পহলগাম আক্ৰমণৰ প্ৰতিশোধ সম্পূৰ্ণ
অপাৰেচন সিন্দুৰক লৈ লোকসভাত চলি থকা বিতৰ্কৰ দ্বিতীয় দিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ মূল অভিযুক্ত সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে । ইয়াক নিৰ্মূল কৰিবলৈ আৰম্ভ কৰা হৈছিল ‘যৌথ অভিযান মহাদেৱ’ য’ত তিনিটা সন্ত্ৰাসবাদী নিহত হয় । নিহত সন্ত্ৰাসবাদীৰ নাম চুলেমান, জিব্ৰান আৰু আবু হামজা । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত জড়িত আছিল লস্কৰৰ সন্ত্ৰাসবাদী চুলেমান । ইয়াৰ বহু প্ৰমাণ আমাৰ হাতত আছে ।
অপাৰেচন মহাদেৱৰ বিষয়ে প্ৰকাশ কৰাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, “এটা যৌথ অভিযান মহাদেৱ য’ত ভাৰতীয় সেনা, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত তিনিটা সন্ত্ৰাসবাদীক হত্যা কৰিছে । এই তিনিটা সন্ত্ৰাসবাদী বৈসাৰণত আছিল আৰু তিনিওটাই নিহত হৈছে ।”
১০৫৫ জন লোকক ৩ হাজাৰ ঘণ্টা ধৰি জেৰা-
অমিত শ্বাহে কয়, ‘২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আমি সিদ্ধান্ত লৈছিলো যে NIA-এ এই গোচৰৰ তদন্ত কৰিব । সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ২৩ এপ্ৰিলত এখন নিৰাপত্তা বৈঠক অনুষ্ঠিত হয় । সেই বৈঠকতে সিদ্ধান্ত লোৱা হৈছিল যে সন্ত্ৰাসবাদীয়ে কোনো মূল্যৰ বিনিময়ত পাকিস্তানলৈ পলায়ন কৰিব নোৱাৰিব । তাৰ পিছত আমি এটা দীঘলীয়া তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ ।“
তেওঁ কয়, “পৰ্যটকৰ পৰিয়ালৰ সদস্য, কেমেৰামেন, খচ্চৰ মালিককে ধৰি ১০৫৫ জন লোকক প্ৰায় ৩ হাজাৰ ঘন্টা দীঘলীয়া জেৰা কৰা হয় । তাৰ পিছত সন্ত্ৰাসবাদীৰ স্কেচ বনোৱা হৈছিল । তাৰ পিছত ২০২৫ চনৰ ২২ জুন তাৰিখে বছিৰ আৰু পাৰভেজক চিনাক্ত কৰা হৈছিল । ঘটনাৰ পিছদিনা একাংশই সন্ত্ৰাসবাদীক আশৰ্য় দিছিল । তাৰ পিছত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় । সম্প্ৰতি তেওঁলোক জিম্মাত আছে ।”
লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “কালিৰ অভিযানত তিনিওটা সন্ত্ৰাসবাদী (চুলেমান, আফগান আৰু জিব্ৰাণ) নিহত হয় । যিসকলে সন্ত্ৰাসবাদীক খাদ্য যোগান ধৰিছিল তেওঁলোকক ইতিমধ্যে জিম্মাত লোৱা হৈছিল । যেতিয়া এই সন্ত্ৰাসবাদীৰ মৃতদেহ শ্ৰীনগৰলৈ অনা হৈছিল, তেতিয়া আমাৰ সংস্থাসমূহে আটক কৰা লোকসকলেও তেওঁলোকক চিনাক্ত কৰিছিল ।”
লগতে পঢ়ক : ভাৰতীয় সেনাৰ বৃহৎ সফলতা; পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাছিম মুছা ফৌজী নিহত