ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজত বন্ধ হৈ থকা আই পি এল ২০২৫ প্ৰতিযোগিতাখন ১৫ মে’ৰ পৰা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । নিজৰ দেশলৈ উভতি যোৱা অষ্ট্ৰেলিয়ান খেলুৱৈসকলকো এই বিষয়ে অৱগত কৰা হৈছে । বি চি চি আইৰ উপাধ্যক্ষ ৰাজীৱ শুক্লাই নিশ্চিত কৰিছে যে আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব য’ত স্থানকে ধৰি সকলো দিশ পুনৰ বিবেচনা কৰা হ’ব ।
অষ্ট্ৰেলিয়াকে ধৰি সকলো দেশৰ খেলুৱৈয়ে আই পি এল স্থগিত ৰখাৰ পিছত ভাৰত এৰি গৈছে, কিছুমানে নিজৰ দেশলৈ উভতি যোৱাৰ বিপৰীতে বহুতে পৰ্যটনৰ বাবে আন দেশলৈ গৈছে । বিদেশী খেলুৱৈসকলো প্ৰতিযোগিতাখন পিছুৱাই দিয়াৰ এটা ডাঙৰ কাৰণ আছিল, কিয়নো তেওঁলোকে এই মানসিক চাপৰ পৰিস্থিতিত থাকিব বিচৰা নাছিল । কিন্তু এতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা কমি অহাৰ লগে লগে খেলুৱৈসকলক কোৱা হৈছে যে শীঘ্ৰে প্ৰতিযোগিতাখন আৰম্ভ হ’ব পাৰে ।
অষ্ট্ৰেলিয়াৰ ৱেবছাইট ক’ডস্প’ৰ্টছৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ১৫ মে’ বৃহস্পতিবাৰৰ পৰা আই পি এল পুনৰ আৰম্ভ হ’ব পাৰে, এই তথ্য অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলক দিয়া হৈছে । এই সন্দৰ্ভত আজি বি চি চি আইৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব, য’ত গভৰ্নিং কাউন্সিল আৰু বিষয়াসকলে পৰিস্থিতিৰ ওপৰত আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত ল’ব পাৰে ।
আজি বি চি চি আইৰ বৈঠক-
বি চি চি আইৰ উপাধ্যক্ষ ৰাজীৱ শুক্লাই কয়, “যুদ্ধবিৰতিৰ নতুন পৰিঘটনাৰ লগে লগে ১১ মে’ত বি চি চি আই, আই পি এল গভৰ্নিং কাউন্সিল আৰু বিষয়াসকলৰ বৈঠকত পৰিস্থিতিৰ বিষয়ে আলোচনা হ’ব । আমি প্ৰতিযোগিতাৰ সময়সূচী পুনৰীক্ষণ কৰি ইয়াক সম্পূৰ্ণ কৰাৰ সৰ্বোত্তম উপায়ৰ বিষয়ে সিদ্ধান্ত লম । যুদ্ধবিৰতিৰ সময়ত প্ৰথমে নিৰ্ধাৰণ কৰা স্থানসমূহকে ধৰি সকলো দিশকে পুনৰ বিবেচনা কৰা হ’ব । অতি সোনকালে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ।”
কিমান মেচ বাকী আছে ?
ধৰমশালাত অনুষ্ঠিত পঞ্জাব কিংছ বনাম দিল্লী কেপিটেলছৰ খেলখন মাজভাগত বন্ধ কৰি দিয়া হয়, তাৰ পিছতে আই পি এল পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হয় । এতিয়া পুনৰ আই পি এল আৰম্ভ হ’লে এই মেচখনো অনুষ্টিত হোৱাৰ সম্ভাৱনা আছে । এই মেচকে ধৰি চলিত আই পি এলৰ লীগ পৰ্যায়ত এতিয়াও ১৩খন খেল বাকী আছে । তিনিটা দল (চি এছ কে, আৰ আৰ, এছ আৰ এইচ) দৌৰৰ বাহিৰত থকাৰ সময়ত প্লে অফৰ বাবে কোনো দলে যোগ্যতা অৰ্জন কৰা নাই ।
পইণ্ট তালিকাত ১৬-১৬ পইণ্টেৰে ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থানত আছে গুজৰাট (জি টি) আৰু বাংগালুৰু (আৰ চি বি) । ১৫ পইণ্টেৰে তৃতীয় স্থানত আছে পঞ্জাব কিংছ আৰু ১৪ পইণ্টেৰে চতুৰ্থ স্থানত আছে মুম্বাই ইণ্ডিয়ানছ । দিল্লী (ডি চি), কলকাতা (কে কে আৰ) আৰু লক্ষ্ণৌ (এল এছ জি)ও প্লে অফৰ দৌৰত আছে ।