অভিনেতা ৰবি শৰ্মাৰ ক্ষোভ
জুবিন গাৰ্গৰ মৃত্যুত শোকত ভাগি পৰাৰ লগতে সকলোৱে এতিয়া এই ঘটনাৰ পানী নসৰকা তদন্ত ঘোষণা কৰাৰ লগতে দোষীক উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে । ইয়াৰ মাজতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ সৰৱ হৈ পৰাৰ লগতে ক্ষোভ ব্যক্ত কৰিছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই । জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো কেনেকৈ ছিংগাপুৰত নৰ্থ ইষ্ট ভেষ্টিভেল চলি আছিল বুলি প্ৰশ্ন উত্থাপন কৰে অভিনেতাজনে ।
ৰবি শৰ্মাই কয়,”এটা কথা সহ্য কৰিব পৰা নাই হয়তো কেতিয়াও নোৱাৰিম । জুবিন গাৰ্গৰ দৰে এটা সত্তা, হিমাৰ আমঠু এজন নাইকিয়া হৈ যোৱাৰ পাছতো, যিজন মানুহৰ নাম লৈ, উত্তৰ-পূৱৰ নামত ছিংগাপুৰত এটা ফেষ্টিভেল চলাব খুজিছে সেই মানুহজন নাইকীয়া হৈ যোৱাপ পাছত নৰ্থ ইষ্ট ফেষ্টিভেল চলি থাকে কেনেকৈ । এই ঘটনাটোক মই তীব্ৰ গৰিহণা দিছোঁ আৰু মই জীৱনত ক্ষমা নকৰোঁ । আমাৰ জাতিটোৰ আৱেগ, জাতিটোৰ পৰিচয় নাইকীয়া হৈ যোৱাৰ পাছত সেই মানুহজন নাইকীয়া হৈ যোৱাৰ পাছত কোনোবাই তেওঁৰ বেহা চলাই থাকে সেইটো কিন্তু জাতিদ্ৰোহ আৰু জাতিদ্ৰোহৰ কোনো ক্ষমা নাই ।“
ইফালে জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ কপিৰাইট অসমৰ মানুহে কাকো নিবলৈ নিদিয়ে বুলি মন্তব্য কৰে ৰবি শৰ্মাই । জুবিন গাৰ্গৰ সষ্টিৰাজিৰ কপিৰাইট আৰু তেওঁৰ সকলো সম্পত্তি শিল্পীজনৰ পৰিয়ালৰ ওচৰতেই থাকিব লাগিব বুলি মন্তব্য কৰে অভিনেতাজনে ।
লগতে পঢ়ক : ৰৈ ৰৈ বিনালেৰ কথা কি কৈছিল জুবিন গাৰ্গে… গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য