দিল্লী বিমানবন্দৰত অঘটন
হংকঙৰ পৰা দিল্লী অভিমুখে অহা এয়াৰ ইণ্ডিয়াৰ এখন বিমানত মঙলবাৰে বিয়লি অৱতৰণ কৰাৰ পিছতে জুই লাগে । অৱশ্যে এই ঘটনাত বিমানখনত থকা সকলো যাত্ৰী আৰু ক্ৰু মেম্বাৰ সুৰক্ষিত হৈ থাকে । এই ঘটনা সন্দৰ্ভত এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই কয় যে, “২২ জুলাইত অৱতৰণ কৰি পাৰ্কিং কৰাৰ পিছত হংকঙৰ পৰা দিল্লীলৈ অহা এ আই-৩১৫ বিমানখনৰ সহায়ক শক্তি ইউনিটত জুই লাগে । দিল্লী বিমানবন্দৰত বিমানখনৰ পৰা যাত্ৰীসকলে নামিবলৈ আৰম্ভ কৰাৰ সময়তে এই ঘটনা সংঘটিত হয় । সুৰক্ষা ব্যৱস্থা অনুসৰি সহায়ক শক্তি ইউনিটটো স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ পৰে ।”
অগ্নিকাণ্ডৰ ফলত ক্ষতিসাধন হয় বিমানখনৰ-
মুখপাত্ৰগৰাকীয়ে কয় যে বিমানখনৰ কিছু ক্ষতি হৈছে যদিও সকলো যাত্ৰী আৰু ক্ৰু সদস্য স্বাভাৱিকভাৱে সম্পূৰ্ণ সুৰক্ষিত হৈ আছে । লগতে তেওঁ কয় যে বিমানখন গ্ৰাউণ্ড কৰা হৈছে আৰু নিয়ন্ত্ৰণ কৰ্তৃপক্ষক বিষয়টোৰ তদন্তৰ বাবে অৱগত কৰা হৈছে ।
বিগত কিছুদিনত বহু বিমান সেৱা ব্যাহত-
এয়াৰ ইণ্ডিয়াৰ বহু বিমানৰ বিভিন্ন বিসংগতিৰ বাবে বিগত কিছুদিনত বহু বিমান সেৱা ব্যাহত হৈ পৰিছে । ইয়াৰ ভিতৰত স্থানীয় বিমান সেৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাও অন্তৰ্ভুক্ত আছে । মাত্ৰ এদিন পূৰ্বে কোচিৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ এখন বিমানে মুম্বাই বিমানবন্দৰত ৰাণৱেত দুৰ্ঘটনাৰ সন্মুখীন হৈছিল । ইয়াৰ পিছতে তদন্তৰ বাবে বিমানখন ৰখাই দিয়া হয় । বিমান সংস্থাৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, বিমানখন নিৰাপদে টেক্সি কৰা হৈছে ।
লগতে পঢ়ক : ৬২ বছৰৰ সেৱাৰ অন্তত ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ ল’ব মিগ-২১ এ