মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় সেনাৰ সাহস আৰু মনোভাৱক প্ৰশংসা কৰে । তেওঁ কয় যে পাকিস্তানে যেতিয়াই ভাৰতৰ ঐক্য আৰু অখণ্ডতাক প্ৰত্যাহ্বান জনাবলৈ সাহস কৰিছিল তেতিয়াই ভাৰতীয় জোৱানসকলে শত্ৰুক সাহসেৰে পৰাস্ত কৰি দেশৰ গৌৰৱ অক্ষুন্ন ৰাখিছিল । ইয়াৰ উপৰিও ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ বাবে কংগ্ৰেছকো সমালোচনা কৰে তেওঁ ।
এল অ’ চিত পাকিস্তানৰ অবিৰত গুলীচালনাৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক কাৰ্যক প্ৰশংসা কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই । এক্সত তেওঁ লিখিছে ভাৰত-পাকিস্তান যুদ্ধ: ভাৰতৰ বীৰত্ব আৰু জয়ৰ ঐতিহ্য । স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ সাহসী সশস্ত্ৰ বাহিনীয়ে বাৰে বাৰে পাকিস্তানী আগ্ৰাসনৰ বিৰুদ্ধে আমাৰ দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰি দৃঢ়তাৰে থিয় দিছে । পাকিস্তানে যেতিয়াই ভাৰতৰ ঐক্য আৰু অখণ্ডতাক প্ৰত্যাহ্বান জনাবলৈ সাহস কৰিছিল তেতিয়াই আমাৰ জোৱানসকলে সাহসেৰে শত্ৰুক নিৰ্ণায়কভাৱে পৰাস্ত কৰিছিল আৰু ভাৰতৰ গৌৰৱ ৰক্ষা কৰিছিল ।
তেওঁ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা চাৰিখন যুদ্ধ, ১৯৪৭-৪৯ চনৰ ভাৰত-পাক যুদ্ধ, ১৯৬৫ চনৰ যুদ্ধ, ১৯৭১ চনৰ যুদ্ধ আৰু ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ বিষয়ে তথ্য প্ৰদান কৰে । শৰ্মাই কয় যে প্ৰতিটো ভাৰত-পাকিস্তানৰ সংঘাতে এটা চিৰন্তন সত্যৰ আঁত ধৰে । যেতিয়াই ভাৰতে আক্ৰমণৰ সন্মুখীন হৈছিল তেতিয়াই আমাৰ জোৱানসকল নিৰ্ভীক, অপৰাজিত আৰু নিজৰ সংকল্পত অটল হৈ আছিল । সাহস আৰু ত্যাগৰ এই উত্তৰাধিকাৰে প্ৰতিজন ভাৰতীয় নাগৰিকক অনুপ্ৰাণিত কৰি যাব । শৰ্মাই কয় যে আমাৰ সশস্ত্ৰ বাহিনী সকলো পৰিস্থিতিত ভাৰতৰ সাৰ্বভৌমত্ব আৰু সন্মান ৰক্ষাৰ বাবে সজাগ আৰু প্ৰতিশ্ৰুতিবদ্ধ । জয় হিন্দ ।
কংগ্ৰেছক তীক্ষ্ণ সমালোচনা-
কংগ্ৰেছকো লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই । অসম চৰকাৰৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ পূর্বে তথ্য সঠিকভাৱে জনাটো জৰুৰী বুলিও তেওঁ কয় ৷ অসম আৰক্ষীয়ে সাংসদ প্ৰদ্যুত বৰদলৈৰ সৈতে জড়িত ঘটনাৰ পুংখানুপুংখ তদন্ত কৰিছে । এতিয়া স্পষ্টভাৱে প্ৰতিষ্ঠা হৈছে যে আক্ৰমণকাৰী মহম্মদ ইমদাদুল ইছলাম । তেওঁ আছিল কংগ্ৰেছ কৰ্মী । যাক পঞ্চায়ত নিৰ্বাচনত নাকচ কৰা হৈছিল দলৰ টিকট । এই ঘটনা সম্পূর্ণৰূপে কংগ্রেছৰ ভিতৰৰ দলীয় আৰু অন্তর্যুদ্ধৰ ফল ৷ এয়া অসম চৰকাৰৰ পৃষ্ঠপোষকতা বা সমৰ্থিত কাৰ্য নাছিল । এই পৰীক্ষিত তথ্যৰ পৰিপ্ৰেক্ষিতত আপোনালোকে অসম চৰকাৰৰ বিৰুদ্ধে কৰা ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ মন্তব্য প্ৰত্যাহাৰ কৰিব বুলি আশা কৰিলোঁ ।