বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ বয়স ৩৭ বছৰ যদিও তেওঁৰ ফিটনেছ দেখি তেওঁৰ বয়স শুদ্ধকৈ অনুমান কৰিব পৰা নাযায়।
অভিনেত্ৰীগৰাকীৰ ফিটনেছৰ আঁৰৰ কাৰণ হৈছে তেওঁৰ স্বাস্থ্যসন্মত সুষম খাদ্য পৰিকল্পনা আৰু তীব্ৰ ৱৰ্কআউট ৰুটিন।আপুনি হয়তো জানি আচৰিত হ’ব যে এইগৰাকী বলীউডৰ অভিনেত্ৰীয়ে চেনি, গাখীৰ, ৰুটি আদি বস্তু নাখায়।
এটা সাক্ষাৎকাৰত বলীউডৰ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে কৈছিল যে তেওঁ গ্লুটেন, চেনি আৰু দুগ্ধজাত সামগ্ৰী পৰিহাৰ কৰে।
অভিনেত্ৰীগৰাকীৰ মতে, এই খাদ্য সামগ্ৰীৰ পৰিৱৰ্তে তেওঁ আন কিছুমান স্বাস্থ্যসন্মত বিকল্প গ্ৰহণ কৰে।ঘেঁহুৰ দৰে গ্লুটেন সমৃদ্ধ খাদ্য সামগ্ৰীয়ে আপোনাৰ আন্ত্ৰিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।
যদি আপুনিও অনুষ্কা শৰ্মাৰ দৰে ফিট হব বিচাৰে তেন্তে ঘেঁহুৰ সলনি ৰাগী ব্যৱহাৰ কৰিব পাৰে, বাজৰা, জলকীয়া আৰু কুইনোয়াৰ দৰে শস্যক খাদ্য পৰিকল্পনাৰ অংশ হিচাপে ল’ব পাৰে।
এই শস্যবোৰ সোৱাদযুক্ত হোৱাৰ উপৰিও আপোনাৰ স্বাস্থ্যৰ বাবেও উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।ইয়াৰ উপৰিও অনুষ্কাই সাধাৰণ গাখীৰৰ সলনি আলমণ্ডৰ গাখীৰ খায়।
স্বাস্থ্যসন্মত সুষম খাদ্য পৰিকল্পনাই আপোনাৰ স্বাস্থ্যৰ লগতে ছালৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলাব পাৰে।
(এই লেখাত পৰামৰ্শ দিয়া টিপছবোৰ কেৱল সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্যৰ সৈতে জড়িত যিকোনো ধৰণৰ ফিটনেছ প্ৰগ্ৰেম আৰম্ভ কৰাৰ আগতে বা খাদ্য তালিকাত কোনো পৰিৱৰ্তন কৰাৰ আগতে বা কোনো ৰোগৰ সৈতে জড়িত কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে অনুগ্ৰহ কৰি চিকিৎসকৰ পৰামৰ্শ লওক।)