বন্ধনৰ কিছু ফটো শ্বেয়াৰ কৰিছে । ফটোত তেওঁ কণিষ্ঠ ভাতৃক ৰাখী বান্ধি থকা দেখা গৈছে । কিছুমান ফটোত ভাতৃৰ সৈতে প’জ দিয়াও দেখা গৈছে । পোষ্টটোৰ সৈতে কেপচনত লিখিছে- ‘মোৰ এঞ্জেললৈ ৰাখীৰ শুভেচ্ছা থাকিল । দিদিয়ে তোমাক সদায় ৰক্ষা কৰিব ।’
ৰাকুল প্ৰীত সিং-
ৰাকুল প্ৰীত সিঙে ভাতৃ অমন প্ৰীত সিঙক ৰাখী বান্ধি থকা ছবিও শ্বেয়াৰ কৰিছে । কমলা ৰঙৰ চুট আৰু সোণালী কাণফুলি পিন্ধা অভিনেত্ৰীগৰাকীক অতি ধুনীয়া দেখা গৈছে । ফটোৰ সৈতে কেপচনত তেওঁ লিখিছে – ‘চিৰদিনৰ বাবে স্থায়ী ভাই-ভনীৰ বন্ধন । আমি দুয়ো সদায় ইজনে সিজনক ৰক্ষা কৰো । মোৰ ভাইটিলৈ ৰক্ষাবন্ধনৰ শুভেচ্ছা জনালোঁ ।’
কংগনা ৰাণাৱত-
সাংসদ তথা বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটেও ইনষ্টাগ্ৰাম ষ্ট’ৰীত ৰাখী বন্ধন উদযাপনৰ ফটো শ্বেয়াৰ কৰিছে । হালধীয়া ৰঙৰ শাৰী পিন্ধা অভিনেত্ৰীগৰাকীক অতি আকৰ্ষণীয় দেখা গৈছে । ছবিবোৰত কেতিয়াবা ভাতৃক ৰাখী বান্ধি থকা দেখা গৈছে আৰু কেতিয়াবা ভায়েকক আশীৰ্বাদ দিয়া দেখা গৈছে । কেপচনত কংগনাই লিখিছে – ‘সকলো ভাই-ভনীলৈ মোৰ মৰম আৰু আশীৰ্বাদ ।’
প্ৰতি বছৰৰ দৰে এইবাৰো ভূমি পেডনেকাৰে ভগ্নী সমীক্ষা পেডনেকাৰক ৰাখী বান্ধিছে । ফটোসমূহ শ্বেয়াৰ কৰি লিখিছে- ‘প্ৰেমেৰে আগুৰি থকা, সুৰক্ষাবন্ধনৰ শুভেচ্ছা ।’
লগতে পঢ়ক : ৰাখী বন্ধনৰ দিনটোত সুশান্ত সিং ৰাজপুতৰ ভগ্নীৰ আৱেগভৰা পোষ্ট ; ছলমানৰ খানৰ বাবে ভগ্নীৰ বিশেষ বাৰ্তা