কি হয় হৰমুজ ষ্ট্ৰেইট
ইৰাণ-ইজৰাইল যুদ্ধই তৃতীয় বিশ্বযুদ্ধৰ সূত্ৰপাত ঘটাব বুলি সমগ্ৰ বিশ্ব আতংকিত হৈ পৰিছে । ইখন দেশে সিখনৰ ওপৰত মিছাইল, বোমা নিক্ষেপ কৰিছে । ফলত সকলোতে ধ্বংসলীলাৰ সৃষ্টি হৈছে । কিন্তু এই জ্বলি থকা জুই কোনোৱে এতিয়ালৈকে নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা নাই । ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পিছতো তেহৰাণ পিছুৱাই যাবলৈ সাজু হোৱা নাই । ইয়াৰ পিছতে এতিয়া ইৰাণৰ সংসদে হৰমুজ ষ্ট্ৰেইট বা জলদ্বীপ বন্ধ কৰাত অনুমোদন জনাইছে, যাৰ পিছত বিশ্বৰ বহু দেশ শংকাত ভুগিছে ।
ইৰাণৰ ওপৰত বোমা বৰ্ষণ কৰা আমেৰিকাই এতিয়া এই পদক্ষেপক অৰ্থনৈতিক আত্মহত্যা বুলি অভিহিত কৰিছে । আমেৰিকাৰ মতে হৰমুজ জলদ্বীপ বন্ধ কৰাৰ সিদ্ধান্তই ইৰাণ-ইজৰাইল যুদ্ধক আৰু অধিক উত্তেজিত কৰি তুলিব পাৰে কাৰণ এইটোৱেই হৈছে সাগৰৰ সেই অঞ্চল য’ৰ পৰা বিশ্বৰ প্ৰায় ৩০ শতাংশ তেল আৰু গেছ পৰিবহণ কৰা হয় ।
কি হয় হৰমুজ ষ্ট্ৰেইট ?
হৰমুজ ষ্ট্ৰেইট বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অইল চ’ক পইণ্ট । ভূ-কৌশলগতভাৱে আমেৰিকাকে ধৰি বহু দেশৰ বাবে ই অতি গুৰুত্বপূৰ্ণ কাৰণ বিশ্ব অৰ্থনীতিৰ শক্তিও খাৰুৱা তেল, যিটো এই সংকীৰ্ণ সাগৰীয় অঞ্চলৰ মাজেৰে জাহাজৰ জৰিয়তে টেংকাৰৰ জৰিয়তে অনা হয় । ওমান আৰু ইৰাণৰ মাজত হৰমুজ জলদ্বীপ অৱস্থিত । ই উত্তৰত পাৰ্চী উপসাগৰ আৰু দক্ষিণে ওমান উপসাগৰ আৰু আৰু অধিক আৰব সাগৰৰ সৈতে সংযোগ কৰে । ইয়াৰ আটাইতকৈ সংকীৰ্ণ বিন্দুত ৩৩ কিলোমিটাৰ বহল আৰু প্ৰায় ১৬৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিপৰীতে জাহাজ চলোৱা পথৰ বহল মাত্ৰ ৩ কিলোমিটাৰ ।
হৰমুজ ষ্ট্ৰেইটৰ গুৰুত্ব ?
বিশ্বৰ প্ৰায় এক পঞ্চমাংশ তেল ব্যৱহাৰ এই পথেৰেই যোগান ধৰা হয় । এক তথ্য অনুসৰি এই জলপথটোৱেই হৈছে বিশ্বব্যাপী তেল আৰু গেছ যোগানৰ জীৱনৰেখা । বিশ্বৰ ৩০ শতাংশ তেল ইয়াৰ পৰাই যোগান ধৰা হয় । দৈনিক প্ৰায় ২.০৩ কোটি বেৰেল তেল যোগান ধৰা হয় । ইয়াৰ লগতে দৈনিক ২৯ কোটি ঘনমিটাৰ এল এন জি যোগান ধৰা হয় । অৰ্গেনাইজেচন অৱ পেট্ৰলিয়াম এক্সপ’ৰ্টিং কান্ট্ৰীজৰ সদস্য চৌদি আৰব, ইৰাণ, সংযুক্ত আৰব আমিৰশ্বাহী, কুৱেইট আৰু ইৰাকে এই পথৰ জৰিয়তে বেছিভাগ খাৰুৱা তেল ৰপ্তানি কৰে । ইয়াৰ ভিতৰত বিশেষকৈ এছিয়াও অন্তৰ্ভুক্ত ।
হৰমুজ ষ্ট্ৰেইট বন্ধ হ’লে কি হ’ব ?
যদি ইৰাণে হৰমুজ জলদ্বীপ বন্ধ কৰে তেন্তে আমেৰিকাই তীব্ৰ অৰ্থনৈতিক আঘাতৰ সন্মুখীন হ’ব কাৰণ ইয়াৰ ফলত আমেৰিকা আৰু সমগ্ৰ বিশ্বতে মুদ্ৰাস্ফীতি বৃদ্ধি পাব । ইয়াৰ ফলত তেলৰ মূল্য বৃদ্ধি পাব । ইয়াৰ বন্ধৰ ফলত চীনৰ বৃহৎ লোকচান হ’ব । বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতিখনে ইৰাণৰ প্ৰায় ৯০ শতাংশ তেল ৰপ্তানি কৰে ।
ভাৰতৰ বাবে কিমান গুৰুত্বপূৰ্ণ হৰমুজ ষ্ট্ৰেইট ?
ভাৰতৰ বাবেও হৰমুজ ষ্ট্ৰেইট অতি গুৰুত্বপূৰ্ণ । এই পথেৰে বিপুল পৰিমাণৰ তেল ভাৰতলৈ আহে । দৰাচলতে ভাৰতে দৈনিক ৫৫ লাখ বেৰেল তেল ব্যৱহাৰ কৰে, ইয়াৰে ১৫ লাখ বেৰেল তেল এই পথেৰে ভাৰতলৈ আহে । এই পথটো বন্ধ হ’লে ভাৰতৰ বাবেও সংকটৰ সৃষ্টি হ’ব পাৰে । ইৰাক, চৌদি আৰব, ইউ এ ই, কুৱেইট আদি দেশৰ পৰা ভাৰতে তেল আমদানি কৰে । ২০২৪ আৰু ২০২৫ চনত ভাৰতে ইৰাণলৈ ১.২৪ বিলিয়ন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰাৰ বিপৰীতে ইৰাণৰ পৰা ৪৪১.৯ মিলিয়ন ডলাৰৰ সামগ্ৰী আমদানি কৰিছে ।
এই পথটো বন্ধ কৰি দিয়াৰ সিদ্ধান্তত ভাৰতেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে ভাৰতে ঘৰুৱা ইন্ধন যোগানৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব । পুৰীয়ে কয়, ‘যোৱা দুসপ্তাহ ধৰি মধ্যপ্ৰাচ্যত গঢ় লৈ উঠা ভূ-ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত আমি তীক্ষ্ণ দৃষ্টি ৰাখিছো । আমি যোৱা কেইবছৰমানৰ পৰা আমাৰ যোগানৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰিছো আৰু এতিয়া আমাৰ যোগানৰ এটা বৃহৎ অংশ হৰমুজ জলদ্বীপৰ পৰা নাহে । আমাৰ তেল বিপণন কোম্পানীসমূহৰ যোগান কেইবা সপ্তাহো আছে আৰু তেওঁলোকে বহু পথৰ পৰা শক্তি যোগান লাভ কৰি থাকে । আমি আমাৰ নাগৰিকসকলক ইন্ধন যোগানৰ স্থিতিশীলতা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিম ।’
ইফালে ইৰাণৰ সংবাদ মাধ্যত প্ৰকাশিত বাতৰি অনুসৰি তেহৰাণৰ সংসদে হৰমুজ ষ্ট্ৰেইত বন্ধ কৰাৰ ব্যৱস্থাত অনুমোদন জনাইছে যদিও শেষত এই সিদ্ধান্ত ইৰাণৰ শীৰ্ষ নেতাৰ ওপৰত নিৰ্ভৰ কৰিব ।
লগতে পঢ়ক : কি হয় বি-২ ষ্টীলথ বোম্বাৰ… যাৰ জৰিয়তে ইৰাণৰ পাৰমাণৱিক স্থানত আমেৰিকাই চলাইছিল আক্ৰমণ