বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে । কোৱা হৈছে যে বাংলাদেশ চৰকাৰে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে । আৱামী লীগে ইউনুছ চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ গৰিহণা দিছে । চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত আৱামী লীগেও এক বিবৃতি প্ৰকাশ কৰিছে ।
চৰকাৰৰ এই সিদ্ধান্ত দমনমূলক আৰু অগণতান্ত্ৰিক বুলি কৈছে আৱামী লীগে । তেওঁলোকে কয় যে, আমি এই সিদ্ধান্তৰ বিৰোধিতা কৰোঁ । আনহাতে, ইউনুছ চৰকাৰে নিজৰ সিদ্ধান্ত সন্দৰ্ভত কয় যে আৱামী লীগ নিষিদ্ধ কৰাৰ সিদ্ধান্ত সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত লোৱা হৈছে । আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত আৱামী লীগৰ নেতাৰ বিৰুদ্ধে বিচাৰ সম্পূৰ্ণ নোহোৱালৈকে আৱামী লীগৰ ওপৰত এই নিষেধাজ্ঞা অব্যাহত থাকিব ।
উল্লেখ্য যে মহম্মদ ইউনুছৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত আৱামী লীগ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । এই বৈঠকত আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ আইনৰো সংশোধন কৰা হৈছে । ইয়াৰ অধীনত এতিয়া যিকোনো ৰাজনৈতিক দল আৰু ইয়াৰ নেতাৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি দিয়া হৈছে ।