অৱতৰণৰ সময়তে ৰাণৱে’ত পিছলিল যাত্ৰীবাহী বিমান; কথমপি প্ৰাণৰক্ষা ১৬৩ গৰাকী যাত্ৰীৰ

অৱতৰণৰ সময়তে ৰাণৱে’ত পিছলিল যাত্ৰীবাহী বিমান

ইণ্ডোনেছিয়াৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন যাত্ৰাবাহী বিমান । বাটিক এয়াৰৰ বিমান পিকে-এলডিজে জাকাৰ্টাৰ ছ’য়েকাৰ্নো-হাটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰি থকাৰ সময়তে এক প্ৰবল আৰু অপ্ৰত্যাশিত ক্ৰছৱিণ্ডে বিমানখনক টেইলস্পিনত খুন্দা মাৰে । আকাশৰ মাজত বেয়াকৈ ঠেকা খাই বিমানখন ৰাণৱেৰ পৰা পিছলি পৰে । সমগ্ৰ ঘটনাটো কেমেৰাত বন্দী হয় আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে সকলো এতিয়া আতংকিত হৈ পৰিছে ।

ভিডিঅ’টোত দেখা গৈছে যে প্ৰচণ্ড বৰষুণৰ মাজতে বিমানখনে বাওঁফালে-সোঁফালে হালি গৈছে  যেন বতাহত খেলনাহে উৰি আছে । ক্ষন্তেক সময়ৰ বাবে যেন মাটিত খুন্দা মাৰিবহি বিমানখনে । কিন্তু তাৰ পিছত পাইলটে নিজৰ যাদু দেখুৱালে ।

পাইলটে ৰক্ষা কৰিলে ১৬৩ জনৰ প্ৰাণ-

বিমানখনত ১৫৭ জন যাত্ৰী আৰু ৬ জন ক্ৰু মেম্বাৰ আছিল । শেষ মুহূৰ্তত পাইলটে পুনৰ নিয়ন্ত্ৰণ লাভ কৰি ৰাণৱেত বিমানখনৰ নিৰাপদ অৱতৰণ কৰে । ইণ্ডোনেছিয়াৰ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে পাইলটসকলৰ দক্ষতাৰ প্ৰশংসা কৰি কয় যে, “তেওঁলোকে ক্ৰছৱিণ্ডৰ প্ৰত্যাহ্বান পেছাদাৰীভাৱে চম্ভালিছিল ।”

অৱতৰণৰ লগে লগে ইণ্ডোনেছিয়াৰ কাৰিকৰী দলে তদন্ত কৰি বিমান দুৰ্ঘটনাটোত কোনো ধৰণৰ গুৰুতৰ ক্ষতি হোৱা নাই বুলি জনায় । পৰৱৰ্তী সময়ত অধিক তদন্তৰ বাবে বিমানখন আন ঠাইলৈ স্থানান্তৰ কৰা হয় ।

এই ঘটনাই মানুহক আৰু অধিক ভয় খুৱাইছে কাৰণ ১২ জুনত এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু ২৪২ জনৰ ভিতৰত ২৪১ জন লোকৰ মৃত্যু হৈছিল । দুৰ্ঘটনাৰ সময়ত ওচৰতে উপস্থিত থকা ১৯ জন লোকেও প্ৰাণ হেৰুৱাইছে । এতিয়া আকৌ এবাৰ বয়িঙৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে, বিশেষকৈ প্ৰত্যাহ্বানমূলক বতৰত ইয়াৰ প্ৰদৰ্শন ক্ষমতাৰ ওপৰত ।

লগতে পঢ়ক : বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল কেমেৰাই ল’লে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথমখন ফটো…

জৰুৰীকালীন অৱতৰণৰ সময়তে যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত…৪২গৰাকী যাত্ৰীৰ মৃত্যুৰ আশংকা

কাজাখস্তানৰ আকটৌ বিমানবন্দৰৰ সমীপত দুৰ্ঘটনাত পতিত হৈছে এখন যাত্ৰাবাহী বিমান । বিমানখনত ১০৫ জন যাত্ৰী আৰু ৫ জন ক্ৰু মেম্বাৰ আছিল বুলি বাতৰিত প্ৰকাশ পাইছে । বৰ্তমানলৈকে এই দুৰ্ঘটনাত ৪২ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । যদিও আনুষ্ঠানিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়াও প্ৰকাশ কৰা হোৱা নাই, কিন্তু দুৰ্ঘটনাটোৰ ভিডিঅ’ চালে হতাহতৰ সংখ্যা যথেষ্ট বেছি হোৱাৰ আশংকা কৰা হৈছে ।

প্ৰাথমিক তথ্য অনুসৰি আকটৌ চহৰত অৱতৰণ কৰাৰ সময়তে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ অগ্নিপিণ্ডলৈ পৰিণত হয় । প্ৰাথমিক খবৰ অনুসৰি আজাৰবাইজান এয়াৰলাইন্সৰ বিমানখন আজাৰবাইজানৰ পৰা ৰাছিয়ালৈ গৈ আছিল । বিমানখনত কিছু কাৰিকৰী সমস্যাৰ সৃষ্টি হৈছিল । ইয়াৰ পিছতে বিমানখনে আকটৌ বিমানবন্দৰৰ পৰা জৰুৰী অৱতৰণৰ অনুমতি বিচাৰিছিল । অৱশ্যে এই সময়ছোৱাতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় ।

বিমানত থকা একাংশ লোক ৰক্ষা পৰে-

মধ্য এছিয়াৰ দেশখনৰ জৰুৰীকালীন মন্ত্ৰালয়ৰ উদ্ধৃতিৰে সংবাদ সংস্থাই কয় যে বিমানখনৰ কিছু লোক ৰক্ষা পৰে । ঘটনাস্থলীত জৰুৰীকালীন সেৱা উপস্থিত হয় । ইফালে কাজাখাস্তানৰ সংবাদ মাধ্যমে স্বাস্থ্যমন্ত্ৰীৰ উদ্ধৃতি দি কয় যে এটি শিশুকে ধৰি ১২ জন যাত্ৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে । আমি বিশেষজ্ঞ, ট্ৰমাট’লজিষ্ট, নিউৰ’চাৰ্জনকে ধৰি সকলো উদ্ধাৰকাৰী দলক সেই স্থানলৈ প্ৰেৰণ কৰিছো । এয়াৰ এম্বুলেন্সৰ সুবিধাও কৰা হৈছে । আমি ঠাইতে সহায় আগবঢ়াবলৈ চেষ্টা কৰিছো । সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে ।

কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো ?

দাবী কৰা হৈছে যে উৰা মৰা Embraer 190 AHY8243 বিমানৰ সৈতে এটা চৰাইৰ সংঘৰ্ষ হয় । ইয়াৰ বাবেই বিমানখনৰ পাইলটে জৰুৰী অৱতৰণৰ বাবে আকটৌ বিমানবন্দৰৰ সৈতে যোগাযোগ কৰে । কিন্তু অৱতৰণ কৰাৰ পূৰ্বেই ষ্টিয়াৰিং বিকল হোৱাৰ বাবে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু বিস্ফোৰিত হৈ অগ্নিদগ্ধ হয় । বৰ্তমান জুই নিৰ্বাপন কৰা হৈছে ।