ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল আমেৰিকা
শনিবাৰে আমেৰিকাৰ ডেনভাৰ বিমানবন্দৰত এক বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন যাত্ৰীবাহী বিমান । মিয়ামি অভিমুখী আমেৰিকান এয়াৰলাইন্সৰ বিমান এ এ-৩০২৩ৰ লেণ্ডিং গিয়াৰত জুই লাগে । এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে কেনেকৈ যাত্ৰীসকলে নিজৰ জীৱন ৰক্ষাৰ বাবে বিমানখনৰ পৰা দৌৰিছে আৰু চাৰিওফালে ধোঁৱা বিয়পি পৰিছে । বিমানখনত ১৭৩ জন যাত্ৰী আৰু ৬ জন ক্ৰু মেম্বাৰ আছিল ।
এই ঘটনা প্ৰায় ২:৪৫ বজাত (স্থানীয় সময়) সংঘটিত হয় যেতিয়া বয়িং ৭৩৭ মেক্স ৮ বিমানখনে উৰণৰ বাবে সাজু হৈ আছিল । একে সময়তে লেণ্ডিং গিয়াৰত হোৱা কাৰিকৰী বিজুতিৰ বাবে ধোঁৱা ওলাবলৈ ধৰে আৰু অলপ পিছতে বিমানখনত জুই লাগে । ঘটনাৰ পিছতে ডেনভাৰ বিমানবন্দৰ প্ৰশাসন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলটোক লগে লগে সতৰ্ক কৰি দিয়া হয় । ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে ।
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে যাত্ৰীসকলে আতংকিত হৈ জৰুৰীকালীন স্লাইডৰ তললৈ পিছলি বিমানখনৰ পৰা ওলাই আহিছে । এই সময়ছোৱাত চাৰিওফালে ধোঁৱা বিয়পি পৰিছিল । বিশেষকৈ জুইৰ এই পৰিস্থিতিত এজন যাত্ৰীৰ এহাতে শিশু আৰু আনখন হাতত লাগেজ লৈ পিছলি যোৱা দেখা গৈছে ।
বিমান সংস্থাটোৱে জনোৱা মতে, বিমানখনে ইতিমধ্যে মেইন্টেনেন্স সমস্যাৰ সতৰ্কবাণী লাভ কৰিছিল, যিটো টায়াৰৰ সৈতে জড়িত আছিল । এই কাৰিকৰী দোষ উৰণৰ আগতেই গুৰুতৰ বুলি প্ৰমাণিত হ’ল । অগ্নিকাণ্ডৰ পিছত বিমানখন সেৱাৰ পৰা আঁতৰাই তদন্ত আৰম্ভ কৰা হৈছে । বিবৃতিটোত বিমান সংস্থাটোৱে যাত্ৰীসকলৰ ওচৰত ক্ষমা বিচাৰিছে আৰু কৰ্মচাৰীসকলৰ তৎপৰতাক প্ৰশংসা কৰিছে ।
লগতে পঢ়ক : থাইলেণ্ড-কম্বোডিয়া সংঘাত সন্দৰ্ভত নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক; উত্তেজনাক লৈ সমগ্ৰ বিশ্বতে উদ্বেগ