Axe-4 Mission
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ বাবে সাজু হৈছে আন এক ব্যক্তিগত মহাকাশ অভিযান । আমেৰিকাৰ কোম্পানী এক্সিয়াম স্পেছে ২০২৫ চনৰ ৮ জুনত চতুৰ্থটো Axe-4 Mission উৎক্ষেপণ কৰিবলৈ সাজু হৈছে । এই অভিযান ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা পুৱা ৯:১১ বজাত স্পেচএক্সৰ ফেলকন ৯ ৰকেট আৰু নতুন ড্ৰেগন মহাকাশযানত উৰা মাৰিব । অৰ্থাৎ ভাৰতীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬:৪১ বজাত এই অভিযান উৎক্ষেপণ হ’ব ।
মিছনৰ প্ৰস্তুতি সম্পূৰ্ণ-
এক্সিয়াম স্পেছে ২১ মে’ত ফ্লাইট ৰেডিনেছ ৰিভিউ (এফ আৰ আৰ) সম্পূৰ্ণ কৰে । এই পৰ্যালোচনাই নিশ্চিত কৰিছিল যে সকলো ব্যৱস্থা আৰু কৰ্মী উৎক্ষেপণৰ বাবে সাজু আছিল । এইটোৱেই হ’ব এক্সিয়ামৰ আজিলৈকে আটাইতকৈ বেছি গৱেষণামূলক অভিযান । ১৪ দিনীয়া এই অভিযানৰ সময়ছোৱাত ক্ৰুৱে ৬০টাতকৈও অধিক বৈজ্ঞানিক পৰীক্ষা আৰু কাৰ্যকলাপ সম্পন্ন কৰিব ।
এই অভিযানৰ কমাণ্ডাৰ হ’ব আমেৰিকাৰ নাছাৰ প্ৰাক্তন মহাকাশচাৰী পেগী হুইটছন । এয়া হ’ব তেওঁৰ পঞ্চম মহাকাশ অভিযান । তেওঁৰ লগত থাকিব ভাৰতীয় পাইলট শুভাংশু শুক্লা, পোলেণ্ডৰ স্লাভোছ উজনানস্কি (ইউৰোপীয় মহাকাশ সংস্থা) আৰু হাংগেৰীৰ টিবৰ কাপু । উল্লেখ্য যে, ভাৰত, পোলেণ্ড আৰু হাংগেৰীৰ মহাকাশচাৰী কেইজনে প্ৰথমবাৰৰ বাবে আই এছ এছ ভ্ৰমণ কৰিব । মহাকাশ কেন্দ্ৰত উপস্থিত হোৱা প্ৰথম ভাৰতীয় হিচাবে পৰিগণিত হ’ব শুভাংশু শুক্লা ।
শুভাংশু শুক্লা ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন । ভাৰতৰ গগণযান অভিযানৰ বাবেও তেওঁক নিৰ্বাচিত কৰা হৈছে । ৪০ বছৰৰ পাছত মহাকাশলৈ যোৱা তেওঁ হ’ব দ্বিতীয়জন ভাৰতীয় । ইছৰোৰ প্ৰকল্প সঞ্চালক সুদীশ বালানে কয় যে এই অভিযানে যুৱক-যুৱতীসকলক মহাকাশ প্ৰযুক্তিৰ প্ৰতি অনুপ্ৰাণিত কৰিব ।
এই অভিযানত ৩১খন দেশৰ পৰা ৬০টা পৰীক্ষা-নিৰীক্ষা কৰা হ’ব । পোলেণ্ডৰ সৈতে ইউৰোপীয় মহাকাশ সংস্থাই ১৭টা পৰীক্ষাৰ ব্যৱস্থা কৰিছে । হাংগেৰীয়ে নিজৰ HUNOR কাৰ্যসূচীৰ পৰা ২৫টা পৰীক্ষা অন্তৰ্ভুক্ত কৰিছে । হাংগেৰীৰ মহাকাশ গৱেষণা আয়ুক্ত অৰছ’লিয়া ফেৰেঞ্চে ইয়াক ৰাষ্ট্ৰীয় গৌৰৱ বুলি অভিহিত কৰে । এই পৰীক্ষাসমূহে বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিত সহায় কৰিব ।
নাছাৰ চিন্তা আৰু আশা-
নাছাৰ ডানা ৱেইগেলে কয় যে Axe-4 Mission ৰ দৰে ব্যক্তিগত অভিযান আই এছ এছৰ ওপৰত গৱেষণা সম্প্ৰসাৰণৰ এক উত্তম উপায় । ট্ৰাম্প প্ৰশাসনে ২০২৬ চনৰ বাজেটত নাছাৰ পুঁজি ২৫% কৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছে, যাৰ ফলত আই এছ এছৰ অভিযানত প্ৰভাৱ পৰিব পাৰে । কিন্তু Axe-4 Mission ৰ দৰে অভিযানে এই ব্যৱধান পূৰণ কৰাত সহায় কৰিব পাৰে ।
লগতে পঢ়ক : ইতিহাস ৰচনা কৰিবলৈ সাজু শুভাংশু শুক্লা… ৮ জুনত উৎক্ষেপণ হ’ব এক্সিয়াম-৪