পত্নীৰ সৈতে হৰিদ্বাৰত উপস্থিত অনন্ত আম্বানী; মা গংগাৰ পৰা ললে আশীৰ্বাদ

দেশৰ আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে দেওবাৰে পত্নী ৰাধিকা মাৰ্চেণ্ট আৰু বিশেষ বন্ধুৰ সৈতে হৰিদ্বাৰত উপস্থিত হয়।

তাৰ পিছতেই হৰিদ্বাৰস্থিত হৰ কি পৌৰীৰ ব্ৰহ্মকুণ্ডত উপস্থিত হৈ পূৰ্ণ ৰীতি-নীতিৰে মা গংগাক পূজা-অৰ্চনা কৰে।ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিজনৰ পুত্ৰ আৰু বোৱাৰী হৰিদ্বাৰত উপস্থিত হোৱাৰ লগে লগে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়।

অনন্ত আম্বানীক প্ৰায়ে ধৰ্মীয় স্থানত দেখা পোৱা যায়।শেহতীয়াকৈ তেওঁ খোজকাঢ়ি গৈ ভগৱান দ্বাৰকাধিশৰ আশীৰ্বাদ লৈছিল আৰু এইবাৰ পত্নীৰ সৈতে হৰিদ্বাৰত উপস্থিত হয়।তেওঁ ব্ৰহ্মকুণ্ডত মাতৃ গংগাৰ আৰতি আৰু পূজা কৰিছিল।

গংগা ঘাটত পূজা কৰি অনন্ত আম্বানীয়ে গংগা সভাৰ কার্যালয়ত উপস্থিত হয় আৰু ইয়াত তেওঁ গংগা সভাৰ দৰ্শনাৰ্থীৰ বহীত নিজৰ মতামত লিখে।

অনন্ত আম্বানীৰ মতে ‘হৰ কি পৌৰীলৈ অহাৰ পিছত তেওঁ অতি সুখ অনুভৱ কৰিছে, মা গংগাৰ আশীৰ্বাদ তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ ওপৰত ৰৈ যাওক’।

১৭০ কিলোমিটাৰ আধ্যাত্মিক পদযাত্ৰা; ৩০ বছৰীয়া জন্মদিনত অনন্ত আম্বানীয়ে দ্বাৰকাধীশৰ চৰণত ললে আশীৰ্বাদ

 ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ পৰিচালক অনন্ত আম্বানীৰ ১৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পদযাত্ৰা দেওবাৰে (৬ এপ্ৰিল) দ্বাৰকাধীশ মন্দিৰত উপস্থিত হৈ সামৰণি পৰে।অনন্তই ৩০ বছৰীয়া জন্মদিনত ভগৱান দ্বাৰকাধীশক সেৱা জনায় ।

মাতৃ নীতা আম্বানী আৰু পত্নী ৰাধিকা মাৰ্চেণ্টেও ভ্ৰমণৰ সামৰণিত তেওঁৰ সৈতে যোগ দিয়ে। অনন্ত আম্বানীৰ এই ধৰ্মীয় যাত্ৰা ২৯ মাৰ্চৰ দিনা জামনগৰৰ পৰা আৰম্ভ হৈছিল।

অনন্ত আম্বানীয়ে এই ভ্ৰমণক ব্যক্তিগত আৰু আধ্যাত্মিক যাত্ৰা বুলি অভিহিত কৰে। তেওঁ কয় যে এই যাত্ৰা বিশ্বাস, ভক্তি আৰু আশীৰ্বাদেৰে ভৰা।দ্বাৰকাধীশত প্ৰাৰ্থনা কৰাৰ অন্তত তেওঁ সকলোকে ৰাম নৱমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

অনন্তই কয়, ‘এয়া মোৰ নিজৰ ধৰ্মীয় যাত্ৰা। ভগৱানৰ নাম লৈ যাত্ৰা আৰম্ভ হৈছিল আৰু ভগৱানৰ নাম লৈ যাত্ৰা সম্পূৰ্ণ হৈছিল।

ভগৱান শ্ৰী দ্বাৰকাধিছে আমাৰ প্ৰতি অতি দয়া কৰিছে। ইয়াৰ বাবে মই ভগৱান শ্ৰী দ্বাৰকাধীশক বহুত বহুত ধন্যবাদ জনাইছো।

অনন্ত আম্বানীয়ে ক’লে, ‘আজি মোৰ পত্নী আৰু মাও আহিছে। দেউতাইও মোক সদায় সহায় কৰিছিল।এই যাত্ৰাৰ বাবেও তেওঁ মোক শক্তি দিছিল।

অনন্তৰ পত্নী ৰাধিকা মাৰ্চেণ্টে কয় যে অনন্তই তেওঁলোকৰ বিয়াৰ পিছত ট্ৰেকত যাব বিচাৰিছিল। আজি তেওঁৰ ৩০ বছৰীয়া জন্মদিন।

আমি গৌৰৱান্বিত যে আজি আমি ইয়াত অনন্তৰ জন্মদিন উদযাপন কৰিছো। অনন্তক তেওঁৰ পদযাত্ৰা সফল কৰি তোলাৰ বাবে আশীৰ্বাদ দিয়া সেই সকলোকে ধন্যবাদ জনাইছো।