কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে কেবিনেটত বৃহৎ সালসলনি কৰিছে । তেওঁ ভাৰতীয় মূলৰ অনিতা আনন্দক বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিছে । পূৰ্বৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো চৰকাৰতো অনিতা কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ।
অনিতা আনন্দে পবিত্ৰ হিন্দু শাস্ত্ৰ গীতাত হাত থৈ পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে । তেওঁ কানাডাৰ বৈদেশিক মন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাত মই সন্মানিত অনুভৱ কৰিছো বুলি মন্তব্য কৰে । তেওঁ কয় যে, মই প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি আৰু আমাৰ দলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি এখন উন্নত আৰু সুৰক্ষিত পৃথিৱী গঢ়ি তুলিবলৈ আগ্ৰহী ।
উল্লেখ্য যে, মেলোনি জ’লীৰ ঠাইত অনিতাক বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে । জলীক উদ্যোগ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে । কাৰ্নীৰ মন্ত্ৰীসভাৰ আধা সদস্য মহিলা । প্ৰধানমন্ত্ৰী কাৰ্নীয়ে কয় যে তেওঁৰ মন্ত্ৰীসভাই কানাডাৰ জনসাধাৰণৰ ইচ্ছা আৰু প্ৰয়োজন অনুসৰি পৰিৱৰ্তন আনিবলৈ কাম কৰিব ।
ভাৰতৰ সৈতে অনিতাৰ কি সম্পৰ্ক ?
অনিতা আনন্দ ভাৰতীয় মূলৰ । তেওঁৰ পিতৃ তামিলনাডুৰ, মাতৃ পঞ্জাৱৰ । কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ পিতৃ-মাতৃয়ে কানাডাত বসতি স্থাপন কৰে । তেওঁ গীতাত হাত থৈ বৈদেশিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।
ট্ৰুডো চৰকাৰৰ পৰিবহণ আৰু বাণিজ্য মন্ত্ৰীও হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে তেওঁ । ১৯৬৭ চনত নোভা স্কটিয়াত জন্মগ্ৰহণ কৰিছিল অনিতাই । তেওঁৰ পিতৃ-মাতৃ দুয়ো চিকিতসক । অনিতাই টৰন্টো বিশ্ববিদ্যালয়ৰ আইন অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
২০১৯ চনত প্ৰথমবাৰৰ বাবে অকভিলৰ পৰা সাংসদ নিৰ্বাচিত হোৱা অনিতাই ২০২১ চনৰ পৰা ২০২৩ চনলৈ প্ৰতিৰক্ষা মন্ত্ৰী আৰু ২০২৩ চনৰ পৰা ২০২৪ চনলৈ ট্ৰেজাৰী ব’ৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । ২০২৫ চনৰ নিৰ্বাচনত নিজৰ আসন অক্ষুণ্ণ ৰাখি মাৰ্ক কাৰ্নী চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব তেওঁ । ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে পেছাত এগৰাকী উকীল আৰু অধ্যাপিকা আছিল অনিতা আনন্দ ।