‘বিহাৰ চাণক্য-চন্দ্ৰগুপ্তৰ ভূমি,সংকল্প অসাৰ নাযাব’
আজি বিহাৰৰ গয়াজীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনক বহু ডাঙৰ ডাঙৰ উপহাৰ দিলে। প্ৰধানমন্ত্ৰী মোদীয়ে বিদ্যুৎ, পথ, স্বাস্থ্য, নগৰ উন্নয়ন, পানী যোগান আদি বিভিন্ন খণ্ডত প্ৰায় ১৩ হাজাৰ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে।
এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়েও এই সমাৱেশত ভাষণ প্ৰদান কৰে। য’ত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল, “এই গয়াজীৰ ভূমি আধ্যাত্মিকতা আৰু শান্তিৰ ভূমি, এইখনেই পবিত্ৰ ভূমি যিয়ে ভগৱান বুদ্ধক জ্ঞান প্ৰদান কৰিছিল… ইয়াৰ ৰাইজে বিচাৰিছিল যে এই চহৰৰ নাম গয়া নহয়, গয়াজী হওক।
এই সিদ্ধান্তৰ বাবে ইয়াৰ চৰকাৰক অভিনন্দন জনাইছো। মই সুখী যে ইয়াত ডাবল ইঞ্জিন চৰকাৰে গয়াজীৰ দ্ৰুত বিকাশৰ বাবে দ্ৰুতগতিত কাম কৰি আছে।”
প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰতিজন আৰ্তজনৰ স্থায়ী ঘৰ নোপোৱালৈকে মোদীয়ে শান্তিৰে বহি নাথাকিব সেয়া মোৰ সংকল্প।
এই চিন্তাৰ প্ৰতি লক্ষ্য ৰাখি বিগত ১১ বছৰত ৪ কোটিৰো অধিক দৰিদ্ৰ লোকক স্থায়ী ঘৰ দিয়া হৈছে। কেৱল ইয়াতেই নিৰ্মাণ হৈছে ৩৮ লাখৰো অধিক ঘৰ…বিহাৰ চন্দ্ৰগুপ্ত মৌৰ্য আৰু চাণক্যৰ ভূমি… এই ভূমিত লোৱা প্ৰতিটো সংকল্প কেতিয়াও অসাৰ হৈ যোৱা নাই।
কাশ্মীৰৰ পহলগামত যেতিয়া সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল তেতিয়া আমাৰ নিৰীহ নাগৰিকক ধৰ্মৰ বিষয়ে সুধি হত্যা কৰা হৈছিল।
তেতিয়া মই কৈছিলোঁ যে এই বিহাৰৰ ভূমিৰ পৰা সন্ত্ৰাসবাদীক নিঃশেষ কৰা উচিত।আজি বিশ্বই দেখিছে যে বিহাৰৰ ভূমিত লোৱা সংকল্প পূৰণ হৈছে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অপাৰেচন সিন্দুৰে ভাৰতৰ প্ৰতিৰক্ষা নীতিত এক নতুন ৰেখা টানিলে, এতিয়া ভাৰতলৈ সন্ত্ৰাসবাদী প্ৰেৰণ কৰি আক্ৰমণ সংঘটিত কৰাৰ পিছতো কোনেও সাৰি যাব নোৱাৰিব।সন্ত্ৰাসবাদী যিমানেই গভীৰত লুকাই নাথাকক কিয়, ভাৰতৰ ক্ষেপণাস্ত্ৰই তেওঁলোকক কবৰ দিব।
লগতে পঢ়ক: ‘দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ভাৰত-ৰাছিয়াৰ সম্পৰ্ক আটাইতকৈ সুস্থিৰ’; পুটিনক সাক্ষাৎ এছ জয়শংকৰৰ