চাৰি বছৰৰ মূৰত ন্যায় পালে নন্দিতা শইকীয়াই
অৱশেষত ন্যায় পালে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াই। সুদীৰ্ঘ ৪ বছৰৰ মূৰত ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায় প্ৰদান কৰে।
নন্দিতাৰ প্ৰাণ লোৱা ৰিন্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায় প্ৰদান ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ। মুঠ ৪১ জন সাক্ষীৰ সাক্ষ্যদানৰ অন্তত ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায় আদালতৰ।
উল্লেখ্য যে, ৪ বছৰ পূৰ্বে আজিৰ দিনটোতে অৰ্থাৎ ২১ আগষ্টৰ দিনটোতে মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী গৰাকীক ৰাজপথতে দাৰে আঘাত কৰি হত্যা কৰিছিল মহাবিদ্যালয়খনৰে সহকাৰী লাইব্ৰেৰীয়ান ৰিণ্টু শৰ্মাই।
৪ দিনে মৃত্যুৰে যুঁজি ২৫ আগষ্টত শেষ নিশ্বাস ত্যাগ কৰিছিল নন্দিতাই। তাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছিল ৰিন্টুক।
ধেমাজি আৰক্ষীয়ে ৰিণ্টু শৰ্মাৰ বিৰুদ্ধে আদালতত দাখিল কৰিছিল ৪০০ পৃষ্টাজোৰা চাৰ্জশ্বীট ৷ ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২, ৩২৬, ৩০৭ আৰু ৩০২ নং ধাৰাত দোষী সাব্যস্ত ৰিণ্টু শৰ্মা ৷ ধেমাজি সদৰ থানাত ৰুজু কৰা হৈছিল ৩৯৭/২০২১ নম্বৰত এক গোচৰ ৷
লগতে পঢ়ক: “এই আক্ৰমণে মনোবল ভাঙিব নোৱাৰে”; প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ