ড’নাল্ড ট্ৰাম্পক খোমেইনীৰ সতৰ্কবাণী
ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধত এইবাৰ প্ৰৱেশ কৰিলে আমেৰিকাই । অৱশেষত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সশস্ত্ৰ বাহিনীক সেউজ সংকেত দিয়ে আৰু শনিবাৰে মাজনিশাৰ পিছত আমেৰিকাৰ ষ্টীলথ্ বি-২ বোমাৰু বিমানে ইৰাণৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি হাজাৰ হাজাৰ কিলোগ্ৰাম বাংকাৰ বাষ্টাৰ বোমা জি বি ইউ-৫৭ নিক্ষেপ কৰে ।
দাবী কৰা হৈছে যে আমেৰিকাৰ এই আক্ৰমণত ফৰ্ডো, নাটানজ আৰু ইছফাহানৰ পাৰমাণৱিক উদ্যোগ সম্পূৰ্ণৰূপে ধ্বংস হৈছে । ইৰাণেও আমেৰিকাৰ এই আক্ৰমণসমূহ নিশ্চিত কৰিছে । এতিয়া ইৰাণ তথা খোমেইনীয়ে ড’নাল্ড ট্ৰাম্পক প্ৰত্যক্ষ সতৰ্কবাণী দিছে আৰু কৈছে যে- আপুনি আৰম্ভ কৰিলে, এতিয়া আমি শেষ কৰিম ।
ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানক লক্ষ্য কৰি সম্পূৰ্ণৰূপে ধ্বংস কৰা বুলি দাবী কৰিছে আমেৰিকাই । ‘নিউয়ৰ্ক টাইমছ’ৰ প্ৰতিবেদন অনুসৰি ইৰাণেও আমেৰিকাৰ আক্ৰমণক স্বীকাৰ কৰি লৈছে । আমেৰিকাৰ আক্ৰমণৰ পিছত ইৰাণৰ চৰকাৰী টেলিভিছনে প্ৰত্যক্ষ সতৰ্কবাণী জাৰি কৰিছে । চৰকাৰী টিভি চেনেলত ড’নাল্ড ট্ৰাম্পক সকীয়াই কোৱা হৈছে যে আপুনি আৰম্ভ কৰিলে, এতিয়া আমি শেষ কৰিম ।
আনহাতে, আমেৰিকাৰ আক্ৰমণৰ পিছত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কথা পাতিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে । ইজৰাইলে প্ৰায় ৮ দিন পূৰ্বে ইৰাণক আক্ৰমণ কৰিছিল । ইয়াৰ পিছত ইৰাণেও প্ৰতিশোধ লয় । এই আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ফলত দুয়োখন দেশৰ ব্যাপক ক্ষতি হৈছে । এতিয়া শেহতীয়াকৈ আমেৰিকাও ইজৰাইলৰ পক্ষত এই যুদ্ধত প্ৰৱেশ কৰিছে ।
ইৰাণৰ টিভি চেনেলে আমেৰিকাক আন এক সতৰ্কবাণী দিছে । ৰাষ্ট্ৰীয় টেলিভিছনত কোৱা হৈছে যে এতিয়া ইৰাণত বাস কৰা প্ৰতিজন আমেৰিকান নাগৰিক আৰু সৈনিক আমাৰ লক্ষ্য । আনহাতে, আমেৰিকাই বাগদাদত থকা নিজৰ দূতাবাসৰ নিৰাপত্তা কটকটীয়া কৰি তুলিছে যাতে যিকোনো ধৰণৰ কাণ্ডৰ সৈতে মোকাবিলা কৰিব পৰা যায় । একে সময়তে আমেৰিকাৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নেতানিয়াহুৱে কয় যে আমেৰিকাৰ এই আক্ৰমণে ইতিহাস সলনি কৰিব ।
আমেৰিকাতো ৰাজনৈতিক প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ কৰিছে । ইৰাণ আক্ৰমণৰ বাবে ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগৰ দাবী জনাইছে ডেম’ক্ৰেটিক দলৰ সাংসদ আলেকজেণ্ড্ৰিয়া অকাচিঅ’ কৰ্টেজে । আমেৰিকাৰ সদনৰ অধ্যক্ষ মাইক জনছনে কয় যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সঠিক সিদ্ধান্ত লৈছে আৰু প্ৰয়োজনীয় কাম কৰিছে ।
উল্লেখ্য যে, গভীৰ নিশা আমেৰিকাৰ বি-২ বোমাৰু বিমানে ইৰাণৰ ওপৰত ব্যাপক আক্ৰমণ চলাই । ইৰাণৰ তিনিটা পাৰমাণৱিক ঘাটিক লক্ষ্য কৰি আমেৰিকাই বৃহৎ বিমান আক্ৰমণ চলায় । আমেৰিকাৰ বায়ুসেনাই ইৰাণৰ তিনিটা ডাঙৰ পাৰমাণৱিক ঘাটি ফৰ্ডো, নাটাঞ্জ আৰু ইছফাহানক বি-২ ষ্টীলথ বোমাৰু আৰু জি বি ইউ-৫৭ অৰ্থাৎ বাংকাৰ বাষ্টাৰ বোমাৰে ধ্বংস কৰে । ৩০ হাজাৰ পাউণ্ডৰ এই বোমাই এনেধৰণৰ ধ্বংসলীলা কৰিব পাৰে যিটো কল্পনাও কৰিব নোৱাৰি । এই আক্ৰমণৰ পিছত ইজৰাইল-ইৰাণৰ যুদ্ধ আৰু অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে । আক্ৰমণৰ পিছতে ইৰাণৰ সৰ্বোচ্চ নেতা খোমেইনীয়েও এতিয়া ট্ৰাম্পক সকীয়াই দিছে ।
লগতে পঢ়ক : ইজৰাইলৰ সৈতে যুদ্ধত প্ৰৱেশ আমেৰিকাৰ ! ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ