কমেডী ছবি ‘হেৰা ফেৰী’ৰ তৃতীয় খণ্ড নিৰ্মাণৰ খবৰ যেতিয়াৰ পৰা আহিছে, দৰ্শক সকল আনন্দিত হৈ পৰিছে। কিন্তু এই সুখত পৰেশ ৰাৱালে দৰ্শকক এটা ডাঙৰ আঘাত দিলে। হঠাতে ছবিখন এৰাৰ সিদ্ধান্ত লয় পৰেশ ৰাৱালে।
এনে পৰিস্থিতিত ছবিখনৰ দলৰ লগতে ইয়াৰ অনুৰাগীসকলো দুখী আৰু বিচলিত হৈ পৰে।খবৰ অনুসৰি ছবিখন এৰি যোৱাৰ বাবে পৰেশৰ বিৰুদ্ধে অক্ষয় কুমাৰে ২৫ কোটি টকাৰ গোচৰ ৰুজু কৰিছে।তাৰ পিছতে পৰিচালক প্ৰিয়াদৰ্শনে এই বিষয়ে মন্তব্য কৰিছে।
‘হেৰা ফেৰী ৩’ৰ প্ৰযোজক অক্ষয় কুমাৰে পৰেশ ৰাৱাললৈ আইনী জাননী প্ৰেৰণ কৰিছে।হঠাতে ছবিখন এৰি প্ৰজেক্টটো নষ্ট কৰি পেলোৱাৰ বাবে পৰেশৰ বিৰুদ্ধে ২৫ কোটি টকাৰ গোচৰ ৰুজু কৰিছে অক্ষয়ে।
এই সন্দৰ্ভত পৰিচালক প্ৰিয়দৰ্শনে কয় যে ‘অক্ষয়ৰ এই পদক্ষেপ সঠিক।তেওঁ লগতে কয় যে অক্ষয় কুমাৰৰ এই পদক্ষেপ লোৱাৰ অধিকাৰ আছে, কাৰণ তেওঁলোকৰ কষ্টোপাৰ্জিত ধন প্ৰকল্পটোত বিনিয়োগ কৰা হয়।কেৱল এয়াই নহয় অক্ষয়ে ছবিখনৰ অধিকাৰো প্ৰযোজক ফিৰোজ নাদিয়াদৱালাৰ পৰা ক্ৰয় কৰিছিল’।
প্ৰিয়দৰ্শনে কয় যে, ‘মই নাজানো যে এনেকুৱা কিয় হ’ল, কাৰণ পৰেশে আমাক কোনো খবৰ দিয়া নাছিল। ছবিখন আৰম্ভ কৰাৰ আগতে অক্ষয়ে মোক সুনীল আৰু পৰেশ দুয়োৰে লগত কথা পাতিবলৈ ক’লে’।
“মই দুয়োৰে লগত কথা পাতিছিলোঁ আৰু দুয়োজনেই ইয়াৰ বাবে সাজু আছিল।এই ক্ষেত্ৰত মোৰ একো হেৰুৱাবলগীয়া নাই, কিন্তু অক্ষয়ে ধন বিনিয়োগ কৰিছে আৰু এই কাৰণেই হ’ব পাৰে যে তেওঁ এনে ব্যৱস্থা গ্ৰহণ কৰিছে।পৰেশ ৰাৱালে মোৰ লগত এতিয়ালৈকে কথা পতা নাই’।