দ্বিতীয়বাৰলৈ মাতৃ হ’ল কমেডিয়ান ভাৰতী সিং; কন্যা নে পুত্ৰ সন্তান দিলে জন্ম

কমেডিয়ান ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াৰ দুৱাৰত সুখে আকৌ এবাৰ টোকৰ মাৰিলে।দ্বিতীয়বাৰলৈ মাতৃ হ’ল ভাৰতী সিং

টেলিভিচন উদ্যোগৰ বিখ্যাত দম্পতী ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ।কমেডিয়ান ভাৰতী আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াৰ দুৱাৰত সুখে আকৌ এবাৰ টোকৰ মাৰিলে।

আজি ১৯ ডিচেম্বৰত ভাৰতীয়ে দ্বিতীয়টো সন্তান জন্ম দিয়ে। নৱজাতকটিৰ আগমনক লৈ দম্পতীহালে অতিশয় উৎসাহিত হৈ আছিল।

জানিব পৰা মতে, ভাৰতী আৰু শিশুটি বৰ্তমান সুস্থ। অৱশ্যে বৰ্তমান সময়লৈকে দম্পতীহালে তেওঁলোকৰ ফালৰ পৰা কোনো বিবৃতি প্ৰকাশ কৰা নাই।

জানিব পৰা মতে, ভাৰতী সিঙে এটি পুত্ৰ সন্তান জন্ম দিছে। সূত্ৰসমূহে জনোৱা মতে, জনপ্ৰিয় শ্ব’ ‘লাফটাৰ চেফছ ছিজন ৩’ৰ চেটত শ্বুটিং কৰি আছিল,তাৰ পিছত তাইৰ প্ৰসৱ বেদনা হ’বলৈ ধৰিলে।ইয়াৰ পিছত লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়,য’ত তেওঁ এটি সুস্থ পুত্ৰ সন্তান জন্ম দিয়ে।

লগতে পঢ়ক: বিপদে লগ এৰা নাই বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টীক; মুম্বাইৰ বাসগৃহত আয়কৰ অভিযান

‘ভয় লগা হৈছে…’; পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ শুনি কান্দি উঠিল ভাৰতী সিং

বলীউডৰ অভিনেত্ৰী তথা লাফ্টাৰ ৰাণী বুলি জনাজাত ভাৰতী সিঙে কান্দি থকা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ কাশ্মীৰৰ পেহেলগাম উপত্যকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ দেশক কঁপাই তুলিছে।

এই আক্ৰমণৰ খবৰে ভাৰতী সিংকো অতি দুখী কৰি তুলিছে আৰু তেওঁ কেইবাবাৰো উচুপি উঠিছিল।শেহতীয়াকৈ ভাৰতী সিঙে নিজৰ ব্লগত এই কথা প্ৰকাশ কৰিছে।

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ পোৱাৰ পিছৰে পৰা ৰাতি ভালদৰে শুব পৰা নাই ভাৰতী সিং।কেৱল এয়াই নহয় তেওঁ ৰাতি সাৰ পাইও কান্দি থাকে।

পেহেলগাম আক্ৰমণৰ কথা জানিব পাৰি শোকত ডুব গৈছিল ভাৰতী সিং।তেওঁ কৈছিল যে, ‘যোৱা কেইদিনমানৰ পৰা মই দুখী হৈ আছো, মোৰ অনুভৱবোৰ কোনোবাই বুজিব নে নাই নাজানো’।

‘ইনষ্টাগ্ৰামত পেহেলগাম আৰু জম্মু-কাশ্মীৰ সম্পৰ্কে বিধ্বংসী ভিডিঅ’ আৰু পোষ্ট দেখিছো আৰু সেইবোৰে মোৰ হৃদয় ভাঙি পেলাইছে’।

‘এই সকলোবোৰ দেখি মোৰ কেনে লাগিছে বুজাব পৰা নাই।আনকি সেই হৃদয় বিদাৰক দৃশ্যবোৰ চাই ৰাতি দুই-তিনিবাৰকৈ মই কান্দিলোঁ’।

‘সেই সৰু ল’ৰা-ছোৱালীবোৰ…তেওঁলোকৰ কথা ক’বলৈও সাহস নাই৷ভাৰতৰ প্ৰতিজন মধ্যবিত্ত ব্যক্তিয়ে বছৰত এবাৰ  দেশৰ ভিতৰতে ক’ৰবাত ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰে’।

‘কিন্তু এতিয়া মোৰ বৰ ভয় লাগিছে।এই বিষয়ত কি ক’ম বুজি পোৱা নাই। অনুগ্ৰহ কৰি শান্তি ৰাখক। ভাৰতীয় লোক সকল বহু মৰমীয়াল’।