ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাত গঢ়িল এই ১০টা ডাঙৰ অভিলেখ
ভাৰতীয় ক্ৰিকেট দলটোৱে অ’ভেলত অনুষ্ঠিত হোৱা এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফীৰ পঞ্চমখন টেষ্টত জয়লাভ কৰি শৃংখলাটো ২-২ ব্যৱধানত সমতা স্থাপন কৰে । এই জয়ত সোঁহতীয়া বেগী বলাৰ মহম্মদ ছিৰাজে ডাঙৰ ভূমিকা পালন কৰিছিল । খেলখনত ৯টা উইকেট দখল কৰা ছিৰাজ মেন অৱ দ্য মেচ হিচাপে বিবেচিত হয় । ইংলেণ্ডক অন্তিম দিনটোত মাত্ৰ ৩৫ ৰানৰ প্ৰয়োজন হৈছিল আৰু ভাৰত চাৰিটা উইকেট দূৰত আছিল । বহুতে বিশ্বাস কৰা নাছিল যে ভাৰতীয় দলে এই মেচখনত জয়ী হ’ব কিন্তু মহম্মদ ছিৰাজে এনেকুৱা কাম কৰিছিল যিটো ক্ৰিকেট প্ৰেমীসকলে সদায়ে মনত ৰাখিব ।
বাকী থকা চাৰি উইকেটৰ ভিতৰত তিনিটা উইকেট দখল কৰি ছিৰাজে ভাৰতক ৬ ৰানত জয় প্ৰদান কৰে । ইয়াৰ লগে লগে শেহতীয়া সময়ৰ অন্যতম কঠিন আৰু নাটকীয় শৃংখলাৰ এক সুন্দৰ অন্ত পৰে । এই টেষ্ট শৃংখলাত এনে বহু অভিলেখ গঢ় লৈ উঠিছিল যিটো বিশ্ব ক্ৰিকেটে সদায় মনত ৰাখিব ।
মহম্মদ ছিৰাজে সৃষ্টি কৰিলে ইতিহাস-
ইংলেণ্ডত অনুষ্ঠিত পাঁচখনীয়া টেষ্ট শৃংখলাত মহম্মদ ছিৰাজৰ উজ্জ্বল প্ৰদৰ্শন তেওঁৰ পৰিসংখ্যাত দেখা গৈছে । ২৩টা উইকেট দখল কৰি ইংলেণ্ডত টেষ্ট শৃংখলাত সৰ্বাধিক উইকেট দখল কৰাৰ ভাৰতীয় বলাৰ যশপ্ৰীত বুমৰাহৰ অভিলেখ স্পৰ্শ কৰিছে তেওঁ । ২০২১-২২ বৰ্ষত এই কৃতিত্ব অৰ্জন কৰি বুমৰাহে ভুৱনেশ্বৰ কুমাৰ (১৯)ৰ অভিলেখ ভংগ কৰে । এই শৃংখলাৰ পৰা আৰম্ভ হোৱা এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফীতো ছিৰাজ সৰ্বাধিক উইকেট দখলকাৰী । ছিৰাজৰ পিছত ইংলেণ্ডৰ জোছ টংগে (১৯) দ্বিতীয় স্থান লাভ কৰে । ২০২০ চনত প্ৰথমবাৰৰ বাবে টেষ্ট ফৰ্মেটত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে ছিৰাজে । এই সময়ছোৱাত তেওঁ পাঁচবাৰকৈ এটা ইনিংছত ৫টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে । তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন ১৫ ৰানত ৬ উইকেট ।
ৰাণৰ ক্ষেত্ৰত আটাইতকৈ ওচৰৰ জয়-
অভেল টেষ্টত ভাৰতে ৬ ৰানত জয়লাভ কৰে যি টেষ্ট ক্ৰিকেটত ৰানৰ ক্ষেত্ৰত একেবাৰে ওচৰৰ জয় । ইয়াৰ পূৰ্বৰ অভিলেখ আছিল ২০০৪ চনত মুম্বাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৩ ৰানত জয়লাভ । এই শৃংখলাত ভাৰতে মুঠ ৩,৮০৯ ৰান সংগ্ৰহ কৰিছিল, যিটো ৫খন খেলৰ টেষ্ট শৃংখলাত যিকোনো দলৰ সৰ্বাধিক স্ক’ৰ ।
ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলা জয়ৰ বাবে ইংলেণ্ডৰ অপেক্ষা বৃদ্ধি-
ভাৰতৰ বিৰুদ্ধে একেৰাহে চতুৰ্থখন টেষ্ট শৃংখলাত ইংলেণ্ড জয়ী হোৱাত ব্যৰ্থ হয় । এই ধাৰা ২০১৮ চনৰ পৰা চলি আহিছে । পৰম্পৰাগত ফৰ্মেটত ধাৰাবাহিকভাৱে সফলতা লাভ কৰিব নোৱাৰাৰ এইটোৱেই হৈছে ইংলেণ্ডৰ দ্বিতীয়টো দীঘলীয়া সময় । ইয়াৰ পূৰ্বে ১৯৯৬ চনৰ পৰা ২০১১ চনৰ ভিতৰত পাঁচখন ছিৰিজত জয়হীন হৈ আছিল দলটো ।
গাভাস্কাৰৰ অভিলেখ স্পৰ্শ ৰুটৰ-
ইংলেণ্ডৰ কিংবদন্তি বেটছমেন জো ৰুটে অভেল টেষ্টৰ দ্বিতীয় ইনিংছত ১০৪ ৰান সংগ্ৰহ কৰি ভাৰতৰ বিৰুদ্ধে টেষ্টত তেওঁৰ ত্ৰয়োদশ শতক আৰু সামগ্ৰিকভাৱে ১৬ সংখ্যক শতক অৰ্জন কৰে । লগে লগে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথৰ অভিলেখ স্পৰ্শ কৰে । ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১৩টা শতক অৰ্জন কৰা মহান বেটছমেন সুনীল গাভাস্কাৰৰ অভিলেখকো স্পৰ্শ কৰিছে ৰুটে । এখন দেশৰ বিৰুদ্ধে টেষ্টত সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত এতিয়া মাত্ৰ ডন ব্ৰেডমেন (ইংলেণ্ডৰ বিৰুদ্ধে ১৯ শতক)হে তেওঁৰ পৰা আগবাঢ়ি আছে । ইয়াৰ উপৰিও ৰুট ডব্লিউ টি চিৰ ইতিহাসত ৬ হাজাৰ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপেও পৰিগণিত হৈছে ।
ভাৰত আৰু ইংলেণ্ডৰ মাজত হোৱা শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত গীল-
ভাৰতীয় অধিনায়ক শুভমন গীলে এই শৃংখলাত ৭৫৪ ৰান সংগ্ৰহ কৰি সুনীল গাভাস্কাৰ আৰু ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক গ্ৰেহাম গুচৰ দৰে দুজন মহান বেটছমেনক অতিক্ৰম কৰে । তেওঁ অধিনায়ক হিচাপে ছিৰিজত সৰ্বাধিক ৰান সংগ্ৰহ কৰি গাভাস্কাৰৰ (৭৩২) অভিলেখ অতিক্ৰম কৰে । ভাৰত আৰু ইংলেণ্ডৰ মাজত শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহৰ ৩৫ বছৰীয়া গুচৰ (৭৫২) অভিলেখ ভংগ কৰে গীলে ।
টেষ্ট শৃংখলাত দ্বিতীয়বাৰৰ বাবে সৰ্বাধিক ৰান সংগ্ৰহ-
এই শৃংখলাত মুঠ ৭১৮৭ ৰান সংগ্ৰহ হৈছে । টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে ৭০০০ৰো অধিক ৰান সংগ্ৰহ হৈছে ।
এই শৃংখলাত ৯ জন বেটছমেনে চাৰিশৰো অধিক ৰান সংগ্ৰহ কৰে-
এই ছিৰিজত মুঠ ৯ জন বেটছমেনে চাৰিশৰো অধিক ৰান সংগ্ৰহ কৰিছে । যিটো এতিয়া বিশ্ব অভিলেখ । শুভমন গীলে ৭৫৪ ৰান, জো ৰুটে ৫৩৭ ৰান, কে এল ৰাহুলে ৫৩২ ৰান, ৰবীন্দ্ৰ জাডেজাই ৫১৬ ৰান, হেৰী ব্ৰুক ৪৮১ ৰান, ঋষভ পণ্টে ৪৭৯ ৰান, বেন ডাকেটে ৪৬২ ৰান, জেমী স্মিথে ৪৩৪ ৰান, আৰু জেছৱালে ৪১১ ৰান সংগ্ৰহ কৰে । এইবাৰ ৯ জন বেটছমেনে ছিৰিজত চাৰিশৰো অধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।
এটা শৃংখলাত আটাইতকৈ বেছি শতক-
এই শৃংখলাত মুঠ ২১টা শতক অৰ্জন কৰা হৈছিল । টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে একক শৃংখলাত ইমানবোৰ শতক অৰ্জন কৰা হৈছে । একে সময়তে এই শৃংখলাত মুঠ ১৯টা শতকৰ অংশীদাৰিত্ব লাভ কৰা হৈছিল যিটো নিজৰ বাবেই এক অভিলেখ । টেষ্টৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে এনেকুৱা হৈছে ।
ভাৰতীয় টেষ্ট অধিনায়কৰ সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰ-
এডগবাষ্টনত গীলে ২৬৯ ৰান সংগ্ৰহ কৰি বিৰাট কোহলীৰ ২৫৪ ৰানৰ অভিলেখ ভংগ কৰি এজন ভাৰতীয় অধিনায়কৰ ব্যক্তিগত টেষ্টত সৰ্বাধিক স্ক’ৰ ৰেকৰ্ড কৰে ।
SENAত দুটা শতক অৰ্জন কৰা প্ৰথমজন এছিয়ান অধিনায়ক-
২০১১ চনত লৰ্ডছত দিলশ্বানৰ ১৯৩ ৰান অতিক্ৰম কৰি SENA দেশত টেষ্টত দুটা শতক অৰ্জন কৰা প্ৰথমজন এছিয়ান অধিনায়ক হিচাপে পৰিগণিত হয় গীল ।
লগতে পঢ়ক : শুভমন গীলৰ নেতৃত্বত ডব্লিউ টি চিৰ নতুন চক্ৰত ভাল আৰম্ভণি ভাৰতৰ… জানক পইন্ট টেবুলত ভাৰত-ইংলেণ্ডৰ অৱস্থান