আপুনিও জুবিনৰ চিতাভস্ম বিচাৰে নেকি?
আজি সোণাপুৰত সম্পন্ন হ’ল মহানায়কৰ শেষকৃত্য অনুষ্ঠান। পঞ্চভুতত বিলীন হ’ল অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। জুবিন গাৰ্গৰ অস্থি ইতিমধ্যে জুবিন গাৰ্গৰ পৰিয়ালক অৰ্পণ কৰা হৈছে।
মহানায়কৰ এই চিতাভস্মক লৈ এতিয়া অসম চৰকাৰে এক ডাঙৰ ঘোষণা কৰিছে। প্ৰাণৰ শিল্পী গৰাকীৰ চিতাভস্মৰ বাবে অসম চৰকাৰে মুকলি কৰিব পৰ্টেল।সেই পৰ্টেলত আবেদন কৰিলেই লাভ কৰিব চিতাভস্ম।
এই চিতাভস্ম যোৰহাটলৈও লৈ যোৱা হ’ব। যোৰহাটৰ প্ৰস্তাৱিত সমাধিস্থলত ৰখা হ’ব এই চিতাভস্ম। শৃংখলিত ব্যৱস্থাৰ মাজেৰে অসমৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষে লাভ কৰিব চিতাভস্ম।
লগতে পঢ়ক: ‘মায়াবিনী ৰাতিৰ বুকুত….’; স্বামীৰ প্ৰিয় গীত গাই গৰিমা শইকীয়া গাৰ্গে দিলে শেষ বিদায়
Post Views: 25