AI ৰ বাবে চাকৰিক লৈ চিন্তিত নেকি ?
এ আইৰ আবিৰ্ভাৱৰ পিছৰে পৰা এফালে ই মানুহক বহু কামত সহায় কৰি আহিছে যদিও আনফালে ই বহু লোকৰ বাবে বিপদৰ সংকেত হৈ পৰিছে । কাৰণ এ আইৰ বাবে বহু লোকে চাকৰি হেৰুৱাইছে । এনে পৰিস্থিতিত এতিয়া মানুহে ভয় খাইছে যে এ আইৰ বাবে তেওঁলোকেও চাকৰি হেৰুৱাব পাৰে । গতিকে এনে পৰিস্থিতিত আপুনি আতংকিত হোৱাৰ প্ৰয়োজন নাই, এই প্ৰতিবেদনত আমি আপোনালোকৰ বাবে এনে কিছুমান চাকৰিৰ নাম লৈ আহিছো, যিবোৰ এ আইয়ে শেষ কৰিব নোৱাৰে ।
স্বাস্থ্যসেৱা-
ৰবটিক অস্ত্ৰোপচাৰৰ আবিৰ্ভাৱৰ পিছতো চিকিৎসা ক্ষেত্ৰৰ মানুহৰ প্ৰয়োজন । চিকিৎসক, নাৰ্ছ আদি পেছাদাৰী ব্যক্তিৰ ঠাই এ আইয়ে ল’ব নোৱাৰে । এনে পৰিস্থিতিত এই ক্ষেত্ৰত কৰ্মৰত লোকসকলে নিজৰ চাকৰিৰ বাবে চিন্তা কৰা উচিত নহয় ।
চাইবাৰ চিকিউৰিটি-
শেহতীয়াকৈ এ আইৰ জৰিয়তে চাইবাৰ আক্ৰমণৰ অধিক ঘটনা সংঘটিত হৈছে । এনে পৰিস্থিতিত ইয়াৰ পৰা হাত সাৰিবলৈ চাইবাৰ সুৰক্ষা বিশেষজ্ঞৰ প্ৰয়োজন হয়, যিটো এ আইয়ে কৰিব নোৱাৰে ।
সৃষ্টিশীল দক্ষতা-
লেখক, ডিজাইনাৰ, চলচ্চিত্ৰ নিৰ্মাতা, সাংবাদিক আদি সৃষ্টিশীল পেছাদাৰী হিচাপে কাম কৰা লোকৰ ঠাই এ আইয়ে ল’ব নোৱাৰে । কাৰণ ইয়াৰ বাবে সৃষ্টিশীল মনৰ প্ৰয়োজন ।
শিক্ষক-
বৰ্তমান মানুহে ভিডিঅ’ৰ জৰিয়তে সম্পূৰ্ণৰূপে অধ্যয়ন কৰিব পাৰিলেও এজন শিক্ষকেহে ছাত্ৰ-ছাত্ৰী চম্ভালিব পাৰে আৰু জীৱনটো কেনেকৈ জীয়াই থাকিব লাগে সেই বিষয়ে শিকাব পাৰে । এনে পৰিস্থিতিত শিক্ষকৰ ঠাই এ আইয়ে ল’ব নোৱাৰে ।
আইনী পেছাদাৰী-
একে সময়তে আইনৰ ক্ষেত্ৰখনৰ লগত জড়িত লোকৰ কামো এ আইয়ে কৰিব নোৱাৰে । উদাহৰণস্বৰূপে, অধিবক্তা আৰু ন্যায়াধীশৰ ঠাই এ আইয়ে ল’ব নোৱাৰে । এই কামত সিদ্ধান্ত ল’ব লাগিব । লগতে সকলো পক্ষৰ কথা শুনিব লাগিব, যিটো এ আইয়ে কৰিব নোৱাৰে ।