দিল্লী, মুম্বাই, চেন্নাই, ত্ৰিবেন্দ্ৰম, হায়দৰাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

দিল্লী, মুম্বাই, চেন্নাই, ত্ৰিবেন্দ্ৰম, হায়দৰাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি…

৫ টা কৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিল্লী বোমা বিস্ফোৰণৰ তদন্ত চলিয়েই আছে, তাৰ মাজতে বুধবাৰে বিয়লি ৩.৩০ বজাত ইণ্ডিগো এয়াৰলাইন্সে পাঁচটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক বোমাৰে উৰুৱাই দিয়া ইমেইল লাভ কৰে। ইণ্ডিগোলৈ প্ৰেৰণ কৰা মেইলত দিয়া ভাবুকিৰ সৈতে পাঁচটা বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকিৰ সম্পৰ্ক

৫ টা কৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

দিল্লী বোমা বিস্ফোৰণৰ তদন্ত চলিয়েই আছে, তাৰ মাজতে বুধবাৰে বিয়লি ৩.৩০ বজাত ইণ্ডিগো এয়াৰলাইন্সে পাঁচটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক বোমাৰে উৰুৱাই দিয়া ইমেইল লাভ কৰে।

ইণ্ডিগোলৈ প্ৰেৰণ কৰা মেইলত দিয়া ভাবুকিৰ সৈতে পাঁচটা বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকিৰ সম্পৰ্ক আছিল।

এই বিমানবন্দৰসমূহ হ’ল দিল্লী, মুম্বাই, চেন্নাই, ত্ৰিবেন্দ্ৰম আৰু হায়দৰাবাদ।এই ভাবুকিৰ ফলত হাহাকাৰ সৃষ্টি হৈছে আৰু তদন্ত আৰম্ভ হৈছে যদিও ইমেইলটোৰ উৎস আৰু পৰিচয় এতিয়াও স্পষ্ট হোৱা নাই।

মুম্বাইৰ পৰা বাৰাণসী অভিমুখী এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমান উৰণৰ মাজভাগতে বোমাৰ ভাবুকি পোৱাৰ পিছতে আতংকৰ সৃষ্টি হয় আৰু এই ঘটনাৰ পিছত লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হাই এলাৰ্ট ঘোষণা কৰা হৈছে।

বিমানখনে জৰুৰীকালীন অৱতৰণ কৰি লগে লগে আইছ’লেশ্যন পথলৈ লৈ যোৱা হয়। সকলো যাত্ৰীক নিৰাপদে উলিয়াই অনা হয়, বোমা নিষ্কাশন দলে বিমানখন ভালদৰে পৰীক্ষা কৰে, কিন্তু এতিয়ালৈকে কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই।

লগতে পঢ়ক: দিল্লী বিস্ফোৰণত জড়িত কাকো ৰেহাই দিয়া নহ’ব…উচ্চস্তৰীয় বৈঠকৰ অন্তত অমিত শ্বাহ