এদিনীয়াৰ পৰা অৱসৰ ঘোষণা গ্লেন মেক্সৱেলৰ
অষ্ট্ৰেলিয়াৰ তাৰকা অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেলে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে । অৱশ্যে টি-২০ত খেলি থাকিব তেওঁ । ক্ৰিকেট অষ্ট্ৰেলিয়াই কয় যে ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাবলৈ এদিনীয়া ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে মেক্সৱেলে ।
২০১২ চনৰ পৰা আৰম্ভ হৈছিল গ্লেন মেক্সৱেলৰ এদিনীয়া কেৰিয়াৰ । ১৪৯খন এদিনীয়া মেচত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰা এই কিংবদন্তি খেলুৱৈগৰাকীয়ে ৫.৪৬ ইকনমিৰে বলিঙত মুঠ ৩৯৯০ ৰান সংগ্ৰহ কৰি ৭৭টা উইকেট দখল কৰিছে । ২০১৫ আৰু ২০২৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ অংশ হিচাপেও তেওঁ আছিল । এই ফৰ্মেটত মেক্সৱেলৰ নামত চাৰিটা শতক আৰু ২৩টা অৰ্ধশতক আছে ।
গ্লেন মেক্সৱেলৰ ২০১ ৰানৰ অপৰাজিত ইনিংছ-
৩৬ বছৰীয়া খেলুৱৈগৰাকীয়ে ২০২৩ চনৰ বিশ্বকাপৰ সময়ত আফগানিস্তানৰ বিৰুদ্ধে ২০১ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল । এই ফৰ্মেটত এয়া গ্লেন মেক্সৱেলৰ কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ ইনিংছ আছিল । বলিঙৰ ক্ষেত্ৰতো তেওঁ বিপক্ষৰ বেটছমেনৰ বাবে সমস্যা হিচাপে প্ৰমাণিত হৈছে । তেওঁ চাৰিবাৰকৈ এটা ইনিংছত ৪টা উইকেট দখল কৰিছে । ফিল্ডিঙতো তেওঁৰ প্ৰদৰ্শন অতুলনীয় আছিল । এই ফৰ্মেটত তেওঁৰ নামত ৯১টা কেচ আছে ।
গ্লেন মেক্সৱেলৰ প্ৰতিক্ৰিয়া-
অৱসৰ লোৱাৰ সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰি মেক্সৱেলে কয়, ‘আৰম্ভণিতে অকালতে আৰু অভাৱনীয়ভাৱে নিৰ্বাচিত হোৱাটো মোৰ মনত আছে । অষ্ট্ৰেলিয়াৰ হৈ কেইখনমান মেচ খেলি গৌৰৱ অনুভৱ কৰিছো । তেতিয়াৰ পৰাই মই উত্থান-পতনৰ মাজেৰে পাৰ হৈ আহিছো, যেনে দলৰ বাহিৰত থকা, ঘূৰি অহা, কিছুমান বিশ্বকাপত খেলা আৰু ভাল দলৰ অংশ হোৱা ।’
দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ হেইনৰিখ ক্লাচেনেও ল’লে সন্যাস-
দক্ষিণ আফ্ৰিকাৰ তাৰকা উইকেটকীপাৰ বেটছমেন হেইনৰিখ ক্লাচেনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে । ক্লাচেনে ইনষ্টাগ্ৰামত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰি এই কথা নিশ্চিত কৰিছে । ২০২৪ চনৰ জানুৱাৰী মাহত ক্লাচেনে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল যদিও টি-২০ আন্তঃৰাষ্ট্ৰীয় আৰু এদিনীয়াত সক্ৰিয় আছিল । চলিত বৰ্ষৰ এপ্ৰিল মাহত ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ (চি এছ এ) কেন্দ্ৰীয় চুক্তিৰ বাবে তেওঁক অৱহেলিত কৰা হৈছিল ।
আৱেগিক হৈ পৰিল ক্লাচেন-
৩৩ বছৰীয়া হেইনৰিখ ক্লাচেনে ইনষ্টাগ্ৰামত লিখিছে, ‘মোৰ বাবে এইটো এটা দুখৰ দিন, মই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো । মোৰ আৰু মোৰ পৰিয়ালৰ ভৱিষ্যতৰ বাবে কি ভাল সেইটো নিৰ্ণয় কৰিবলৈ মোৰ বহু সময় লাগিছিল । সঁচাকৈয়ে কঠিন সিদ্ধান্ত আছিল যদিও একে সময়তে মই ইয়াৰ ওপৰত সম্পূৰ্ণ সন্তুষ্ট । আৰম্ভণিৰে পৰাই মোৰ দেশক প্ৰতিনিধিত্ব কৰাটো মোৰ বাবে আটাইতকৈ ডাঙৰ সন্মান ।’
ক্লাচেনৰ কেৰিয়াৰ-
সোঁহতীয়া বেটছমেন হেইনৰিখ ক্লাচেনে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ত অভিষেক ঘটায় । ২০১৯ চনত ৰাঁচীত ভাৰতৰ বিৰুদ্ধে তেওঁৰ টেষ্ট অভিষেকো ঘটিছিল । হেইনৰিখ ক্লাচেনে দক্ষিণ আফ্ৰিকাৰ হৈ ৪খন টেষ্ট, ৬০খন এদিনীয়া আৰু ৫৮খন টি-২০ মেচত অংশগ্ৰহণ কৰিছে ।
টেষ্ট ক্ৰিকেটত হেইনৰিখ ক্লাচেনে ১৩.০০ গড়ে ১০৪ ৰান সংগ্ৰহ কৰিছে । এদিনীয়াত তেওঁ ২১৪১ ৰান সংগ্ৰহ কৰিছিল, য’ত ৪ শতক আৰু ১১টা অৰ্ধশতক আছে । এদিনীয়াত ক্লাচেনৰ গড় আছিল ৪৩.৬৯ আৰু ষ্ট্ৰাইক ৰেট আছিল ১১৭.০৫ । ক্লাচেনে টি-২০ত গড়ে ২৩.২৫ আৰু ষ্ট্ৰাইক ৰেট ১৪১.৮৪ ৰে ১০০০ ৰান সংগ্ৰহ কৰিছে । টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ক্লাচেনে ৫টা অৰ্ধশতক অৰ্জন কৰিছে ।
আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অংশ হিচাপে আছে হেইনৰিচ ক্লাচেন । ক্লাচেনে ২০২৫ চনৰ আই পি এলত ১৪খন মেচ খেলিছিল, য’ত তেওঁ ৪৪.২৭ গড়ে ৪৮৭ ৰান সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত ক্লাচেনে ১টা শতক আৰু ১টা অৰ্ধশতক অৰ্জন কৰে । ২০২৫ চনৰ ২৫ মে’ত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ক্লাচেনে ৩৭টা বলত শতক অৰ্জন কৰে ।
লগতে পঢ়ক : এইবাৰ আইপিএলে লাভ কৰিব নতুন চেম্পিয়ন; আৰ চি বি-পাঞ্জাৱৰ মাজত খিতাপৰ যুঁজ