এছিয়া কাপ ২০২৫ ৰ বাবে ডুবাইত উপস্থিত টিম ইণ্ডিয়া
৯ ছেপ্টেম্বৰৰ পৰা ইউ এ ইত আৰম্ভ হবলগীয়া এছিয়া কাপ ২০২৫ ৰ বাবে ৪ ছেপ্টেম্বৰত ডুবাইত উপস্থিত হয় ভাৰতীয় দলটো।
এইবাৰ এছিয়া কাপ টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব,য’ত টিম ইণ্ডিয়াই সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত খেলা দেখা যাব।
২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ কথা মনত ৰাখি টিম ইণ্ডিয়াৰ বাবে এই প্ৰতিযোগিতাখন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে,এনে পৰিস্থিতিত বহু ভাৰতীয়ৰ চকু খেলুৱৈৰ ওপৰত থাকিব।ভাৰতীয় দলটোৱে ডুবাইত উপস্থিত হৈ এছিয়া কাপৰ বাবেও অনুশীলন আৰম্ভ কৰিছে।
ভাৰতীয় দলৰ ১৫ গৰাকী খেলুৱৈৰ আটাইকেইজনেই ডুবাইত উপস্থিত হৈ ৫ ছেপ্টেম্বৰৰ পৰা আই চি চি একাডেমীত দলটোৰ প্ৰথম অনুশীলনত অংশগ্ৰহণ কৰে।
দীৰ্ঘদিন পিছত টি-২০ ফৰ্মেটত খেলা দেখা যাব টিম ইণ্ডিয়া,য’ত তেওঁলোকে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে শেষৰখন মেচ খেলিছিল।
একে সময়তে এছিয়া কাপৰ বাবে ঘোষণা কৰা ১৫ জনীয়া ভাৰতীয় দলটোত ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহকো অন্তৰ্ভুক্ত কৰা হৈছে যি ২০২৪ চনত টি-২০ বিশ্বকাপৰ ফাইনেল মেচৰ পিছত এই ফৰ্মেটত টিম ইণ্ডিয়াৰ দলৰ অংশ হ’ব।
ভাৰতীয় দলটোৱে প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচ ১০ ছেপ্টেম্বৰত ডুবাই খেলপথাৰত ইউ এ ই দলৰ বিৰুদ্ধে খেলিব লাগিব।
লগতে পঢ়ক: এছিয়া কাপৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াৰ নতুন অৱতাৰ; সামাজিক মাধ্যমত বিশেষ পোষ্ট