পাকিস্তানী নিৰ্বাচক আকিব জাভেদৰ বিস্ফোৰক মন্তব্য
এছিয়া কাপ ২০২৫ৰ বাবে পাকিস্তানে ইতিমধ্যে তেওঁলোকৰ নিজৰ দল ঘোষণা কৰিছে।দল ঘোষণাৰ পাছতে ভাৰতৰ বিৰুদ্ধে খেলিব লগীয়া খেলখন সন্দৰ্ভত পাকিস্তানী দল নিৰ্বাচক আকিব জাভেদৰ পৰাও এটা ডাঙৰ বক্তব্য আহিছে।
আগন্তুক এছিয়া কাপত পাকিস্তানে ভাৰতৰ সৈতে গ্ৰুপ এত স্থান লাভ কৰিছে,য’ত ১৪ ছেপ্টেম্বৰত ডুবাইৰ খেলপথাৰত তেওঁলোকে টিম ইণ্ডিয়াৰ বিৰুদ্ধে খেলিব।এই মেচখনৰ বিষয়ে বৰ্তমান সকলোতে চৰ্চা দেখা গৈছে।
একে সময়তে পাকিস্তানে এছিয়া কাপৰ বাবে তেওঁলোকৰ দুই ডাঙৰ তাৰকা খেলুৱৈ বাবৰ আজম আৰু মহম্মদ ৰিজৱানক বাছনি কৰা নাই।
এছিয়া কাপৰ দল ঘোষণাৰ পিছতে পাকিস্তানৰ দলৰ নিৰ্বাচক আকিব জাভেদে দিয়া নিজৰ মন্তব্যত ভাৰতৰ বিৰুদ্ধে খেলখন সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় পাকিস্তানী টি-২০ দলে ভাৰতক পৰাস্ত কৰিব পাৰে।
ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন সদায় ডাঙৰ খেল।আমি ঘোষণা কৰা ১৭ জনীয়া দলটোত ভাৰতীয় দলক পৰাস্ত কৰাৰ সম্পূৰ্ণ শক্তি আছে।
এই মেচখন সন্দৰ্ভত আমি তেওঁলোকৰ ওপৰত কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰিব নিবিচাৰো যদিও মোৰ দলৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে।
এছিয়া কাপ ২০২৫ৰ বাবে পাকিস্তানী দলত বাবৰ আজম আৰু মহম্মদ ৰিজৱানক নিৰ্বাচিত নকৰাৰ বিষয়ে জাভেদে কয় যেআমি তেওঁলোকক সম্পূৰ্ণৰূপে আওকাণ কৰা নাই,কিন্তু যিয়ে ভাল প্ৰদৰ্শন কৰিব তেওঁ হে দলত স্থান পাব।
লগতে পঢ়ক: এছিয়া কাপৰ পূৰ্বে পৰিয়ালসহ উজ্জয়িনৰ মহাকালৰ মন্দিৰত উপস্থিত গৌতম গম্ভীৰ…