অৱতৰণৰ সময়তে ৰাণৱে’ত পিছলিল যাত্ৰীবাহী বিমান
ইণ্ডোনেছিয়াৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন যাত্ৰাবাহী বিমান । বাটিক এয়াৰৰ বিমান পিকে-এলডিজে জাকাৰ্টাৰ ছ’য়েকাৰ্নো-হাটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰি থকাৰ সময়তে এক প্ৰবল আৰু অপ্ৰত্যাশিত ক্ৰছৱিণ্ডে বিমানখনক টেইলস্পিনত খুন্দা মাৰে । আকাশৰ মাজত বেয়াকৈ ঠেকা খাই বিমানখন ৰাণৱেৰ পৰা পিছলি পৰে । সমগ্ৰ ঘটনাটো কেমেৰাত বন্দী হয় আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে সকলো এতিয়া আতংকিত হৈ পৰিছে ।
ভিডিঅ’টোত দেখা গৈছে যে প্ৰচণ্ড বৰষুণৰ মাজতে বিমানখনে বাওঁফালে-সোঁফালে হালি গৈছে যেন বতাহত খেলনাহে উৰি আছে । ক্ষন্তেক সময়ৰ বাবে যেন মাটিত খুন্দা মাৰিবহি বিমানখনে । কিন্তু তাৰ পিছত পাইলটে নিজৰ যাদু দেখুৱালে ।
পাইলটে ৰক্ষা কৰিলে ১৬৩ জনৰ প্ৰাণ-
বিমানখনত ১৫৭ জন যাত্ৰী আৰু ৬ জন ক্ৰু মেম্বাৰ আছিল । শেষ মুহূৰ্তত পাইলটে পুনৰ নিয়ন্ত্ৰণ লাভ কৰি ৰাণৱেত বিমানখনৰ নিৰাপদ অৱতৰণ কৰে । ইণ্ডোনেছিয়াৰ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে পাইলটসকলৰ দক্ষতাৰ প্ৰশংসা কৰি কয় যে, “তেওঁলোকে ক্ৰছৱিণ্ডৰ প্ৰত্যাহ্বান পেছাদাৰীভাৱে চম্ভালিছিল ।”
অৱতৰণৰ লগে লগে ইণ্ডোনেছিয়াৰ কাৰিকৰী দলে তদন্ত কৰি বিমান দুৰ্ঘটনাটোত কোনো ধৰণৰ গুৰুতৰ ক্ষতি হোৱা নাই বুলি জনায় । পৰৱৰ্তী সময়ত অধিক তদন্তৰ বাবে বিমানখন আন ঠাইলৈ স্থানান্তৰ কৰা হয় ।
এই ঘটনাই মানুহক আৰু অধিক ভয় খুৱাইছে কাৰণ ১২ জুনত এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু ২৪২ জনৰ ভিতৰত ২৪১ জন লোকৰ মৃত্যু হৈছিল । দুৰ্ঘটনাৰ সময়ত ওচৰতে উপস্থিত থকা ১৯ জন লোকেও প্ৰাণ হেৰুৱাইছে । এতিয়া আকৌ এবাৰ বয়িঙৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে, বিশেষকৈ প্ৰত্যাহ্বানমূলক বতৰত ইয়াৰ প্ৰদৰ্শন ক্ষমতাৰ ওপৰত ।
লগতে পঢ়ক : বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল কেমেৰাই ল’লে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথমখন ফটো…