ধুঁৱলী-কুঁৱলী দিল্লী… ১০০খনতকৈও অধিক বিমান বাতিল, যাত্ৰীৰ হাহাকাৰ

দিল্লীৰ বিমানবন্দৰত ১১০খন বিমান বাতিল হোৱাৰ লগতে ৩৭০খনতকৈও অধিক বিমান সেৱাত পলম হৈছে ।

দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১১০খন বিমান বাতিল হোৱাৰ লগতে ৩৭০খনতকৈও অধিক বিমান সেৱাত পলম হোৱাৰ খবৰ প্ৰকাশ পাইছে । পলম আৰু বাতিলৰ কাৰণ ঘন কুঁৱলী আৰু কম দৃশ্যমানতা বুলি কোৱা হৈছে । বিমানবন্দৰৰ বিষয়াসকলে কয় যে, “৫৯খন আগমন আৰু ৫১খন প্ৰস্থান বিমানকে ধৰি ১১০খন বিমান বাতিল কৰা হৈছে । ৩৭০খনতকৈও অধিক বিমান পলম হৈছে, সকলো বিমানতে গড়ে ২৬ মিনিট পলম হৈছে ।”

DIAL (দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডে)ৰ মতে কাম-কাজ সুচাৰুৰূপে চলি আছে । আই জি আই বিমানবন্দৰে সাধাৰণতে প্ৰায় ১,৩০০ বিমান সেৱা চম্ভালে, যাৰ ফলত বতৰৰ লগত জড়িত বিঘিনিৰ বাবে ই অধিক সংবেদনশীল হৈ পৰে । বিগত কেইবাদিনো ধৰি চলি থকা ঘন কুঁৱলীৰ ফলত দিল্লী আৰু উত্তৰ ভাৰতৰ কেইবাটাও বিমানবন্দৰত বিমান সেৱাত প্ৰভাৱ পৰিছে ।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি দেওবাৰে পুৱা বায়ুৰ গুণাগুণ সূচকাংক ৩৮৬ ৰেকৰ্ড কৰা হৈছে । সমগ্ৰ চহৰখনতে বায়ুৰ গুণাগুণ চিন্তনীয় হৈয়ে আছে । ইয়াৰে ১৬টা নিৰীক্ষণ ষ্টেচনে গুৰুতৰ শ্ৰেণীত এ কিউ আইৰ মাত্ৰা ৰেকৰ্ড কৰিছিল । বাকী ষ্টেচনসমূহে অতি দুৰ্বল বায়ুৰ ৰিপৰ্ট দিছিল ।

চি পি চি বিৰ নিয়ম অনুসৰি ০ৰ পৰা ৫০ৰ ভিতৰত AQI ৰিডিং ভাল বুলি গণ্য কৰা হয় । ৫১ আৰু ১০০ নং সন্তোষজনক বুলি গণ্য কৰা হয় । ১০১ আৰু ২০০ক মধ্যমীয়া বুলি ধৰা হয় । ২০১ আৰু ৩০০ক শোচনীয় বুলি গণ্য কৰা হয় । ৩০১ আৰু ৪০০ক অতি শোচনীয় বুলি গণ্য কৰা হয় । ৪০১ আৰু ৫০০ গুৰুতৰ বুলি গণ্য কৰা হয় ।

বতৰৰ পৰিস্থিতিয়ে প্ৰত্যাহ্বান আৰু অধিক ভয়াৱহ কৰি তুলিছে । সৰ্বনিম্ন তাপমাত্ৰা ৯.৪ ডিগ্ৰী চেলছিয়াছ, যিটো ঋতুৰ গড়তকৈ ১.৩ ডিগ্ৰী বেছি । আই এম ডিয়ে জনোৱা মতে, সৰ্বোচ্চ উষ্ণতা ১৭ ডিগ্ৰী চেলছিয়াছৰ ওচৰত থকাৰ সম্ভাৱনা আছে । মধ্যমীয়া কুঁৱলীৰ বাবে য়েল্ল এলাৰ্ট জাৰি কৰা হৈছে ।

লগতে পঢ়ক : নয়ডাৰ কেইবাখনো বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি…

দিল্লী, মুম্বাই, চেন্নাই, ত্ৰিবেন্দ্ৰম, হায়দৰাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি…

৫ টা কৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

দিল্লী বোমা বিস্ফোৰণৰ তদন্ত চলিয়েই আছে, তাৰ মাজতে বুধবাৰে বিয়লি ৩.৩০ বজাত ইণ্ডিগো এয়াৰলাইন্সে পাঁচটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক বোমাৰে উৰুৱাই দিয়া ইমেইল লাভ কৰে।

ইণ্ডিগোলৈ প্ৰেৰণ কৰা মেইলত দিয়া ভাবুকিৰ সৈতে পাঁচটা বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকিৰ সম্পৰ্ক আছিল।

এই বিমানবন্দৰসমূহ হ’ল দিল্লী, মুম্বাই, চেন্নাই, ত্ৰিবেন্দ্ৰম আৰু হায়দৰাবাদ।এই ভাবুকিৰ ফলত হাহাকাৰ সৃষ্টি হৈছে আৰু তদন্ত আৰম্ভ হৈছে যদিও ইমেইলটোৰ উৎস আৰু পৰিচয় এতিয়াও স্পষ্ট হোৱা নাই।

মুম্বাইৰ পৰা বাৰাণসী অভিমুখী এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমান উৰণৰ মাজভাগতে বোমাৰ ভাবুকি পোৱাৰ পিছতে আতংকৰ সৃষ্টি হয় আৰু এই ঘটনাৰ পিছত লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হাই এলাৰ্ট ঘোষণা কৰা হৈছে।

বিমানখনে জৰুৰীকালীন অৱতৰণ কৰি লগে লগে আইছ’লেশ্যন পথলৈ লৈ যোৱা হয়। সকলো যাত্ৰীক নিৰাপদে উলিয়াই অনা হয়, বোমা নিষ্কাশন দলে বিমানখন ভালদৰে পৰীক্ষা কৰে, কিন্তু এতিয়ালৈকে কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই।

লগতে পঢ়ক: দিল্লী বিস্ফোৰণত জড়িত কাকো ৰেহাই দিয়া নহ’ব…উচ্চস্তৰীয় বৈঠকৰ অন্তত অমিত শ্বাহ

দিল্লী বিমানবন্দৰত অঘটন; অৱতৰণ কৰাৰ পিছতে জুই লাগিল এয়াৰ ইণ্ডিয়াৰ বিমানত

দিল্লী বিমানবন্দৰত অঘটন

হংকঙৰ পৰা দিল্লী অভিমুখে অহা এয়াৰ ইণ্ডিয়াৰ এখন বিমানত মঙলবাৰে বিয়লি অৱতৰণ কৰাৰ পিছতে জুই লাগে । অৱশ্যে এই ঘটনাত বিমানখনত থকা সকলো যাত্ৰী আৰু ক্ৰু মেম্বাৰ সুৰক্ষিত হৈ থাকে । এই ঘটনা সন্দৰ্ভত এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই কয় যে, “২২ জুলাইত অৱতৰণ কৰি পাৰ্কিং কৰাৰ পিছত হংকঙৰ পৰা দিল্লীলৈ অহা এ আই-৩১৫ বিমানখনৰ সহায়ক শক্তি ইউনিটত জুই লাগে । দিল্লী বিমানবন্দৰত বিমানখনৰ পৰা যাত্ৰীসকলে নামিবলৈ আৰম্ভ কৰাৰ সময়তে এই ঘটনা সংঘটিত হয় । সুৰক্ষা ব্যৱস্থা অনুসৰি সহায়ক শক্তি ইউনিটটো স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ পৰে ।”

অগ্নিকাণ্ডৰ ফলত ক্ষতিসাধন হয় বিমানখনৰ-

মুখপাত্ৰগৰাকীয়ে কয় যে বিমানখনৰ কিছু ক্ষতি হৈছে যদিও সকলো যাত্ৰী আৰু ক্ৰু সদস্য স্বাভাৱিকভাৱে সম্পূৰ্ণ সুৰক্ষিত হৈ আছে । লগতে তেওঁ কয় যে বিমানখন গ্ৰাউণ্ড কৰা হৈছে আৰু নিয়ন্ত্ৰণ কৰ্তৃপক্ষক বিষয়টোৰ তদন্তৰ বাবে অৱগত কৰা হৈছে ।

বিগত কিছুদিনত বহু বিমান সেৱা ব্যাহত-

এয়াৰ ইণ্ডিয়াৰ বহু বিমানৰ বিভিন্ন বিসংগতিৰ বাবে বিগত কিছুদিনত বহু বিমান সেৱা ব্যাহত হৈ পৰিছে । ইয়াৰ ভিতৰত স্থানীয় বিমান সেৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাও অন্তৰ্ভুক্ত আছে । মাত্ৰ এদিন পূৰ্বে কোচিৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ এখন বিমানে মুম্বাই বিমানবন্দৰত ৰাণৱেত দুৰ্ঘটনাৰ সন্মুখীন হৈছিল । ইয়াৰ পিছতে তদন্তৰ বাবে বিমানখন ৰখাই দিয়া হয় । বিমান সংস্থাৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, বিমানখন নিৰাপদে টেক্সি কৰা হৈছে ।

লগতে পঢ়ক : ৬২ বছৰৰ সেৱাৰ অন্তত ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ ল’ব মিগ-২১ এ