আই চি চিয়ে নাকচ কৰিলে পাকিস্তানৰ দাবী
১৪ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা মেচত ৰেফাৰী হিচাপে থকা মেচ ৰেফাৰী এণ্ডি পাইক্ৰফ্টক অপসাৰণৰ দাবী জনাইছিল পাকিস্তানী দলে । পিচিবি (পাকিস্তান ক্ৰিকেট ব’ৰ্ড)ৰ অভিযোগ যে ভাৰতীয় দলটোৱে এণ্ডিৰ কাৰণে হাত হেণ্ডশ্বেক কৰা নাছিল । কিন্তু আই চি চিয়ে ইয়াক সম্পূৰ্ণৰূপে নাকচ কৰিছে । এছিয়া কাপৰ পৰা মেচ ৰেফাৰী এণ্ডি পাইক্ৰফ্টক অপসাৰণ কৰিবলৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ দাবী নাকচ কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে । বিষয়টোৰ তদন্তৰ অন্তত আই চি চিয়ে এই সিদ্ধান্তৰ বিষয়ে পিচিবিক অৱগত কৰিছে ।
পাকিস্তানে ইয়াক খেলৰ মনোভাৱৰ প্ৰতি অসন্মান বুলি গণ্য কৰি বুধবাৰে (১৭ ছেপ্টেম্বৰ) ইউ এ ইৰ বিৰুদ্ধে খেলখনৰ পৰা আঁতৰি অহাৰ হুংকাৰ দিয়ে । পিচিবিয়ে এণ্ডিক আই চি চি (আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ)ৰ পৰা অপসাৰণৰ দাবী জনাইছিল ।
১৪ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত ভাৰত-পাকিস্তানৰ খেলৰ সময়ত এই হেণ্ডশ্বেক বিতৰ্ক চৰ্চালৈ আহিছিল । টছৰ সময়ত ভাৰতীয় দলৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে পাকিস্তানী অধিনায়ক ছলমান আঘাক হেণ্ডশ্বেক কৰা নাছিল । মেচ শেষ হোৱাৰ পিছতো পাকিস্তানী দললৈ উভতিও নোছোৱাকৈ সূৰ্যই শিৱম ডুবেৰ সৈতে পোনে পোনে পেভিলিয়নলৈ উভতি যাই ।
ইয়াৰ পাছতে পাকিস্তানে ইউ এ ইৰ সৈতে থকা খেলখন বৰ্জন কৰিব বুলি ভাবুকি দিছে । তেওঁলোকে কৈছিল যে ভাৰত-পাকিস্তানৰ খেলৰ সময়ত ৰেফাৰী হিচাপে থকা এণ্ডি পাইক্ৰফ্টক অপসাৰণ কৰিব লাগে । কিন্তু এতিয়া আই চি চিয়ে পাইক্ৰফ্ট আঁতৰাবলৈ অস্বীকাৰ কৰিছে । এনে পৰিস্থিতিত এতিয়া পাকিস্তানী দলটোৱে এছিয়া কাপৰ পৰা আঁতৰি যাব নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে ।
এছিয়া কাপত ইউ এ ইৰ বিৰুদ্ধে খেলিব নে নেখেলে পাকিস্তান দলে ?
এতিয়া প্ৰশ্ন হ’ল পাকিস্তান দলটোৱে ইউ এ ইৰ বিৰুদ্ধে খেলিব নে নেখেল ? কাৰণ তেওঁলোকে নেখেলাৰ অৰ্থ হ’ল এছিয়া কাপত তেওঁলোকৰ যাত্ৰা শেষ । আচলতে মঙলবাৰে (১৫ ছেপ্টেম্বৰ) ইউ এ ইয়ে ওমানক ৪২ ৰানত পৰাস্ত কৰে । যাৰ বাবে গ্ৰুপ এত থকা ওমান প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয় । ইতিমধ্যে ভাৰতীয় দলে ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন কৰিছে । ইউ এ ইও এতিয়া ছুপাৰ-৪ৰ দৌৰত আছে ।
ওমান বাহিৰ হোৱাৰ লগে লগে ভাৰত প্ৰথমে ছুপাৰ-৪ত প্ৰৱেশ কৰে । কিন্তু ইয়াৰ ফলত শুকুৰবাৰে (১৯ ছেপ্টেম্বৰ) ভাৰত আৰু ওমানৰ মাজত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী মেচখন অকাৰ্যকৰী হৈ পৰিছে ।
অঘটন ঘটাব নেকি ইউ এ ইয়ে ?
বুধবাৰে (১৭ ছেপ্টেম্বৰ) ইউ এ ইৰ সৈতে খেলখন বৰ্জন কৰাৰ ভাবুকি দিছিল পাকিস্তানে । য’ত এণ্ডি পাইক্ৰফ্ট মেচ ৰেফাৰী । এই মেচখন ইউ এ ই আৰু পাকিস্তান দুয়োৰে বাবে গুৰুত্বপূৰ্ণ । কাৰণ এই মেচত জয়ৰ অৰ্থ হ’ল পোনপটীয়াকৈ ছুপাৰ ৪ত উপনীত হোৱা । যদি ইউ এ ইয়ে অঘটন ঘটাই পাকিস্তানক পৰাস্ত কৰে, তেন্তে ভাৰতৰ সৈতে ছুপাৰ-৪ খেলা দেখা যাব । তাৰ পিছত দেওবাৰে (২১ ছেপ্টেম্বৰ) ভাৰতে ইউ এ ইৰ বিৰুদ্ধে খেলিব, যিটো আগতে ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যেন লাগিছিল ।
উল্লেখ্যযে পিচিবিৰ মুৰব্বী মহছিন নাকভিয়ে এক্সত নিজৰ ক্ষোভ উজাৰিছিল য’ত পিচিবিয়ে আই চি চিত অভিযোগ দাখিল কৰিছিল আৰু মেচ ৰেফাৰীক এছিয়া কাপৰ পৰা শীঘ্ৰে অপসাৰণ কৰাৰ দাবী জনাইছিল । আচলতে অধিনায়ক সূৰ্য্য আৰু টিম ইণ্ডিয়াই পাকিস্তানী দলৰ লগত মিলোৱা নাছিল । ইয়াৰ পিছত পিচিবিয়ে এই বিষয়ত এচিচি আৰু আই চি চিক অভিযোগ কৰে । পাকিস্তানে বিশ্বাস কৰিছিল যে ভাৰতে খেলৰ মনোভাৱ উলংঘা কৰিছে আৰু এই সকলোবোৰ মেচ ৰেফাৰীৰ প্ৰৰোচনাৰ বাবেই ঘটিছিল ।
লগতে পঢ়ক : এছিয়া কাপৰ ছুপাৰ-৪ৰ বাবে যোগ্যতা অৰ্জন টিম ইণ্ডিয়াৰ… নিৰ্বাপিত হোৱাৰ পথত পাকিস্তানৰ আশা