পাকিস্তানে ভাৰতক আক্ৰমণ কৰিবলৈ ড্ৰোন আৰু মিছাইল ব্যৱহাৰ কৰিছিল, ইয়াৰে বহুতো চীন আৰু তুৰ্কীত নিৰ্মিত । কিন্তু ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ সন্মুখত ব্যৰ্থ হয় পাকিস্তানৰ এটাৰ পাছত আন এটা আক্ৰমণ । সোমবাৰে ডি জি এম অ’ৰ প্ৰেছ ব্রিফিঙৰ সময়ত এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে কয় যে ‘পাকিস্তানে চীনত নিৰ্মিত পি এল-১৫ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছিল । কিন্তু এই ক্ষেপণাস্ত্ৰও লক্ষ্যত আঘাত কৰাত ব্যৰ্থ হয় । আমাৰ এয়াৰ ডিফেন্সে এই ক্ষেপণাস্ত্ৰক বাধা দি আকাশতে ধ্বংস কৰে ।‘ এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে কয় যে এই ক্ষেপণাস্ত্ৰৰ ধ্বংসাৱশেষ আমাৰ সশস্ত্ৰ বাহিনীয়ে উদ্ধাৰ কৰিছে ।
স্বদেশী কাউণ্টাৰ ইউ এ এছ ব্যৱস্থাই ধ্বংস কৰে শত্ৰুৰ মিছাইল আৰু ড্ৰোন-
এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে কয় যে দীৰ্ঘ দূৰত্বৰ ৰকেট, মানৱবিহীন আকাশী ব্যৱস্থাও পাকিস্তানে ব্যৱহাৰ কৰিছিল, যিবোৰো আমাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ধ্বংস কৰিছিল । তেওঁ কয় যে পাকিস্তানে বৃহৎ সংখ্যক ড্ৰোন আৰু মানৱবিহীন যুদ্ধ বাহন ব্যৱহাৰ কৰি আক্ৰমণৰ চেষ্টা চলাইছিল যদিও ভাৰতৰ থলুৱা চফ্ট এণ্ড হাৰ্ড কিল কাউণ্টাৰ ইউ এ এছ চিষ্টেম আৰু সু-প্ৰশিক্ষিত এয়াৰ ডিফেন্স সৈন্যই সেইবোৰ ধ্বংস কৰিছিল ।
ডিজি এয়াৰ অপাৰেচন এ কে ভাৰতীয়ে কয় যে ‘কালি আমি অপাৰেচন সিন্দুৰৰ অধীনত সংঘটিত হোৱা যৌথ সামৰিক অভিযানৰ বিষয়ে তথ্য দিলোঁ । আমি এইটোও ক’লো যে আমাৰ যুদ্ধ সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ সৈতেহে আৰু পাকিস্তানী সেনাৰ সৈতে নহয়, কিন্তু পাকিস্তানী সেনাই সন্ত্ৰাসবাদীৰ সৈতে থিয় দিয়াটো উপযুক্ত বুলি ভাবি তেওঁলোকৰ যুঁজখন নিজৰ যুঁজ কৰি ল’লে । এনে পৰিস্থিতিত তেওঁলোকে যি ক্ষতিৰ সন্মুখীন হৈছে তাৰ বাবে তেওঁলোক নিজেই দায়ী ।
তুৰ্কীৰ ড্ৰোন ধ্বংস-
ডি জি এম অ’ৰ প্ৰেছ ব্রিফিঙৰ সময়ত এটা প্রশ্ন কৰা হৈছিল যে তুৰ্কীৰ ড্ৰোনক লৈ বিশ্বত বহু চৰ্চা চলিছিল, কিন্তু এনে লাগে যেন বৃহৎ ধৰণে উপস্থাপন কৰা তুৰ্কীৰ ড্ৰোনবোৰ ভাৰতত ধৰাশায়ী হৈছে আৰু বিশ্বলৈ এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে যে হাইব্ৰিড যুদ্ধত ইয়াৰ আৰু কোনো স্থান নাই ? ইয়াৰ প্ৰত্যুত্তৰত এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে কয় যে, সেয়া তুৰ্কীৰ ড্ৰোনেই হওক বা আন কোনো ঠাইৰ পৰা অহা ড্ৰোনেই হওক, বিভিন্ন ড্ৰোনৰ ধ্বংসাৱশেষৰ ছবি প্ৰকাশ পাইছে ।
তেওঁ কয় যে, আমি প্ৰমাণ কৰিছো যে আমাৰ কাউণ্টাৰ ডিফেন্স চিষ্টেম আৰু আমাৰ প্ৰশিক্ষিত ডিফেন্স অপাৰেটৰসকল সম্পূৰ্ণৰূপে সক্ষম । আমাৰ দেশৰ থলুৱা প্ৰযুক্তি যিকোনো ধৰণৰ ড্ৰোন আক্ৰমণ বা যিকোনো ধৰণৰ প্ৰযুক্তিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু । ইয়াত আমি বেছি কোৱাৰ প্ৰয়োজন নাই । আমি তেওঁলোকৰ লগত কি কৰিলোঁ, আপোনালোকে নিজ চকুৰে দেখিছে ।