প্ৰযুক্তি খণ্ডত ভাৰত দ্ৰুতগতিত আগবাঢ়িছে।শেহতীয়াকৈ টেলিকম খণ্ডটো দ্ৰুতগতিত বৃদ্ধি পাইছে।এতিয়া সমগ্ৰ বিশ্বৰ বিভিন্ন টেক কোম্পানীয়ে ভাৰতীয় টেলিকম বজাৰত চকু ৰাখিছে।
প্ৰতিটো টেক জায়ান্টে ভাৰতত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে।দীৰ্ঘদিন ধৰি ইলন মাস্কৰ ষ্টাৰলিংক কোম্পানীয়ে ভাৰতত সেৱা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাই আহিছে।অৱশ্যে এতিয়া আমাজনৰ মালিক জেফ বেজোছে ইলন মাস্কক প্ৰত্যাহ্বানৰ পৰিকল্পনা কৰিছে।
ষ্টাৰলিংকৰ পিছত এতিয়া আমাজনেও ভাৰতত চেটেলাইট ইন্টাৰনেট সেৱা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে।আমাজনে নিজৰ কুইপাৰ প্ৰকল্পৰ জৰিয়তে ভাৰতত চেটেলাইট ইন্টাৰনেট সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।আমাজনৰ এই পদক্ষেপে ইলন মাস্কৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।
ভাৰতত চেটেলাইট ইন্টাৰনেট সেৱা আৰম্ভ কৰিবলৈ আমাজনে দূৰসংযোগ বিভাগৰ কাষ চাপিছে বুলি খবৰ আহিছে।
ভাৰতত প্ৰজেক্ট কুইপাৰ আৰম্ভ কৰিবলৈ অনুমোদন ল’বলৈ কিমান সময় লাগিব সেই বিষয়ে জানিবলৈ কোম্পানীটোৱে যোগাযোগ কৰিছে।
কুইপাৰে ষ্টাৰলিংকৰ পূৰ্বে ভাৰতত চেটেলাইট ইণ্টাৰনেটৰ বাবে আবেদন কৰিছিল।কিন্তু, এতিয়াও অনুমোদন হোৱা নাই।
প্ৰজেক্ট কুইপাৰৰ জৰিয়তে আমাজনে ভাৰতৰ দুখন প্ৰধান চহৰ মুম্বাই আৰু চেন্নাইত ১০টা গ্ৰাউণ্ড ষ্টেচন আৰু দুটা বৃহৎ হাব নিৰ্মাণৰ পৰিকল্পনা কৰিছে।
আমাজনৰ এই উপগ্ৰহ ইণ্টাৰনেটৰ কেন্দ্ৰবিন্দু ভাৰতৰ সেই ঠাইবোৰত হ’ব য’ত আজিও ইণ্টাৰনেটৰ ব্যৱহাৰ নগণ্য বা অস্তিত্বহীন।
আমাজনৰ প্ৰজেক্ট কুইপাৰ ২০১৯ চনত আৰম্ভ হৈছিল।এই প্ৰকল্পৰ অধীনত কোম্পানীটোৱে পৃথিৱীৰ নিম্ন কক্ষপথত প্ৰায় ৩২৩৬টা উপগ্ৰহ স্থাপন কৰিব।
এই প্ৰকল্পৰ বাবে আমাজনে আমেৰিকাৰ ফেডাৰেল কমিউনিকেচন কমিছনৰ পৰা অনুমোদন লাভ কৰিছে।