ভূমিকম্পত বিধ্বস্ত আফগানিস্তানলৈ ভাৰতে আগবঢ়ালে সহায়ৰ হাত
দেওবাৰে গভীৰ নিশা পূব আফগানিস্তানত সংঘটিত হোৱা ৬.০ প্ৰাবল্যৰ ভূমিকম্পই ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে । শেহতীয়া তথ্য অনুসৰি এই পৰ্যন্ত এহেজাৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনি হাজাৰৰো অধিক লোক আহত হৈছে । ক্ষতিগ্ৰস্ত অঞ্চলসমূহত যুদ্ধকালীন গতিত সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে যদিও পৰিস্থিতি অতি ভয়াৱহ হৈয়ে আছে । আফগানিস্তানত এই শোকাৱহ পৰিস্থিতিৰ মাজতে ভাৰতে তাৎক্ষণিক সহায়ৰ কথা ঘোষণা কৰিছে । সোমবাৰে আফগান বৈদেশিক মন্ত্ৰী মৌলৱী আমিৰ খান মুত্তাকীৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে বাৰ্তালাপ কৰি আশ্বাস দিয়ে যে এই কঠিন সময়ত ভাৰত আফগান জনসাধাৰণৰ সৈতে থিয় দিছে ।
জয়শংকৰে ছ’চিয়েল মিডিয়াত লিখিছে, আফগানিস্তানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে কথা পাতিলো । ভূমিকম্পত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰো । ভাৰতে আজি কাবুললৈ ১০০০টা পৰিয়ালৰ বাবে তম্বু ডেলিভাৰী কৰিছে । ভাৰতীয় মিছনে কাবুলৰ পৰা কুনাৰলৈ ১৫ টন খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে । কাইলৈৰ পৰা ভাৰতৰ পৰা অধিক সাহায্য সামগ্ৰী যাত্ৰা কৰিব । আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ । প্ৰতিটো পৰিস্থিতিত ভাৰত আফগানিস্তানৰ লগত আছে ।
Spoke with Afghan Foreign Minister Mawlawi Amir Khan Muttaqi today. Expressed our condolences at the loss of lives in the earthquake.
— Dr. S. Jaishankar (@DrSJaishankar) September 1, 2025
Conveyed that India has delivered 1000 family tents today in Kabul. 15 tonnes of food material is also being immediately moved by Indian Mission… pic.twitter.com/whO2iTBjS8
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা-
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমিকম্পত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰে । তেওঁ এক্সত লিখিছে, আফগানিস্তানত হোৱা ভূমিকম্পৰ ফলত জীৱন আৰু সম্পত্তিৰ ক্ষতিক লৈ গভীৰ দুখ প্ৰকাশ কৰিছোঁ । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো । ভাৰতবৰ্ষই সকলো ধৰণৰ মানৱীয় সাহায্য প্ৰদান কৰিবলৈ সাজু ।
উল্লেখ্য যে, ভূমিকম্পৰ ফলত আফগানিস্তানৰ পূব প্ৰদেশত সৰ্বাধিক ক্ষতিসাধন হৈছে । বহু গাঁও সম্পূৰ্ণৰূপে ধ্বংস হৈছে । বৃহৎ সংখ্যক ঘৰ ধ্বংসাৱশেষলৈ পৰিণত হোৱাৰ লগতে সাহায্য দলসমূহে অহৰহ ধ্বংসাৱশেষ আঁতৰোৱাৰ কামত নিয়োজিত হৈ আছে । চিকিৎসালয়সমূহত আহত লোকৰ ভিৰ হোৱাৰ লগতে তাত ঔষধ আৰু চিকিৎসা সঁজুলিৰ বিপুল নাটনি হৈছে ।
লগতে পঢ়ক : চুডানত ভয়ংকৰ ভূমিস্খলন… মাটিৰ তলত সম্পূৰ্ণৰূপে পোত গ’ল এখন গাঁও