ঐতিহাসিক জয়ৰ পিছত বৃন্দাবনত উপস্থিত বিৰাট-অনুষ্কা; প্ৰেমানন্দ মহাৰাজৰ পৰা ললে আশীৰ্বাদ

আই পি এলত আৰচিবিৰ জয়লাভৰ পাছতে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই বৃন্দাবনত প্ৰেমানন্দ মহাৰাজ জীৰ আশীৰ্বাদ লয়।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত গুজৰাট টাইটানছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ আকৰ্ষণীয় আৰু ঐতিহাসিক বিজয়ৰ পিছত দলৰ তাৰকা বেটছমেন বিৰাট কোহলী পত্নী অনুষ্কা শৰ্মাৰ সৈতে পুনৰবাৰ আধ্যাত্মিক যাত্ৰাত গৈছে। সোমবাৰে এই বিখ্যাত দম্পতীহাল বৃন্দাবনত উপস্থিত হয়, য’ত আধ্যাত্মিক গুৰু প্ৰেমানন্দ মহাৰাজৰ আশ্ৰমৰ ওচৰত তেওঁলোকক দেখা পোৱা যায়। বিৰাট আৰু অনুষ্কাই ৰাধা কেলি কুঞ্জ আশ্ৰমত মূৰ দোঁৱাই মহাৰাজ জীৰ আশীৰ্বাদ লয়। ছচিয়েল মিডিয়াত তেওঁলোকৰ কেইবাখনো ছবি আৰু ভিডিঅ’ অতি ক্ষিপ্ৰতাৰে ভাইৰেল হৈ পৰিছে, যিবোৰত দুয়োকে আশ্ৰমৰ পৰা ওলাই অহা দেখা গৈছে।

লাইমলাইটৰ পৰা আঁতৰি থাকিবলৈ দুয়ো অতি সাধাৰণ পোছাকত আছিল আৰু নিজৰ মুখ ঢাকি ৰাখিছিল। অনুষ্কা আৰু বিৰাটক অতি সাধাৰণ ৰূপত দেখিবলৈ পোৱা গৈছে।দুয়োকে অতি সাদৰ আৰু সৰলতাৰে উদং ভৰিৰে খোজ কাঢ়ি থকা দেখা গৈছিল। জয়ৰ পিছত দুয়ো নিজৰ সুখবোৰ প্ৰেমানন্দ মহাৰাজৰ সৈতে ভাগ-বতৰা বাবে গৈছে।

লগতে পঢ়ক: ‘তেওঁ গ’ল্ড ডিগাৰ নাছিল, মইহে কেপ্ট বয়ফ্ৰেণ্ড আছিলো’; সুষ্মিতা সেন সন্দৰ্ভত প্ৰথমবাৰলৈ ললিত মোদীৰ প্ৰতিক্ৰিয়া

‘বেক টু বেক বিশ্বকাপ জয়’ ;লণ্ডনৰ পৰা টিম ইণ্ডিয়াৰ বাবে বিশেষ পোষ্ট অনুষ্কা শৰ্মাৰ

অনুষ্কা শৰ্মাই যদিও বৰ্তমান লণ্ডনত বাস কৰে, কিন্তু তেওঁৰ সমগ্ৰ মনোযোগ টি-২০ বিশ্বকাপৰ ফাইনেল মেচত আছিল । বিশ্বকাপৰ খিতাপ লাভ কৰাৰ পিছতেই অনুষ্কা শৰ্মাই টিম ইণ্ডিয়াৰ বাবে দিলে বিশেষ পোষ্ট।

ভাৰতৰ ঐতিহাসিক বিজয়ৰ উদযাপন কেৱল দেশৰ সীমান্ততে সীমাবদ্ধ হৈ থকা নাই। ইয়াৰ প্ৰতিধ্বনি সাত সাগৰৰ সিপাৰে লণ্ডনৰ ৰাজপথটো শুনা গৈছে।

এই জয়ৰ পিছতেই লণ্ডনত বাস কৰা অনুষ্কা শৰ্মাই ভাৰতীয় দলৰ এই জয়ক লৈ এক অতি বিশেষ পোষ্ট কৰিছে,যিটো ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অনুষ্কাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ জৰিয়তে টিম ইণ্ডিয়াৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধা প্ৰকাশ কৰে।

সুখ প্ৰকাশ কৰি অনুষ্কা শৰ্মাই লিখিছে,’এই দুৰ্দান্ত জয়ৰ বাবে আকৰ্ষণীয় দলটোক আন্তৰিক অভিনন্দন!বেক টু বেক বিশ্বকাপ জয়!’ এই পোষ্টটোত অনুষ্কাই ভাৰতৰ পতাকাৰ ইমোজিও ব্যৱহাৰ কৰিছে।

বেক টু বেক বিশ্বকাপৰ কথা উল্লেখ কৰি তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতীয় ক্ৰিকেট দলটোৱে বৰ্তমান সোণালী সময়েৰে পাৰ কৰিছে।আৰু বিশ্বৰ মঞ্চত আধিপত্য বিস্তাৰ কৰি আছে। অনুষ্কা শৰ্মাই এই পোষ্টটো দিয়াৰ পিছতেই সামাজিক মাধ্যমত এইটো ভাইৰেল হৈ পৰিছে।  

লগতে পঢ়ক: ‘যেতিয়াৰ পৰা মোৰ জীৱনলৈ মাহিকা আহিছে…’; খিতাপ জয়ৰ পিছতে হাৰ্দিক পাণ্ডিয়াই প্ৰেয়সীক ক’লে সৰ্বস্ব

বিৰাট কোহলীৰ বাবে বামিকাই লিখিলে চিঠি; ভাবুক হৈ অনুষ্কাই কৰিলে শ্বেয়াৰ

বিৰাট কোহলীৰ বাবে বামিকাই লিখিলে চিঠি

আজি পিতৃ দিৱস আৰু সমগ্ৰ ছচিয়েল মিডিয়া পিতৃ দিৱসৰ পোষ্টেৰে ভৰি পৰিছে।বলীউডৰ চেলিব্ৰিটিসকলেও এই বিশেষ দিনটোত নিজৰ নায়ক অৰ্থাৎ পিতৃৰ বাবে মৰমলগা পোষ্ট শ্বেয়াৰ কৰিছিল আৰু তেওঁলোকৰ প্ৰতি মৰম প্ৰকাশ কৰিলে।

তাৰকা সকলে নিজৰ নিজৰ পিতৃৰ ফটো শ্বেয়াৰ কৰি তেওঁলোকৰ স্মৃতি মনত পেলাইছে। অনুষ্কা শৰ্মাইও তেওঁৰ পিতৃ কৰ্ণেল অজয় ​​কুমাৰ শৰ্মা আৰু স্বামী বিৰাট কোহলীৰ নামত এটা হৃদয়স্পৰ্শী পোষ্ট শ্বেয়াৰ কৰিছে।

বিৰাট কোহলী বামিকা আৰু অকায়ৰ পিতৃ। অনুষ্কাই বামিকাৰ বাৰ্থডে পাৰ্টিৰ সময়ত দেউতাকৰ এখন সুখী ফটো শ্বেয়াৰ কৰিছে।আনহাতে আন এখন ফটোত বিৰাটৰ নামত লিখা ৪ বছৰীয়া বামিকাৰ এটা টোকা শ্বেয়াৰ কৰা হৈছে।

অনুষ্কা শৰ্মাৰ পিতৃ দিৱসৰ পোষ্ট

অনুষ্কা শৰ্মাই নিজৰ ইনষ্টাগ্ৰামত দুখন ছবি পোষ্ট কৰিছে। প্ৰথমখন ফটোত তেওঁৰ পিতৃ কৰ্ণেল অজয় ​​কুমাৰ শৰ্মা, বামিকাৰ জন্মদিনৰ পাৰ্টিত তেওঁক আনন্দৰে পোজ দিয়া দেখা গৈছে।

পৰৱৰ্তী ছবিখনত এখন পিতৃ দিৱসৰ শুভেচ্ছা কাৰ্ড, যিখনত বিৰাটৰ বাবে হাতেৰে লিখা এটা হৃদয়স্পৰ্শী টোকা আছে। তাৰ ওপৰত তেওঁলোকৰ জীয়ৰী বামিকাৰ নাম লিখা আছে।

পোষ্টো শ্বেয়াৰ কৰি অনুষ্কাই লিখিছে যে,“মই ভালপোৱা প্ৰথমজন মানুহ আৰু আমাৰ ছোৱালীজনীয়ে কৰা প্ৰথমজন মানুহ…সকলো ধুনীয়া পিতৃলৈ পিতৃ দিৱসৰ শুভেচ্ছা থাকিল।”

বামিকাই পিতৃ বিৰাটৰ বাবে লিখিলে চিঠি

অনুষ্কাই শ্বেয়াৰ কৰা চিঠিখনত ওপৰত বেলেগ এটা হাতৰ আখৰ আৰু তলত বেঁকা আখৰেৰে বামিকাৰ নাম লিখা আছে, যাৰ পৰা অনুমান কৰিব পাৰি যে অনুষ্কাই বামিকাৰ অনুৰোধত বামিকাৰ পিতৃ বিৰাটৰ বাবে এই চিঠিখন লিখিছে।

কাৰ্ডখনত লিখা আছিল,“ তেওঁ দেখাত মোৰ ভাইটিৰ দৰে, তেওঁ বহুত ভাল, তেওঁ মোক মৰম কৰে, ময়ো তেওঁক বহুত ভালপাওঁ ইমান ,বামিকা”।

অনুষ্কা শৰ্মাই এই পোষ্ট সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে। বহু অনুৰাগীয়ে এই পোষ্টটোত মৰম দিছে।

লগতে পঢ়ক: DNA পৰীক্ষাত কৰা হৈছে চিনাক্ত; আত্মীয়ক গতালে ২৭ টা মৃতদেহ

অনুষ্কা শৰ্মাই কেতিয়াও নাখায় চেনী, গাখীৰ আৰু ৰুটী;  ইয়াৰ আঁৰৰ কাৰণ কি?

বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ বয়স ৩৭ বছৰ যদিও তেওঁৰ ফিটনেছ দেখি  তেওঁৰ বয়স শুদ্ধকৈ অনুমান কৰিব পৰা নাযায়।

অভিনেত্ৰীগৰাকীৰ ফিটনেছৰ আঁৰৰ কাৰণ হৈছে তেওঁৰ স্বাস্থ্যসন্মত সুষম খাদ্য পৰিকল্পনা আৰু তীব্ৰ ৱৰ্কআউট ৰুটিন।আপুনি হয়তো জানি আচৰিত হ’ব যে এইগৰাকী বলীউডৰ অভিনেত্ৰীয়ে চেনি, গাখীৰ, ৰুটি আদি বস্তু নাখায়।

এটা সাক্ষাৎকাৰত বলীউডৰ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে কৈছিল যে তেওঁ গ্লুটেন, চেনি আৰু দুগ্ধজাত সামগ্ৰী পৰিহাৰ কৰে।

অভিনেত্ৰীগৰাকীৰ মতে, এই খাদ্য সামগ্ৰীৰ পৰিৱৰ্তে তেওঁ আন কিছুমান স্বাস্থ্যসন্মত বিকল্প গ্ৰহণ কৰে।ঘেঁহুৰ দৰে গ্লুটেন সমৃদ্ধ খাদ্য সামগ্ৰীয়ে আপোনাৰ আন্ত্ৰিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।

যদি আপুনিও অনুষ্কা শৰ্মাৰ দৰে ফিট হব বিচাৰে তেন্তে ঘেঁহুৰ সলনি ৰাগী ব্যৱহাৰ কৰিব পাৰে, বাজৰা, জলকীয়া আৰু কুইনোয়াৰ দৰে শস্যক খাদ্য পৰিকল্পনাৰ অংশ হিচাপে ল’ব পাৰে।

এই শস্যবোৰ সোৱাদযুক্ত হোৱাৰ উপৰিও আপোনাৰ স্বাস্থ্যৰ বাবেও উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।ইয়াৰ উপৰিও অনুষ্কাই সাধাৰণ গাখীৰৰ সলনি আলমণ্ডৰ গাখীৰ খায়।

স্বাস্থ্যসন্মত সুষম খাদ্য পৰিকল্পনাই আপোনাৰ স্বাস্থ্যৰ লগতে ছালৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলাব পাৰে।

(এই লেখাত পৰামৰ্শ দিয়া টিপছবোৰ কেৱল সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্যৰ সৈতে জড়িত যিকোনো ধৰণৰ ফিটনেছ প্ৰগ্ৰেম আৰম্ভ কৰাৰ আগতে বা খাদ্য তালিকাত কোনো পৰিৱৰ্তন কৰাৰ আগতে বা কোনো ৰোগৰ সৈতে জড়িত কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে অনুগ্ৰহ কৰি চিকিৎসকৰ পৰামৰ্শ লওক।)

চিৰদিনৰ বাবে ভাৰত এৰিব বিৰাট কোহলিয়ে ! ইংলেণ্ডেই হ’ব স্থায়ী ঠিকনা , পত্নী-সন্তানৰ বাবে ল’লে সিদ্ধান্ত

টীম ইণ্ডিয়াৰ কিংবদন্তি খেলুৱৈ বিৰাট কোহলী বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত আছে। তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টেষ্ট মেচত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে। এতিয়া, কোহলীৰ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ বাতৰি ওলাইছে।

জানিব পৰা মতে ভাৰত এৰি বৃটেইনৰ নাগৰিকত্ব গ্ৰহণৰ দিশে আগবাঢ়িছে টীম ইণ্ডিয়াৰ কিংবদন্তি বিৰাট কোহলী। অতি শীঘ্ৰে পত্নী অনুষ্কা শৰ্মা আৰু দুই সন্তান বামিকা আৰু আকায়ৰ সৈতে ভাৰত এৰি লণ্ডনলৈ যাব ক্ৰিকেটাৰগৰাকী।

এই কথা নিশ্চিক কৰিছে বিৰাট কোহলিৰ শৈশৱৰ প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই। ক্ৰিকেটৰ পৰা অৱসৰৰ পিছত লণ্ডনত থকাৰ পৰিকল্পনা বিৰাট কোহলীৰ।

ৰাজকুমাৰ শৰ্মাই এটা সাক্ষাৎকাৰত কয় যে “বিৰাটে তেওঁৰ পৰিয়ালৰ সৈতে সোনকালেই ভাৰত এৰি  লণ্ডনৰ বাসিন্দা হোৱাৰ পৰিকল্পনা কৰিছে।তেওঁ দুয়োটি সন্তানক এক উন্নত জীৱনশৈলী আৰু পৰিৱেশ প্ৰদান কৰিব বিচাৰে, যাৰ বাবে এই সিদ্ধান্ত লৈছে”।

কোহলী আৰু অনুষ্কা লণ্ডনলৈ যোৱাৰ বিষয়ে আলোচনা কিছু সময়ৰ পৰা চলিয়েই আছে। অৱশ্যে, এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাছিল।

কিন্তু প্ৰথমবাৰৰ বাবে, কোনোবাই কোহলীয়ে চিৰদিনৰ বাবে ভাৰত এৰি য়োৱাৰ বিষয়ে মন্তব্য কৰিছে। বিৰাট কোহলীৰ নতুন ঘৰ লণ্ডনত হ’ব। অৱশ্যে, তেওঁ এতিয়ালৈকে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া দিয়া নাই।