জামিন আবেদন নাকচ নন্দিনী কাশ্যপৰ
অভিনেত্ৰী নন্দিনী কাশ্যপৰ জামিন নাকচ কৰিলে কামৰূপৰ CJM আদালতে।বুধবাৰে বিয়লি আদালতত হাজিৰ কৰোৱা হৈছিল নন্দিনীক। অভিনেত্ৰী গৰাকীক ৫ দিনৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে।
কিন্তু CJM আদালতে দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে নন্দিনীক।দুদিনৰ পিছত পুনৰ অভিনেত্ৰীগৰাকীক হাজিৰ কৰোৱা হ’ব আদালতত।
উল্লেখযোগ্য যে, ২৫ জুলাইৰ নিশা অভিনেত্ৰী নন্দিনীয়ে নিজৰ তীব্ৰ বেগী বলেৰ’ বাহনেৰে খুন্দিয়াই গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত কৰিছিল ২১ বছৰীয়া ছামিউল হকক।
৫ দিনে জীৱন-মৃতুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ছামিউলে।তাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হয় অভিনেত্ৰী নন্দিনীক।
বৰ্তমান ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত চলাই আছে।যদি অভিনেত্ৰী গৰাকী দোষী সাব্যস্ত হয় তেন্তে ১০ বছৰ অথবা যাৱজ্জীৱন কাৰাদণ্ডও হ’ব পাৰে অভিনেত্ৰী গৰাকীৰ।
লগতে পঢ়ক: ‘অৱতাৰ ৩’ৰ ট্ৰেইলাৰ মুকলি; পেণ্ডোৰাৰ জগতত দেখা গ’ল বিপজ্জনক খলনায়ক