অসমত বানৰ ভয়াৱহ ৰূপ: ১২ খন জিলা প্লাবিত, ক্ৰমাৎ ওফন্দিছে ব্ৰহ্মপুত্ৰ-দিখৌৰ বুকু

অসমৰ কেইবাখনো জিলাত জল প্ৰলয়ত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । বানৰ কবলত ৰাজ্যৰ ১২ খনকৈ জিলা ।

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি ক্ৰমান্বয়ে অধিক অৱনতি ঘটা পৰিলক্ষিত হৈছে । ৰাজ্যখনৰ ১২ খন জিলাৰ ১.৭০ লাখতকৈও অধিক লোক এই প্ৰলয়ংকাৰী বানৰ কৱলত পৰিছে । বিগত ২৪ ঘণ্টাত শিৱসাগৰ জিলাৰ আমগুৰি অঞ্চলত বানৰ কবলত পৰি এজন লোকৰ মৃত্যু হয়, যাৰ ফলত চলিত বছৰ অসমত বানপানীত মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা ৫ জনলৈ বৃদ্ধি পাইছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিবেদন অনুসৰি বিশ্বনাথ, কাছাৰ, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, গোলাঘাট, তিনিচুকীয়া, লখিমপুৰ, কাৰ্বি আংলং, শিৱসাগৰ, ওদালগুৰি আৰু যোৰহাটকে ধৰি ১২ খন জিলাৰ ১.৭০ লাখতকৈও অধিক লোক বানৰ কবলত পৰিছে । ইফালে ১০৩৬২.৯০৪ হেক্টৰ কৃষিভূমি এতিয়া বাঢ়নী পানীৰ তলত ।

কেৱল চৰাইদেউ জিলাতে ২৩,৮৯১ জন লোক আৰু ধেমাজি জিলাত ২২,২১৪ জন লোক বানৰ কৱলত পৰিছে ।

বৃদ্ধি পাইছে নদীসমূহৰ জলস্তৰ-

অসমৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ কেইবাটাও অংশত ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ পানীৰ স্তৰ বহু ঠাইত বৃদ্ধি পাবলৈ ধৰিছে ।

দিচাং নদী (চৰাইদেউ): কেন্দ্ৰীয় জল আয়োগৰ অনুসৰি, চৰাইদেউৰ দিচাংপানীত দিচাং নদীয়ে চৰম ৰূপ ধাৰণ কৰিছে । সোমবাৰে পুৱা ৯ বজাত নদীখনে পূৰ্বৰ সৰ্বোচ্চ বানৰ স্তৰ অতিক্ৰম কৰি ০.১০ মিটাৰ ওপৰেৰে (১০৬.৩৬ মিটাৰ উচ্চতাত) বৈ আছিল আৰু ইয়াৰ পানী ক্ৰমাৎ বাঢ়ি আছে ।

বুঢ়ীদিহিং নদী (ডিব্ৰুগড়): ডিব্ৰুগড়ৰ চেনিমাৰী (খোৱাং)ত বুঢ়ীদিহিং নদীৰ পৰিস্থিতি সংকটজনক । আজি পুৱা ৬ বজাত নদীখন বিপদসীমাতকৈ ০.৫৫ মিটাৰ ওপৰেৰে (১০২.৬৬ মিটাৰ উচ্চতাত) ওফন্দি বৈ আছিল ।

ব্ৰহ্মপুত্ৰ নদী (যোৰহাট): যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ ভয়াৱহভাৱে বৃদ্ধি পাইছে । আজি পুৱা ৬ বজাত নদীখনে বিপদসীমাৰ ০.৩৪ মিটাৰ ওপৰেৰে (৮৫.৮৮ মিটাৰ উচ্চতাত) অতিক্ৰম কৰি বৈ আছিল ।

গৌৰাং নদী (কোকৰাঝাৰ): কোকৰাঝাৰত গৌৰাং নদীৰ পানী ক্ৰমান্বয়ে বৃদ্ধি পাই স্বাভাৱিক সীমাৰ ওপৰেৰে বৈ আছে ।

দিখৌ নদী (শিৱসাগৰ): শিৱসাগৰ চহৰত দিখৌ নদীৰ বান পৰিস্থিতি অত্যন্ত ভয়াৱহ। সোমবাৰে পুৱা ৫ বজাত নদীখন বিপদসীমাতকৈ ১.৯৯ মিটাৰ উৰ্ধত (৯৪.৩৯ মিটাৰ উচ্চতাত) বাঢ়ি থকা প্ৰৱণতাৰে বৈ আছিল ।

ধনশিৰি (দক্ষিণ)(গোলাঘাট): গোলাঘাট জিলাৰ নুমলীগড়ত ধনশিৰি (দক্ষিণ) নদীও বিপদজনকভাৱে বৈ আছে ।

ক্ষয়-ক্ষতি আৰু উদ্ধাৰ অভিযান

উল্লেখ্য যে, চলিত বানৰ ঢৌত ৩০ টা ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ৫৮০ খন গাঁও প্ৰভাৱিত হৈছে । বানাক্ৰান্ত অঞ্চলসমূহত উদ্ধাৰ কাৰ্য তীব্ৰতৰ কৰিবলৈ বাহিনী মোতায়েন কৰা হৈছে । উদ্ধাৰ আৰু সাহাৰ্য অভিযান খৰতকীয়া কৰি তোলাৰ লগতে নিয়োজিত কৰা হৈছে NDRF আৰু SDRF ।

লগতে পঢ়ক : উজনিৰ বান পৰিস্থিতি: ৰে’ল যাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত হাহাকাৰ, NHPC-এ এৰি দিলে পানী

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (NHPC) কৰ্তৃপক্ষই বান্ধৰ আটাইকেইখন গেট খুলি পানী এৰি দিবলৈ বাধ্য হৈছে

অৰুণাচল প্ৰদেশত ধাৰাবাহিকভাৱে হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত সোৱণশিৰি নদীৰ জলপৃষ্ঠই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । পৰিস্থিতি চম্ভালিব নোৱাৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (NHPC) কৰ্তৃপক্ষই বান্ধৰ আটাইকেইখন গেট খুলি পানী এৰি দিবলৈ বাধ্য হৈছে । যাৰ ফলত নামনি অংশত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

চাইৰেন বজাই জাৰি কৰা হৈছে হাই এলাৰ্ট

প্ৰকল্পটোৰ পৰা অস্বাভাৱিক হাৰত পানী এৰি দিয়াৰ লগে লগে নদীৰ দুয়োপাৰৰ অঞ্চলসমূহত তীব্ৰ আতংকই বিৰাজ কৰিছে । NHPC কৰ্তৃপক্ষই ইতিমধ্যে জৰুৰীকালীন চাইৰেন বজাই সমগ্ৰ অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰিছে । যিকোনো মুহূৰ্ততে এক ভয়ংকৰ জলপ্লাৱনৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে ।

প্ৰশাসনৰ জৰুৰী আহ্বান: সোৱণশিৰি নদীৰ দাঁতিকাষৰীয়া তথা নৈ-পৰীয়া লোকসকলক অতি জৰুৰীভাৱে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে । সম্ভাৱ্য বিপদৰ পৰা বাচিবলৈ বৰ্তমানৰ স্থান পৰিত্যাগ কৰি তৰিৎ গতিত সুৰক্ষিত তথা ওখ স্থানত আশ্ৰয় ল’বলৈ আহ্বান জনোৱা হৈছে ।

এই জিলাসমূহত অধিক ভয়াৱহ পৰিস্থিতিৰ আশংকা

NHPC-ৰ পানীয়ে নামনিৰ কেইবাখনো জিলালৈ বিপৰ্যয় নমাই অনাৰ পূৰ্ণ সম্ভাৱনা আছে । বিশেষকৈ তলত উল্লেখ কৰা অঞ্চলসমূহত সৰ্বোচ্চ সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে: ধেমাজি, লখিমপুৰ, মাজুলী, বিহপুৰীয়া

জনসাধাৰণলৈ অনুৰোধ

নৈ-পৰীয়া ৰাইজক এই সময়ছোৱাত নদীৰ বুকুলৈ নাযাবলৈ, গৰু-মহ আদি পশুধনক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ আৰু চৰকাৰী নিৰ্দেশনাসমূহ পালন কৰিবলৈ অনুৰোধ জনোৱা হৈছে । পৰিস্থিতিৰ ওপৰত জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বাহিনীয়ে তীক্ষ্ণ নজৰ ৰাখিছে ।

লগতে পঢ়ক : আকৌ দিছে বৰষুণ, মহানগৰীত হাহাকাৰ পৰিস্থিতি!

ধেমাজিত অবৰ্ণনীয় পৰিস্থিতি; বানাক্ৰান্তক কেন্দ্ৰীয় চৰকাৰৰ সাহায্যৰ আশ্বাস

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে অসমৰ বানপীড়িত অঞ্চলসমূহৰ জৰীপ কৰি ধেমাজিত সাহায্যৰ কামৰ পৰ্যালোচনা কৰে। বানপিড়িত অঞ্চলসমূহত সহায়ৰ আশ্বাস দিয়ে।

বুধবাৰে, ১ জুলাইত অসমৰ বান পৰিস্থিতি অধিক অৱনতি ঘটে আৰু চাৰিখন জিলাৰ প্ৰায় ৫০,০০০ লোক বানৰ কবলত পৰে। ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে বানাক্ৰান্ত ৰাজ্যখনত সাহায্য, পুনৰ্সংস্থাপন আৰু পুনৰ্নিৰ্মাণ কাৰ্যৰ বাবে সম্পূৰ্ণ সহায়ৰ আশ্বাস প্ৰদান কৰে।

অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ মতে, বিশ্বনাথ, ধেমাজি, ডিব্ৰুগড় আৰু নলবাৰী জিলাৰ ৪৮,৫০০ লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে। ধেমাজি জিলা আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে, য’ত ৪৪,০০০ তকৈও অধিক লোক প্ৰভাৱিত হৈছে। ইয়াৰ পিছতে ডিব্ৰুগড়ত প্ৰায় ৪,০০০ আৰু বিশ্বনাথত প্ৰায় ৫০০ লোক বানৰ কবলত পৰিছে।

কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সৈতে ধেমাজি জিলাৰ কেইবাটাও বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে, আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ আকাশী মাৰ্গেৰে জৰীপ চলায় আৰু অসমৰ মন্ত্ৰী তথা জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

ধ্বংসলীলাৰ মাত্ৰা অতি ভয়াৱহ বুলি বৰ্ণনা কৰি চৌহানে কয় যে ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হৈছে, পথসমূহ উটুৱাই লৈ গৈছে, বিদ্যুৎ আন্তঃগাঁথনি ধ্বংস হৈছে, খেতি পানীৰ তলত বুৰ গৈছে আৰু পোহনীয়া জীৱ-জন্তুৰ মৃত্যু হৈছে।

বানাক্ৰান্ত পৰিয়ালসমূহৰ সৈতে বাৰ্তালাপ কৰাৰ পিছত আৰু সাহায্য অভিযানৰ পৰ্যালোচনা কৰি শিৱৰাজ সিং চৌহানে কয়, “বিপদ বহু ডাঙৰ আৰু আমি ইয়াৰ ভয়াৱহতা প্ৰত্যক্ষ কৰিছোঁ। বৰ্তমানৰ প্ৰথম অগ্ৰাধিকাৰ হ’ল স্বাভাৱিক অৱস্থা ঘূৰাই অনা আৰু মানুহৰ জীৱন পুনৰ গঢ়ি তোলা।”

কেন্দ্ৰৰ পৰা সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দি চৌহানে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ অসমৰ ৰাইজৰ সৈতে দৃঢ়তাৰে থিয় দিছে আৰু সাহায্য, উদ্ধাৰ তথা পুনৰ্নিৰ্মাণৰ বাবে সম্ভৱপৰ সকলো ধৰণৰ সাহায্য আগবঢ়াব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বান ক্ষয়-ক্ষতিৰ এক অন্তৱৰ্তীকালীন প্ৰতিবেদন প্ৰধানমন্ত্ৰীক দাখিল কৰা হ’ব আৰু একে সময়তে এক বিতং মূল্যায়নো কৰা হ’ব।

তেওঁ কয়, “ক্ষয়-ক্ষতিৰ পৰিমাণ বহুত ডাঙৰ। ঘৰ-দুৱাৰ নষ্ট হৈছে, পথ উটি গৈছে, বিদ্যুতৰ খুঁটা উভালি পৰিছে, ধানখেতি নষ্ট হৈছে আৰু ঘৰচীয়া জীৱ-জন্তু মৃত্যুমুখত পৰিছে। সকলো বস্তুৰে বিতংভাৱে জৰীপ কৰা হ’ব।”

চৌহানে লগতে কয় যে অসম চৰকাৰে ইতিমধ্যে ক্ষয়-ক্ষতিৰ মূল্যায়ন আৰম্ভ কৰিছে আৰু ৰাজ্যখনৰ ক্ষিপ্ৰ সঁহাৰিক প্ৰশংসা কৰি কয় যে উদ্ধাৰ অভিযানে বহু লোকৰ জীৱন ৰক্ষা কৰাত সহায় কৰিছে।

তেওঁ উল্লেখ কৰে যে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (SDRF) ব্যৱহাৰ কৰি তাৎক্ষণিক সাহায্য অভিযান চলাই থকা হৈছে, আনহাতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি (NDRF)য়ে অসম আৰু চুবুৰীয়া অৰুণাচল প্ৰদেশ দুয়োখন ৰাজ্যকে পৰ্যাপ্ত বিত্তীয় সাহায্য প্ৰদান কৰিব।

ASDMA-ই জনোৱা মতে, কৰ্তৃপক্ষই বৰ্তমান দুখন জিলাত ১৩ টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ চলাই আছে, য’ত ১৫৩ জন আশ্ৰয়হীন লোকে আশ্ৰয় লৈ আছে।

NDRF আৰু SDRF-ৰ উদ্ধাৰকাৰী দলে ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ৭১৩ জন লোকক উদ্ধাৰ কৰিছে। বিগত ২৪ ঘণ্টাত ৰাজ্যখনে বানাক্ৰান্ত পৰিয়ালসমূহৰ মাজত ২৯০.৯৫ কুইণ্টল চাউল, ৫১.২৩ কুইণ্টল দাইল, ১৫.৩৫ কুইণ্টল নিমখ আৰু ১,৫৩৫.৪৯ লিটাৰ সৰিয়হৰ তেল বিতৰণ কৰিছে।

দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে জনোৱা মতে, ১৭৯ খন গাঁও এতিয়াও পানীৰ তলত বুৰ গৈ আছে, আনহাতে ২,১১৭.৩৪ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানপানীয়ে কেইবাখনো জিলাত মথাউৰি, পথ, দলং আৰু অন্যান্য ৰাজহুৱা আন্তঃগাঁথনিও ক্ষতিগ্ৰস্ত কৰিছে।

ব্ৰহ্মপুত্ৰ নদীৰ পানী নিয়ামতিঘাটত বিপদসীমাৰ ওপৰেৰে বৈ আছে, আনহাতে বানপানীয়ে ৰাজ্যজুৰি ৮২,৮৮৩ টাতকৈও অধিক পোহনীয়া জন্তু আৰু কুকুৰা-হাঁহ আদি প্ৰভাৱিত কৰিছে।

চৌহানে লগতে সতৰ্ক কৰি দিয়ে যে এইবাৰ এল নিনো (El Niño)ৰ প্ৰভাৱে অসমত প্ৰভাৱ পেলাব পাৰে, যাৰ পূৰ্বানুমান অনুসৰি ১২ খন জিলাই প্ৰতিকূল বতৰৰ সন্মুখীন হ’ব পাৰে। ইয়াৰ বাবে তাৎক্ষণিক আৰু দীৰ্ঘম্যাদী দুয়োটা ধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন হ’ব।

লগতে পঢ়ক: অবৈধ কাঠ মিলৰ বিৰুদ্ধে এক্সন মুডত বন বিভাগ, মুকলি বিশেষ অভিযোগ নম্বৰ

ধেমাজিৰ ভয়াৱহ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত আৰু সুশান্ত বৰগোহাঁইৰ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দুয়োগৰাকীয়ে মন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ ল’বলৈ সোমবাৰে বান বিধ্বস্ত ধেমাজিত উপস্থিত হয়

ধেমাজিৰ ভয়াৱহ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত আৰু সুশান্ত বৰগোহাঁইৰ । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰৰ দুয়োগৰাকীয়ে মন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ ল’বলৈ সোমবাৰে বান বিধ্বস্ত ধেমাজিত উপস্থিত হয় । অসম-অৰুণাচল প্ৰদেশ সীমান্তত ধাৰাবাহিক বৰষুণৰ ফলত সৃষ্টি হোৱা বান আৰু গৰাখহনীয়া পৰিস্থিতি সন্দৰ্ভত জোনাইত জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এক পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে দুয়োগৰাকীয়ে ।

মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু কেশৱ মহন্তৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত প্ৰভাৱিত অঞ্চলসমূহত চলি থকা সাহায্য আৰু পুনৰ্বাসন কাৰ্যসূচীৰ পৰ্যালোচনা কৰা হয় । মন্ত্ৰীদ্বয়ে জিলা প্ৰশাসনৰ বিষয়াসকলক অত্যাৱশ্যকীয় সামগ্ৰী, স্বাস্থ্য সেৱা আৰু আশ্ৰয় শিবিৰত থকা পৰিয়ালসমূহক সময়মতে সহায় আগবঢ়োৱাৰ বাবে নিৰ্দেশ দিয়ে ।

লগতে, তেওঁলোকে বান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ আৰু ফলপ্ৰসূ দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে বিভাগসমূহৰ মাজত সমন্বয় শক্তিশালী কৰিবলৈ বিষয়াসকলক কঠোৰ নিৰ্দেশ দিয়ে ।

এই পৰ্যালোচনা বৈঠকত সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক প্ৰশান্ত ফুকন, ভূৱন পেগু তথা জীৱন গগৈৰ লগতে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সদস্যসকলে অংশগ্ৰহণ কৰে ।

অব্যাহত থকা ধাৰাষাৰ বৰষুণ আৰু নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ সময়তে এই বৈঠক অনুষ্ঠিত হৈছে, যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সমগ্ৰ অসমৰ বানাক্ৰান্ত অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ।

লগতে পঢ়ক : শিৱসাগৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰৰ বৃহৎ প্ৰকল্পৰ পৰিকল্পনা

ধেমাজিত প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ; উদ্বিগ্ন মুখ্যমন্ত্ৰী

অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এতিয়া ধেমাজিত বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। চিমেন নদীয়ে উটুৱাই নিলে ধেমাজি-জোনাই সংযোগী ৰে’ল দলং।

অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।  নিম্ন সোৱণশিৰি জিলাৰ ছিজি ব্লক পইণ্টত এক বৃহৎ ভূমিস্খলনৰ ফলত ছিজি নদীৰ প্ৰবাহ বন্ধ হৈ পৰিছে। ইয়াৰ ফলত নদীখনৰ উজনি অংশত পানী জমা হৈছে, যাৰ ফলত নামনিৰ অঞ্চলসমূহত হঠাতে পানী এৰি দিয়াৰ প্ৰশাসনে আশংকা প্ৰকাশ কৰিছে।

লিকাবালিৰ পৰা ১৪ কিলোমিটাৰ ওপৰত মাগি নামৰ ঠাইত এই ঘটনাটো সংঘটিত হৈছে। প্ৰশাসনে নদীৰ পাৰত থকা লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু নদীৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে।

অৰুণাচল প্ৰদেশত হোৱা বৰষুণৰ ফলত ধেমাজিৰ চিলাপথাৰত চিমেন নৈৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। খহনীয়াৰ কবলত কৰিছে দীপাৰ ৰে’লৱে দলং।যাৰ ফলত দলংখনৰ এটা অংশ খহি পৰিছে।

খৰস্ৰোতা চিমেন নদীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে।চিমেন নদীৰ বানে ধেমাজি-জোনাই সংযোগী ৰে’ল দলং উটুৱাই নিয়াৰ ফলত ব্যাহত হৈছে ৰে’ল যাতায়াত।

ধেমাজিৰ বান পৰিস্থিতিক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী গৰাকীয়ে ঘটনাস্থলীলৈ মন্ত্ৰী সুশান্ত বৰগোঁহাই, কেশৱ মহন্তক যোৱাৰ নিৰ্দেশ দিছে।মুখ্যমন্ত্ৰী গৰাকীয়ে ধেমাজিত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ প্ৰতি তীক্ষ্ণ দৃষ্টিও ৰাখিছে।  

লগতে পঢ়ক: অৰুণাচলত প্ৰলয়ংকাৰী বান; অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি

চাৰি বছৰৰ মূৰত ন্যায় পালে নন্দিতা শইকীয়াই; ৰিন্টু শৰ্মাক  মৃত্যুদণ্ডৰ ৰায়

চাৰি বছৰৰ মূৰত ন্যায় পালে নন্দিতা শইকীয়াই

অৱশেষত ন্যায় পালে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াই। সুদীৰ্ঘ ৪ বছৰৰ মূৰত ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায় প্ৰদান কৰে।

নন্দিতাৰ প্ৰাণ লোৱা  ৰিন্টু শৰ্মাক  মৃত্যুদণ্ডৰ ৰায় প্ৰদান ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ। মুঠ ৪১ জন সাক্ষীৰ সাক্ষ্যদানৰ অন্তত ৰিণ্টু  শৰ্মাক  মৃত্যুদণ্ডৰ ৰায় আদালতৰ।  

উল্লেখ্য যে, ৪ বছৰ পূৰ্বে আজিৰ দিনটোতে অৰ্থাৎ ২১ আগষ্টৰ দিনটোতে মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী গৰাকীক ৰাজপথতে দাৰে আঘাত কৰি হত্যা কৰিছিল মহাবিদ্যালয়খনৰে সহকাৰী লাইব্ৰেৰীয়ান ৰিণ্টু শৰ্মাই।

৪ দিনে মৃত্যুৰে যুঁজি ২৫ আগষ্টত শেষ নিশ্বাস ত্যাগ কৰিছিল নন্দিতাই। তাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছিল ৰিন্টুক।

ধেমাজি আৰক্ষীয়ে ৰিণ্টু শৰ্মাৰ বিৰুদ্ধে আদালতত দাখিল কৰিছিল ৪০০ পৃষ্টাজোৰা চাৰ্জশ্বীট ৷ ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২, ৩২৬, ৩০৭ আৰু ৩০২ নং ধাৰাত দোষী সাব্যস্ত ৰিণ্টু শৰ্মা ৷ ধেমাজি সদৰ থানাত ৰুজু কৰা হৈছিল ৩৯৭/২০২১ নম্বৰত এক গোচৰ ৷

লগতে পঢ়ক: “এই আক্ৰমণে মনোবল ভাঙিব নোৱাৰে”; প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ