ধুঁৱলী-কুঁৱলী দিল্লী… ১০০খনতকৈও অধিক বিমান বাতিল, যাত্ৰীৰ হাহাকাৰ

ধুঁৱলী-কুঁৱলী দিল্লী… ১০০খনতকৈও অধিক বিমান বাতিল, যাত্ৰীৰ হাহাকাৰ

দিল্লীৰ বিমানবন্দৰত ১১০খন বিমান বাতিল হোৱাৰ লগতে ৩৭০খনতকৈও অধিক বিমান সেৱাত পলম হৈছে । দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১১০খন বিমান বাতিল হোৱাৰ লগতে ৩৭০খনতকৈও অধিক বিমান সেৱাত পলম হোৱাৰ খবৰ প্ৰকাশ পাইছে । পলম আৰু বাতিলৰ কাৰণ ঘন কুঁৱলী আৰু কম দৃশ্যমানতা বুলি কোৱা

দিল্লীৰ বিমানবন্দৰত ১১০খন বিমান বাতিল হোৱাৰ লগতে ৩৭০খনতকৈও অধিক বিমান সেৱাত পলম হৈছে ।

দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১১০খন বিমান বাতিল হোৱাৰ লগতে ৩৭০খনতকৈও অধিক বিমান সেৱাত পলম হোৱাৰ খবৰ প্ৰকাশ পাইছে । পলম আৰু বাতিলৰ কাৰণ ঘন কুঁৱলী আৰু কম দৃশ্যমানতা বুলি কোৱা হৈছে । বিমানবন্দৰৰ বিষয়াসকলে কয় যে, “৫৯খন আগমন আৰু ৫১খন প্ৰস্থান বিমানকে ধৰি ১১০খন বিমান বাতিল কৰা হৈছে । ৩৭০খনতকৈও অধিক বিমান পলম হৈছে, সকলো বিমানতে গড়ে ২৬ মিনিট পলম হৈছে ।”

DIAL (দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডে)ৰ মতে কাম-কাজ সুচাৰুৰূপে চলি আছে । আই জি আই বিমানবন্দৰে সাধাৰণতে প্ৰায় ১,৩০০ বিমান সেৱা চম্ভালে, যাৰ ফলত বতৰৰ লগত জড়িত বিঘিনিৰ বাবে ই অধিক সংবেদনশীল হৈ পৰে । বিগত কেইবাদিনো ধৰি চলি থকা ঘন কুঁৱলীৰ ফলত দিল্লী আৰু উত্তৰ ভাৰতৰ কেইবাটাও বিমানবন্দৰত বিমান সেৱাত প্ৰভাৱ পৰিছে ।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি দেওবাৰে পুৱা বায়ুৰ গুণাগুণ সূচকাংক ৩৮৬ ৰেকৰ্ড কৰা হৈছে । সমগ্ৰ চহৰখনতে বায়ুৰ গুণাগুণ চিন্তনীয় হৈয়ে আছে । ইয়াৰে ১৬টা নিৰীক্ষণ ষ্টেচনে গুৰুতৰ শ্ৰেণীত এ কিউ আইৰ মাত্ৰা ৰেকৰ্ড কৰিছিল । বাকী ষ্টেচনসমূহে অতি দুৰ্বল বায়ুৰ ৰিপৰ্ট দিছিল ।

চি পি চি বিৰ নিয়ম অনুসৰি ০ৰ পৰা ৫০ৰ ভিতৰত AQI ৰিডিং ভাল বুলি গণ্য কৰা হয় । ৫১ আৰু ১০০ নং সন্তোষজনক বুলি গণ্য কৰা হয় । ১০১ আৰু ২০০ক মধ্যমীয়া বুলি ধৰা হয় । ২০১ আৰু ৩০০ক শোচনীয় বুলি গণ্য কৰা হয় । ৩০১ আৰু ৪০০ক অতি শোচনীয় বুলি গণ্য কৰা হয় । ৪০১ আৰু ৫০০ গুৰুতৰ বুলি গণ্য কৰা হয় ।

বতৰৰ পৰিস্থিতিয়ে প্ৰত্যাহ্বান আৰু অধিক ভয়াৱহ কৰি তুলিছে । সৰ্বনিম্ন তাপমাত্ৰা ৯.৪ ডিগ্ৰী চেলছিয়াছ, যিটো ঋতুৰ গড়তকৈ ১.৩ ডিগ্ৰী বেছি । আই এম ডিয়ে জনোৱা মতে, সৰ্বোচ্চ উষ্ণতা ১৭ ডিগ্ৰী চেলছিয়াছৰ ওচৰত থকাৰ সম্ভাৱনা আছে । মধ্যমীয়া কুঁৱলীৰ বাবে য়েল্ল এলাৰ্ট জাৰি কৰা হৈছে ।

লগতে পঢ়ক : নয়ডাৰ কেইবাখনো বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি…