বলীউডৰ অভিনেত্ৰী তথা লাফ্টাৰ ৰাণী বুলি জনাজাত ভাৰতী সিঙে কান্দি থকা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ কাশ্মীৰৰ পেহেলগাম উপত্যকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ দেশক কঁপাই তুলিছে।
এই আক্ৰমণৰ খবৰে ভাৰতী সিংকো অতি দুখী কৰি তুলিছে আৰু তেওঁ কেইবাবাৰো উচুপি উঠিছিল।শেহতীয়াকৈ ভাৰতী সিঙে নিজৰ ব্লগত এই কথা প্ৰকাশ কৰিছে।
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ পোৱাৰ পিছৰে পৰা ৰাতি ভালদৰে শুব পৰা নাই ভাৰতী সিং।কেৱল এয়াই নহয় তেওঁ ৰাতি সাৰ পাইও কান্দি থাকে।
পেহেলগাম আক্ৰমণৰ কথা জানিব পাৰি শোকত ডুব গৈছিল ভাৰতী সিং।তেওঁ কৈছিল যে, ‘যোৱা কেইদিনমানৰ পৰা মই দুখী হৈ আছো, মোৰ অনুভৱবোৰ কোনোবাই বুজিব নে নাই নাজানো’।
‘ইনষ্টাগ্ৰামত পেহেলগাম আৰু জম্মু-কাশ্মীৰ সম্পৰ্কে বিধ্বংসী ভিডিঅ’ আৰু পোষ্ট দেখিছো আৰু সেইবোৰে মোৰ হৃদয় ভাঙি পেলাইছে’।
‘এই সকলোবোৰ দেখি মোৰ কেনে লাগিছে বুজাব পৰা নাই।আনকি সেই হৃদয় বিদাৰক দৃশ্যবোৰ চাই ৰাতি দুই-তিনিবাৰকৈ মই কান্দিলোঁ’।
‘সেই সৰু ল’ৰা-ছোৱালীবোৰ…তেওঁলোকৰ কথা ক’বলৈও সাহস নাই৷ভাৰতৰ প্ৰতিজন মধ্যবিত্ত ব্যক্তিয়ে বছৰত এবাৰ দেশৰ ভিতৰতে ক’ৰবাত ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰে’।
‘কিন্তু এতিয়া মোৰ বৰ ভয় লাগিছে।এই বিষয়ত কি ক’ম বুজি পোৱা নাই। অনুগ্ৰহ কৰি শান্তি ৰাখক। ভাৰতীয় লোক সকল বহু মৰমীয়াল’।