আমেৰিকা আৰু চৌদি আৰবে প্ৰায় ১৪২ বিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰিছে । এই বৃহৎ প্ৰতিৰক্ষা চুক্তিৰ বিষয়ে তথ্য দিছে হোৱাইট হাউছে । উপসাগৰীয় দেশখন ভ্ৰমণ আৰম্ভ কৰাৰ সময়তে মঙলবাৰে ছৌদি আৰৱৰ সৈতে কৌশলগত অৰ্থনৈতিক চুক্তি স্বাক্ষৰ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ছৌদি চৰকাৰে ৰিয়াধত ট্ৰাম্পক আদৰণি জনোৱাৰ বৃহৎ ব্যৱস্থা কৰে । এয়াৰ ফৰ্চ ৱানৰ পৰা নামি অহাৰ সময়ত ট্ৰাম্পে উত্তেজনাত মুঠি ওপৰলৈ তোলে, য’ত তেওঁক আদৰণি জনায় চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানে ।
এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ প্ৰতিৰক্ষা চুক্তি-
শক্তি, প্ৰতিৰক্ষা, খনন আদি খণ্ডত সহযোগিতা সম্পৰ্কে চুক্তি স্বাক্ষৰ কৰে দুয়োগৰাকী নেতাই । চৌদি আৰৱৰ চৰকাৰী টেলিভিছনৰ তথ্য অনুসৰি এই চুক্তিখনে কেইবাটাও ক্ষেত্ৰ সামৰি লৈছে । হোৱাইট হাউছে জনাইছে যে ছৌদি আৰবে আমেৰিকাত মুঠ ৬০০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিবলৈ ওলাইছে, য’ত ১৪২ বিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা চুক্তিও অন্তৰ্ভুক্ত হৈছে- যিটো দুয়োখন দেশৰ মাজত এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ প্ৰতিৰক্ষা চুক্তি হ’ব ।
ট্ৰাম্পৰ মাস্কৰো চৌদি আৰৱ ভ্ৰমণ-
ৰিয়াধত অনুষ্ঠিত বৈঠকৰ সময়ত ট্ৰাম্পে কয় যে মই সঁচাকৈয়ে ভাবো আমি ইজনে সিজনক বহুত ভাল পাওঁ । কোটিপতি ইলন মাস্ককে ধৰি আমেৰিকাৰ বহু বৃহৎ ব্যৱসায়ীও ট্ৰাম্পৰ সৈতে উপস্থিত আছিল । বুধবাৰে কাটাৰ আৰু বৃহস্পতিবাৰে সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই) ভ্ৰমণ কৰিব ট্ৰাম্প ।