দেশৰ আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে দেওবাৰে পত্নী ৰাধিকা মাৰ্চেণ্ট আৰু বিশেষ বন্ধুৰ সৈতে হৰিদ্বাৰত উপস্থিত হয়।
তাৰ পিছতেই হৰিদ্বাৰস্থিত হৰ কি পৌৰীৰ ব্ৰহ্মকুণ্ডত উপস্থিত হৈ পূৰ্ণ ৰীতি-নীতিৰে মা গংগাক পূজা-অৰ্চনা কৰে।ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিজনৰ পুত্ৰ আৰু বোৱাৰী হৰিদ্বাৰত উপস্থিত হোৱাৰ লগে লগে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়।
অনন্ত আম্বানীক প্ৰায়ে ধৰ্মীয় স্থানত দেখা পোৱা যায়।শেহতীয়াকৈ তেওঁ খোজকাঢ়ি গৈ ভগৱান দ্বাৰকাধিশৰ আশীৰ্বাদ লৈছিল আৰু এইবাৰ পত্নীৰ সৈতে হৰিদ্বাৰত উপস্থিত হয়।তেওঁ ব্ৰহ্মকুণ্ডত মাতৃ গংগাৰ আৰতি আৰু পূজা কৰিছিল।
গংগা ঘাটত পূজা কৰি অনন্ত আম্বানীয়ে গংগা সভাৰ কার্যালয়ত উপস্থিত হয় আৰু ইয়াত তেওঁ গংগা সভাৰ দৰ্শনাৰ্থীৰ বহীত নিজৰ মতামত লিখে।
অনন্ত আম্বানীৰ মতে ‘হৰ কি পৌৰীলৈ অহাৰ পিছত তেওঁ অতি সুখ অনুভৱ কৰিছে, মা গংগাৰ আশীৰ্বাদ তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ ওপৰত ৰৈ যাওক’।